গৰুখুঁটি ঘটনাক লৈ উচটনিমূলক কাৰ্যৰ পৰা বিৰোধীক বিৰত থকাৰ আহ্বান বিজেপিৰ

author img

By

Published : Sep 24, 2021, 12:20 PM IST

state bjp calls upon opposition to refrain from provocative action over garukhuti incident

গৰুখুঁটি ঘটনাক লৈ বিৰোধীৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কামাখ্যা প্ৰসাদ তাছাৰ ৷ এই ঘটনাক ৰাজনীতিকৰণ কৰি বিৰোধী দলসমূহে নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰিছে বুলি মন্তব্য তাছাৰ ৷ বিৰোধীক উচটনিমূলক কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান ৰাজ্যিক বিজেপিৰ ৷

গুৱাহাটী, 24 ছেপ্টেম্বৰ : ছিপাঝাৰৰ গৰুখুঁটিত ধলপুৰত উচ্ছেদস্থলীত সংঘটিত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ বিৰোধী দলসমূহক কুটিল ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে ৷ দলৰ মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছাই কয় যে, গৰুখুঁটিত সংঘটিত ঘটনাক ৰাজনীতিকৰণ কৰি বিৰোধী দলসমূহে নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰিছে ৷

জনসাধাৰণৰ কল্যাণ তথা ৰাইজক সুৰক্ষিত কৰাটো চৰকাৰ দায়িত্ব বুলি মন্তব্য কৰি তাছাই কয় যে, গৰুখুঁটি ধলপুৰত থকা বেদখলকাৰীক আঁতৰি যাবলৈ চৰকাৰে পূৰ্বে নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু, তেওঁলোকে তৃতীয় পক্ষৰ প্ৰৰোচনাত পৰি চৰকাৰৰ নিৰ্দেশ মনা নাছিল ৷

তাছাই দাবী কৰে যে, দিনৰ ভাগত আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীক সকলো প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছিল ৷ কিন্তু, তেওঁলোকে আৰক্ষীৰ কোনো বুজনি নমনাৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা নামানি এক অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা কৰিলে ৷ যাৰ পৰিণতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে আৰক্ষী কঠোৰ হ’বলৈ বাধ্য হ'ল ৷

মৃত্যু কোনেও কামনা নকৰে বুলি মন্তব্য কৰি তাছাই কয় যে, চৰকাৰখনে জনসাধাৰণৰ হিতৰ কাৰণে কৰা কামৰ পথত যদি কোনোৱে বাধা প্ৰদান কৰে, তেন্তে সেইসকল নিশ্চয়কৈ অপৰাধী হ'ব আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো অপৰাধীকে আশ্ৰয় নিদিয়ে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃত দোষীক চিনাক্ত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ঘটনাৰ আঁৰত জড়িত থকা প্ৰকৃত দোষী অতি সোনকালে পোহৰলৈ আহিব বুলি ৰাজ্যিক বিজেপি আশাবাদী বুলিও তাছাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : গৰুখুটিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কেমেৰামেন বিজয় বনিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.