ETV Bharat / state

দহ লক্ষাধিক টকাৰ চুৰি মোবাইল উদ্ধাৰ

author img

By

Published : Apr 28, 2022, 5:08 PM IST

Stolen mobile phones recovered by Bhagaduttapur Police Outpost
১০ লক্ষাধিক টকাৰ চুৰি মোবাইল উদ্ধাৰ

মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী অভিযানত জব্দ 10 লক্ষাধিক টকাৰ মোবাইল ফোন ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি চোৰক (Stolen mobiles recovered)।

গুৱাহাটী, 28 এপ্ৰিল: মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী চকীৰ বৃহৎ সফলতা । ভগদত্তপুৰ আৰক্ষীৰ নেতৃত্বত নলবাৰী জিলাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত বুধবাৰে অভিযান চলাই ৭৯ টা ANDROID MOBILE PHONE জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে তিনি চোৰক (Stolen mobiles recovered)। ধৃত চোৰ কেইটা হৈছে ক্ৰমে আব্বাচ আলী, বেদেনউদ্দিন আলী আৰু এগৰাকী মহিলা জৰিনা বেগম (Thief arrested in Nalbari)।

ইফালে, আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বিগত ১১ এপ্ৰিলৰ নিশা কাহিলীপাৰা জোনাকপুৰৰ গুম্বী চফটোৱেৰ প্ৰাইভেট লিমিটেডৰ পৰা ১২১ টা ম’বাইল ফোন চুৰি হৈছিল বুলি জানিব পৰা গৈছে (Stolen mobiles recovered by Bhagaduttapur Police Outpost) ।

উল্লেখ্য যে, প্ৰায়েই বিভিন্ন চহৰত চিলনী চোৰে সংঘটিত কৰে চুৰি কাণ্ড ৷ চেগ বুজি মানুহৰ হাতৰ পৰা কাঢ়ি নিয়ে ম’বাইল ফোন, গাৰ পৰা আ-অলংকাৰ ৷ কিছুদিন পূৰ্বে নগাঁও আৰক্ষীয়েও বৃহৎ সংখ্যক চুৰি ম’বাইলসহ আটক কৰিছিল চিলনীচোৰক ৷

লগতে পঢ়ক : নগাঁৱত উদ্ধাৰ গুৱাহাটীৰ মন্দিৰৰ চুৰি সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.