ETV Bharat / state

Finance minister Ajanta Neog comments on budget; বাজেটে ৰাজ্যৰ সৰ্বস্তৰৰ লোকক উপকৃত কৰিব : বিত্তমন্ত্ৰী অজন্তা নেওগ

author img

By

Published : Mar 10, 2023, 8:39 PM IST

Finance minister Ajanta Neog comments on budget
এইবাৰৰ বাজেটত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰভাৱ পৰিব

সদনত দাখিল কৰিবলগীয়া ২০২৩-২৪ বৰ্ষৰ বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অজন্তা নেওগ (Finance minister Ajanta Neog comments on budget) । ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেট (Ajanta Neog will present annual State budget for 2023-24 on March 16)। বাজেটত দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ যুৱক-যুৱতী, পুৰুষ-মহিলা, শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈ সকলো স্তৰৰ লোককে সামৰি লোৱা হৈছে ।

গুৱাহাটী, ১০ মাৰ্চ : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন । ১৬ মাৰ্চৰ দিনা বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ বাজেট (Finance minister Ajanta Neog comments on budget) । আজি অধিৱেশনৰ প্ৰথমদিনা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেট সন্দৰ্ভত কেতবোৰ আভাস দিয়ে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অজন্তা নেওগে কয় যে ৰাজ্যৰ সৰ্বস্তৰৰ জনসাধাৰণক উপকৃত কৰিব পৰাকৈ বাজেটত গুৰুত্ব দিয়া হৈছে ।

তেওঁ লগতে কয় যে এইবাৰৰ বাজেটত যুৱক-যুৱতী, পুৰুষ-মহিলা, শিশু, বৃদ্ধ-বৃদ্ধা, দৰিদ্ৰ, মধ্যবিত্ত সকলো স্তৰৰ মানুহকে সামৰি লোৱা হ’ব । প্ৰতিখন বাজেটত নতুন আঁচনিৰ অন্তৰ্ভুক্ত হয় আৰু কিছুমান পূৰ্বৰ আঁচনি বাদ দিয়া হয় । বাজেটত মানুহে ভাল ফল লাভ কৰিব পৰা আঁচনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয় ।

উল্লেখ্য যে, ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেট (Ajanta Neog will present annual State budget for 2023-24 on March 16) । দুটা কাৰণত এইবাৰৰ বাজেট বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । এটা হৈছে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন । লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে ৰণকৌশল প্ৰস্তুত কৰি সমষ্টিয়ে সমষ্টিয়ে নামি পৰিছে ।

বাদ পৰি থকা নাই শাসকীয় দল বিজেপিও । বৰং আন ৰাজনৈতিক দলতকৈ এঢাপ আগুৱাই আছে বিজেপি । ৰাজ্যৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিৰ হাতত বৰ্তমান আছে ৯ টা লোকসভা সমষ্টি । কিন্তু বিজেপিয়ে পূৰ্বতকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আসন বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে ।

এইবাৰ বিজেপিৰ লক্ষ্য ১২ টা লোকসভা সমষ্টি । তাৰ ভিতৰত বিজেপিৰ বিশেষ লক্ষ্য হৈছে কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টি । এই তিনিওটা সমষ্টি কংগ্ৰেছৰ দখলত আছে । কলিয়াবৰ নিজৰ দখললৈ নিবলৈ ইতিমধ্যে বিজেপিয়ে ৰণকৌশল তৈয়াৰ কৰিছে আৰু সমষ্টিটোৰ প্ৰতিখন গাঁৱতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সঘন ভ্ৰমণ ঘটিছে ।

আনহাতে, কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীও কলিয়াবৰ ভ্ৰমণত আছে । এনে প্ৰেক্ষাপটত বিজেপিয়ে যিকোনো পৰিস্থিতিতে ১২ খন আসন দখল কৰিবলৈ বদ্ধ পৰিকৰ হোৱাটো সহজতে অনুমান কৰিব পাৰি । গতিকে স্বাভাৱিকতে এইবাৰৰ বাজেটত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰভাৱ পৰিব ।

সেইদৰে আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা । ঋণত ডুবি থকা ৰাজ্য চৰকাৰে এতিয়াও আমোদ, প্ৰমোদ, মনোৰঞ্জনৰ দিশসমূহ বাদ দিয়া নাই । প্ৰতিখন আঁচনিতেই গুৰুত্ব দিছে কেৱল হিতাধিকাৰী সৃষ্টিত । অৰুণোদয় আঁচনিৰ জৰিয়তে আৰু অধিক হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিছে চৰকাৰে । এনেবোৰ আঁচনিৰ বাবেই চৰকাৰৰ ঋণৰ বোজা ১.৩০ কোটি কোটিৰো অধিক হৈছেগৈ ।

ইফালে বিহুৰ পূৰ্বেই আৰু এক হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি চলাইছে চৰকাৰে । হয়তো সেই ঋণৰ টকাৰেই বিহুক গীনিজ বুকত স্থান দিয়াৰ চেষ্টা চলাব চৰকাৰে । আনহাতে, প্ৰায় প্ৰতিখন কেবিনেট বৈঠকতে ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ পৰা ঋণ লোৱাৰ কথা উল্লেখ কৰা হৈছে ।

গতিকে চৰকাৰে মুকলিকৈ নক’লেও ৰাজ্যৰ বিত্তীয় দুৰৱস্থাৰ দিশটো প্ৰতিফলিত হৈছে । এনে প্ৰেক্ষাপটত এইবাৰৰ বাজেট বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক : Assam State Film Awards for 2018 and 2019 : ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰিলে মন্ত্ৰী বিমল বড়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.