ETV Bharat / state

উৎকট গৰমে দহিছে ৰাজ্যবাসীক

author img

By

Published : Aug 22, 2022, 9:45 PM IST

Sun on the hot Seat in Assam
উৎকট গৰমে দহিছে ৰাজ্যবাসীক

সূৰ্যৰ প্ৰচণ্ড তাপত দুৰ্ভোগ ভুগিছে ৰাজ্যবাসীয়ে ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আজিৰ দিনটোত গুৱাহাটীত তাপমাত্ৰা সৰ্বোচ্চ ৩৬.৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ (Heat in Guwahati)।

গুৱাহাটী, ২২ আগষ্ট: উৎকট গৰমে দহিছে ৰাজ্যবাসীক (Sun on the hot Seat in Assam) ৷ সূৰ্যদেৱতাৰ প্ৰকোপে দহিছে সমগ্ৰ ৰাজ্য । সূৰ্যৰ প্ৰচণ্ড তাপত ত্ৰস্তমান জনসাধাৰণ ৷ ৰাজ্যত বিগত কেইবাদিন ধৰি অত্যধিক গৰমৰ বাবে স্বাভাৱিক জীৱন-যাত্ৰা এক প্ৰকাৰে ব্যাহত হৈ পৰিছে ৷ জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত গোলকীয় উষ্ণতাৰ বিৰূপ প্ৰভাৱ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো পৰিছে ৷

গৰমৰ পৰা হাত সাৰিবলৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱেই শীতল পানীয়, ডাব নাৰিকলৰ বিপণীত ভিৰ কৰিছে (Extreme Heat in assam) ৷ লক্ষণীয় যে, আগষ্ট মাহত ৰাজ্যৰ উষ্ণতা ৩৮ ডিগ্ৰী চেলছিয়াছ স্পর্শ কৰিছে ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আজিৰ দিনটোত গুৱাহাটীত তাপমাত্ৰা সৰ্বোচ্চ ৩৬.৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ডিগ্ৰী চেলছিয়াছ (Heat in Guwahati)।

ঠিক একেদৰেই যোৱা তিনিদিনত গুৱাহাটীৰ তাপমাত্ৰা আছিল ১৯ আগষ্টত তাপমাত্ৰ সৰ্বোচ্চ ৩৭.৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭.৫ ডিগ্ৰী চেলছিয়াছ, ২০ আগষ্টত ৩৬.৮ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫.৯ ডিগ্ৰী চেলছিয়াছ, ২১ আগষ্টত ৩৬.৮ ডিগ্ৰী চেলছিয়াছ আৰু ২৬.৯ ডিগ্ৰী চেলছিয়াছ । ইফালে অসমত বৰষুণৰ মাত্ৰাও অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ৷

ৰ’দৰ প্ৰকোপত বাহিৰলৈ ওলাবলৈ এতিয়া এশবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । কোনোৱে যদি ডাবৰ পানী, নেমু চৰ্বত খাই দেহ শীতল কৰিছে, আন কোনোৱে আকৌ ছাতি লৈ ৰ’দ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰয়াস কৰিছে । এই প্ৰচণ্ড গৰমত এজাক বৰষুণে হে কিছু সকাহ দিব পাৰিব ৰাজ্যবাসীক ।

লগতে পঢ়ক: কলিয়াবৰত উৎকট গৰমত প্ৰাণ হেৰুৱালে এজনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.