ETV Bharat / state

বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে অহা ২৮-২৯ মাৰ্চত দেশজোৰা সাধাৰণ ধৰ্মঘট

author img

By

Published : Mar 25, 2022, 10:23 PM IST

বিজেপি চৰকাৰৰ একাংশ নীতিৰ বিৰুদ্ধে ২৮-২৯ মাৰ্চত দেশজোৰা সাধাৰণ ধৰ্মঘট (strike against BJP government's policies ) ৷ সবিশেষ জানো আহক ৷

strike against BJP government's policies
বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে অহা ২৮-২৯ মাৰ্চত দেশজোৰা সাধাৰণ ধৰ্মঘট

গুৱাহাটী, ২৫ মাৰ্চ : বিজেপি চৰকাৰৰ শ্ৰম বিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ২৮-২৯ মাৰ্চৰ দেশজোৰা সাধাৰণ ধৰ্মঘট অসমতো সফল কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত সম্বোধন কৰে যৌথ মঞ্চৰ বীৰেন শৰ্মাই ৷

তেওঁ অহা ৮-২৯ মাৰ্চৰ দিনা দোকান -পোহাৰ, যানবাহন,বানিজ্যিক প্ৰতিষ্ঠান, কল কাৰখানা, ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান, তৈলখণ্ড সৰ্বস্তৰৰ শ্ৰমিক - কৰ্মচাৰীক ধৰ্মঘট সফল কৰিবলৈ আহ্বান জনায় (strike across country against BJP government) । ধৰ্মঘটৰ দুদিনত জৰুৰী সেৱা, পৰীক্ষাৰ্থী সকলক ৰেহাই দিয়া হব বুলিও জনায় তেওঁ ।

বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে অহা ২৮-২৯ মাৰ্চত দেশজোৰা সাধাৰণ ধৰ্মঘট

তেওঁ লগতে জানিবলৈ দিয়ে যে, এই কাৰ্যসূচীত আছে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আৰু শ্রমিক বিৰোধী শ্ৰম সংহিতা (কোড) বাতিল কৰা, বিদ্যুৎ (সংশোধনী) বিল-২০২১ বাতিল কৰা, ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা ৷

ইয়াৰ লগতে, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকীক খাদ্য আৰু উপাৰ্জনৰ নিৰিখত মাহিলি ৭৫০০/- টকা আদায় দিয়া, এম.এন.ৰেগাৰ পাৰিশ্ৰমিকৰ হাৰ বৃদ্ধি কৰা, চহৰ অঞ্চলতো নিয়োগ প্রতিশ্রুতি আঁচনি লাঘু কৰা আদি দাবীত তেওঁলোকে দুদিনীয়া এই সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে ।

একেদৰে, শ্ৰমিকৰ ন্যূনতম মজুৰি দৈনিক ৮০০ টকা ধার্য (increase in Minimum wages of labour) কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা, সমান কামত সমান মজুৰি প্ৰদান কৰা, অঙ্গনবাড়ী, বন্ধন কর্মী, আশা কৰ্মী আৰু অন্যান্য আঁচনিভুক্ত শ্রমিক কৰ্মীৰ বাবে মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মটৰ শ্ৰমিক সহ সকলো অসংগঠিত শ্রমিকৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা, অতিমাৰী সংক্রান্ত কামৰ ক্ষেত্ৰত আগশাৰীৰ স্বাস্থ্য কৰ্মীৰ বাৱে সুৰক্ষা আৰু বীমা নিশ্চিত কৰা আদি বিষয়ো সন্নিবিষ্ট হৈ আছে ৷

লগতে পঢ়ক : অখিল গগৈয়ে কৰিলে আন এক ভৱিষ্যৎবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.