ETV Bharat / state

Tet teacher regularisation: ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত স্থবিৰতা

author img

By

Published : Feb 7, 2023, 6:17 PM IST

সৰ্বশিক্ষা আৰু ষ্টেটপুলৰ অধীনত শিক্ষকতা কৰি থকা সকলো শিক্ষকৰে চাকৰি নিয়মীয়া নকৰে ৰাজ্য চৰকাৰে । শিক্ষানুষ্ঠানত শৈক্ষিক পৰিৱেশ, ছাত্র-ছাত্রীয়ে গুণোৎসৱত দেখুওৱা পাৰদৰ্শিতা আদিৰ ওপৰত নিৰ্ভৰ কৰিহে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কৰিব শিক্ষা বিভাগে (Assam govt criteria for regularisation of teachers)। গুণোৎসৱত একেৰাহে দুবছৰ ‘এ-প্লাছ’ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ শিক্ষকৰ হে চাকৰি নিয়মীয়া কৰিব ৰাজ্য চৰকাৰে ।

Tet teacher regularisation
৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত স্থবিৰতা

গুৱাহাটী,৭ ফেব্ৰুৱাৰী : এবছৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলেও কিন্তু চৰকাৰখনে লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে (1 lakh job in Assam in a year)। কিন্তু এই প্ৰচেষ্টাৰ মাজতে ৰাজ্য চৰকাৰে ৰাজ্যৰ ৩৫ হাজাৰৰো অধিক ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাত হাত দাঙিলে । ৰাজ্য চৰকাৰে এবছৰ অতিক্ৰমী দ্বিতীয় বছৰটোত এক লাখ নিবনুৱাক নিযুক্তিৰ প্ৰচেষ্টা চলাই আছে ।

Tet teacher regularisation
৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত স্থবিৰতা

আনফালে পূর্বৰ প্রতিশ্রুতি অনুসৰি ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব পৰা নাই (Contractual Tet teacher in Assam)। শেহতীয়াকৈ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত শিক্ষা বিভাগে গ্ৰহণ কৰা নীতিক লৈ বিতৰ্কৰ সূত্রপাত হৈছে । এই নীতিৰ ফলত বিদ্যালয়সমূহত নিয়োজিত হৈ থকা ৩৫ হাজাৰৰো অধিক ঠিকাভিত্তিক শিক্ষকৰ মাজৰ পৰা ৫-৬ হাজাৰৰহে চাকৰি নিয়মীয়া হ'ব ।

সর্বশিক্ষা আৰু ষ্টেটপুলৰ অধীনত শিক্ষকসকলে টেট পৰীক্ষাত দক্ষতাৰে উত্তীৰ্ণ হৈ ঠিকাভিত্তিক শিক্ষকতা কৰি আছে । তেওঁলোকে আন চৰকাৰী চাকৰিয়ালৰ দৰে পদসমূহ নিয়মীয়া কৰিবলৈ দাবী জনাই আহিছিল যদিও সকলো শিক্ষকৰ আশাত চেঁচাপানী ঢালিলে এবছৰত এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰখনে । টেট উত্তীর্ণ শিক্ষক সমাজ আৰু অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে ৰাজ্য চৰকাৰৰ লগত আলোচনা কালত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্রুতি দিছিল ।

Tet teacher regularisation
৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত স্থবিৰতা

কিন্তু সেই প্রতিশ্রুতিক আওকাণ কৰি ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণত যি চৰ্ত আৰোপ কৰিছে, তাৰ পৰা ৩৫ হাজাৰৰো অধিক ঠিকাভিত্তিক শিক্ষকৰ মাজৰ পৰা মাত্র ৫-৬ হাজাৰ শিক্ষকৰ চাকৰিহে নিয়মীয়াকৰণৰ পথ প্রশস্ত হৈ পৰিব (Not all contractual teachers jobs are regular)। অর্থাৎ সৰ্বশিক্ষা আৰু ষ্টেটপুলৰ অধীনত শিক্ষকতা কৰি থকা সকলো শিক্ষকৰে চাকৰি নিয়মীয়া নকৰে ৰাজ্য চৰকাৰে ।

শিক্ষাগত অৰ্হতা তথা মেধাৰ ভিত্তিত সকলো শিক্ষকে নিযুক্ত হৈছিল যদিও তেওঁলোকৰ মাজৰ একাংশৰহে চাকৰি নিয়মীয়াকৰণ কৰিব শিক্ষা বিভাগে । তেওঁলোকৰ অৰ্হতা হ'ব গুণোৎসৱ । শিক্ষানুষ্ঠানত শৈক্ষিক পৰিৱেশ, ছাত্র-ছাত্রীয়ে গুণোৎসৱত দেখুওৱা পাৰদৰ্শিতা আদিৰ ওপৰত নিৰ্ভৰ কৰিহে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে শিক্ষা বিভাগে ।

Tet teacher regularisation
৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত স্থবিৰতা

উল্লেখ্য যে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে যে ২০২২ আৰু ২০২৩ চনৰ গুণোৎসৱত একেৰাহে দুবছৰ 'এ-প্লাছ' গ্ৰেড লাভ কৰা বিদ্যালয়ত সৰ্বশিক্ষা আৰু ষ্টেটপুলৰ অধীনত শিক্ষকতা কৰি থকাসকলৰ চাকৰিহে নিয়মীয়া কৰিব ৰাজ্য চৰকাৰে । ২০২২ চনত হোৱা গুণোৎসৱত ৰাজ্যৰ মুঠ ৪১,৮৭৮ খন বিদ্যালয়ৰ মাজৰ পৰা মাত্ৰ ৪,৮২৬ খন বিদ্যালয়েহে 'এ-প্লাছ' গ্রেড লাভ কৰিছিল (A plus grade in Gunotsav 2022) ।

অর্থাৎ এই 'এ-প্লাছ' গ্রেড লাভ কৰা বিদ্যালয়সমূহে এই বছৰ অনুষ্ঠিত হৈ থকা গুণোৎসৱতো 'এ-প্লাছ' গ্রেড লাভ কৰিলে সেই বিদ্যালয়মূহত নিযুক্ত হৈ থকা ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব । বিগত বৰ্ষত যিসমূহ বিদ্যালয়ে গুণোৎসৱত 'এ-প্লাছ' গ্রেড লাভ কৰিছিল সেই সকলোবোৰ বিদ্যালয়ে এইবছৰো একেই গ্লেড লাভ কৰাৰ সম্ভাৱনা নাই । যাৰ ফলত 'এ-গ্লেড' লাভ কৰা প্ৰতিখন বিদ্যালয়ত এজন বা দুজন ঠিকাভিত্তিক শিক্ষক নিয়োজিত হৈ থাকিলেও ৫-৬ হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণতে সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিব (Regularisation criteria of Assam govt for teachers)।

সৰ্বশিক্ষা আৰু ষ্টেটপুলৰ অধীনত কিন্তু মেধাৰ ভিত্তিত সকলোৱে নিযুক্তি লাভ কৰিছিল । কিন্তু এতিয়া চাকৰি নিয়মীয়াকৰণত শিক্ষা বিভাগে গুণোৎসৱৰ 'এ-প্লাছ' গ্ৰেড লাভ কৰাটো নতুন চৰ্ত আৰোপ কৰি আন আন মেধা তথা অৰ্হতাসম্পন্ন শিক্ষকসকলক যে এক লাখ নিযুক্তিৰ পৰা একাষৰীয়া কৰিবলৈ ওলাইছে, সেই কথা স্পষ্ট হৈ পৰিল । তেনেস্থলত ঠিকাভিত্তিক শিক্ষকসকল নিয়মীয়াকৰণৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ'ব ।

লগতে পঢ়ক :No teacher in Teok govt school: চৰকাৰী বিদ্যালয়ত নাই এজনো শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.