ETV Bharat / state

Street vending zone: বিকল্প স্থান নিদিয়াকৈ উচ্ছেদ বন্ধৰ দাবী পদপথ ব্যৱসায়ী সংস্থাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:08 PM IST

বিকল্প স্থান নিদিয়ালৈকে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত পদপথ ব্যৱসায়ী সকলক ব্যৱসায় কৰিব দিবলৈ দাবী । শীঘ্ৰে গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা নকৰিলে প্ৰতিবাদৰ হুংকাৰ ।

street vendors against eviction in Guwahati
পদপথ ব্যৱসায়ী সংস্থা অসম

পদপথ ব্যৱসায়ী সংস্থা অসম

গুৱাহাটী, ২৮ আগষ্ট: বিকল্প স্থান নিদিয়াকৈ উচ্ছেদ বন্ধৰ দাবী পদপথ ব্যৱসায়ী সংস্থা, অসমৰ । এই সংস্থাটোৱে বিকল্প স্থান নিদিয়ালৈকে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত পদপথ ব্যৱসায়ীসকলক ব্যৱসায় কৰিবলৈ দিবলৈ দাবী জনাইছে । গুৱাহাটী পৌৰ নিগমে স্বাধীনতা দিৱসৰ গইনা লৈ কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথ ব্যৱসায়ী সকলক উচ্ছেদ কৰাৰ পিছতে পানীত হাঁহ নচৰা অৱস্থা হৈছে ১৬০ টা পৰিয়ালৰ ।

পদপথ ব্যৱসায়ী সংস্থা,অসমৰ সভাপতি চন্দন গোস্বামীয়ে এই সন্দৰ্ভত কয়,"কটন বিশ্ববিদ্যালয়ৰ সন্মুখত থকা পদপথৰ দোকানবোৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহুৰ্তত ১৩ আগষ্টত নিৰাপত্তাৰ বিষয়ক লৈ উচ্ছেদ কৰি দিয়া হৈছিল । ইয়াৰ পিছত সেই স্থানত দোকানবোৰ দিবলৈ দিয়া নাই । গুৱাহাটী পৌৰ নিগমৰ মেয়ৰক সাক্ষ্যৎ কৰি বিকল্প স্থান নিদিয়ালৈ সেই স্থানত ব্যৱসায় কৰিবলৈ দিবলৈ আহ্বান জনাইছো । পৰৱৰ্তী সময়ত বিকল্প স্থান দিলে সেই স্থানলৈ গৈ পৌৰ নিগম সহযোগ কৰিম বুলি কৈছো যদিও সেই স্থানত ব্যৱসায়ী কৰিবলৈ দিয়া নাই ।"

তেওঁ পুনৰ কয় যে সেই স্থানত প্ৰায় ৮০ খনকৈ দোকান আছে । এখন দোকানৰ লগত দুটাকৈ পৰিয়াল জড়িত হৈ আছে । বিগত ১৫ দিন দোকান বন্ধ হৈ পৰাত ১৬০ টা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । অতি শীঘ্ৰে যদি বিকল্প স্থান নিদিয়াকৈ সেই স্থানত ব্যৱসায় কৰিবলৈ নিদিলে তেওঁ তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথৰ দাঁতিত পদপথ ব্যৱসায়ী সকলক ব্যৱসায় কৰিবলৈ দিবলৈ আহ্বান জনাইছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে । শীঘ্ৰে পদপথ ব্যৱসায়ী সকলক ব্যৱসায় কৰিবলৈ দিবলৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । তদুপৰি ১৫ আগষ্টৰ দুদিন পিছতো ব্যৱসায়ী কৰিবলৈ নিদিয়াত প্ৰায় পাঁচ শতাধিক কটনিয়ানৰ স্বাক্ষৰিত স্মাৰক প্ৰত্ৰ মেয়ৰ মৃগেণ শৰণীয়াক প্ৰদান কৰিছিল । তাৰ পিছতো বৰ্তমানলৈ ব্যৱসায় কৰিবলৈ দিয়া নাই পৌৰ নিগমে ।

লগতে পঢ়ক:Flood at Rangapara: ৰঙাপৰাত বেঙেনাজুলি নৈৰ তাণ্ডৱ; বানৰ কৱলত বিদ্যালয়, বহু বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.