ETV Bharat / state

BJP Slams AICC president: উত্তৰ-পূবক তাচ্ছিল্য; মল্লিকাৰ্জুন খাৰ্গেক ক্ষমা খোজাৰ দাবী ৰাজ্যিক বিজেপিৰ

author img

By

Published : Mar 3, 2023, 7:23 PM IST

AICC ৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে সৰৱ ৰাজ্যিক বিজেপি ৷ উত্তৰ-পূৰ্বাঞ্চলক সৰু সৰু ৰাজ্য বুলি কৈ তাচ্ছিল্য কৰিছিল AICCৰ সভাপতিগৰাকীয়ে ৷ যাৰবাবে মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ক্ষমা খোজাৰ দাবী ৰাজ্যিক বিজেপিৰ ৷

BJP Slams AICC president
মল্লিকাৰ্জুন খাৰ্গেক ক্ষমা খোজাৰ দাবী ৰাজ্যিক বিজেপিৰ

মল্লিকাৰ্জুন খাৰ্গেক ক্ষমা খোজাৰ দাবী ৰাজ্যিক বিজেপিৰ

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: নিখিল ভাৰত কংগ্ৰেছৰ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে সৰৱ অসম বিজেপি (AICC president Mallikarjun Kharge) ৷ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক উত্তৰ-পূবৰ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী ৰাজ্যিক বিজেপিৰ ৷ উত্তৰ-পূবক কংগ্ৰেছে মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ অসম বিজেপিৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো (APCC president Bhupen Bora) উত্তৰ-পূবৰ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী বিজেপিৰ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে ঘোষণা হোৱা উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাচতেই AICC ৰ সভাপতি মল্লিকাৰ্জু খাৰ্গেয়ে উত্তৰ-পূবৰ সৰু সৰু ৰাজ্য বুলি কৈ তাচ্ছিল্য কৰিছিল ৷ মল্লিকাৰ্জুন খাৰ্গেৰ এই মন্তব্যক লৈ এতিয়া সৰৱ হৈ পৰিছে বিজেপি (BJP demands apology from Kharge) ৷

খাৰ্গেৰ মন্তব্য সন্দৰ্ভত শুকুৰবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰি ক্ষমা খোজাৰ দাবী জনায় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে (Assam BJP on Mallikarjun Kharge) ৷

লগতে পঢ়ক: PM Modi thanked people of NE: দিল্লী আৰু দিল কোনোটোৰ পৰাই দূৰত নহয় পূৰ্বোত্তৰ; প্ৰধানমন্ত্ৰী

মুখপাত্ৰ গৰাকীয়ে কয় যে, AICC ৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে প্ৰদান কৰা মন্তব্য দুৰ্ভাগ্যজনক । উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত খাৰ্গেই উত্তৰ পূৱক সৰু সৰু ৰাজ্য বুলি কৈ তাচ্ছিল্য কৰিছে (Assembly election 2023)।

AICC ৰ সভাপতিগৰাকীৰ এই মন্তব্যক বিজেপিয়ে গৰিহণা জনোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে সদায় উত্তৰ-পূবক মাহী আইৰ দৃষ্টিৰে চাই আহিছে আৰু সেই কথা এই মন্তব্যই আকৌ এবাৰ প্ৰমাণ কৰিছে । লগতে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয়, ‘‘কংগ্ৰেছে সদায় উত্তৰ পূৰ্বাঞ্চলক উপলুঙা কৰি আহিছে, আনহাতে নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী হিচাপে কথা আৰু কামে কাজে স্বীকৃতি দিছে ।’’

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্য ক্ৰমে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে বেয়াকৈ মুখথেকেচা খাব লগা গৈছিল । এই সম্পৰ্কে AICC ৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ Asian News International চমুকৈ ANI ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উত্তৰ-পূবৰ তিনি ৰাজ্যক সৰু সৰু ৰাজ্যৰ নিৰ্বাচন বুলি অভিহিত কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.