ETV Bharat / state

KLO Govt Peace Talks : কেএলঅ'-চৰকাৰৰ মাজৰ শান্তি আলোচনাত স্থবিৰতা

author img

By

Published : Jan 31, 2023, 7:06 PM IST

KLO
KLO

কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহৰ হঠাৎ অন্তৰ্ধানক লৈ গভীৰ ৰহস্য । জীৱন সিংহৰ বৰ্তমান অৱস্থানক লৈ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু শান্তি আলোচনাৰ মধ্যস্থতাকাৰীসকলৰ লগতে সংগঠনটোৰ আন নেতা তথা কেডাৰসকল ৰহস্যজনকভাৱে নীৰৱ (central govt and KLO peace talks in Stagnation) ।

গুৱাহাটী, ৩১ জানুৱাৰী : কেইবা দশকজোৰা সশস্ত্র সংগ্ৰামৰ অন্ত পেলাই ম্যানমাৰৰ পৰা কেইবাজনো সতীৰ্থৰ সৈতে মূলসুঁতিলৈ অহা কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (Kamatapur Liberation Organisation) চমুকৈ কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহৰ হঠাৎ অন্তৰ্ধানক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে (KLO chief Jiban Sinha missing) । পৃথক ৰাজ্যৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ পথলৈ যোৱা কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ অৱশেষত শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহে যদিও সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়া স্থবিৰ হৈ পৰিছে (KLO chief Jiban Sinha cease fire) ।

ম্যানমাৰৰ পৰা পোনে পোনে দিল্লীত গৈ উপস্থিত হোৱা জীৱন সিংহক দিল্লীৰ পৰা পুনৰ গুৱাহাটীলৈ ওভতাই অনাৰ পিচতে সমগ্ৰ ঘটনাই নাটকীয়ভাৱে মোৰ সলাইছে (central govt and KLO peace talk in mystery) । ইফালে জীৱন সিংহৰ বৰ্তমান স্থিতিক লৈ বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছে । জীৱন সিংহৰ বৰ্তমান অৱস্থানক লৈ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু শান্তি আলোচনাৰ মধ্যস্থতাকাৰীসকলৰ লগতে সংগঠনটোৰ আন নেতা তথা কেডাৰসকলেও ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে ।

কেএলঅ' নেতা জীৱন সিংহ ৰহস্যজনকভাৱে অন্তৰ্ধান
কেএলঅ' নেতা জীৱন সিংহ ৰহস্যজনকভাৱে অন্তৰ্ধান

কিছুদিন পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জীৱন সিংহ অসম চৰকাৰৰ আতিথ্যত থকা বুলি সদৰী কৰিছিল । কিন্তু মুখ্যমন্ত্রীয়ে আলোচনাৰ প্ৰসংগত কোনো কথা সদৰী কৰা নাছিল । সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত জাপি দিছিল । বৰ্তমান সময়ত কে এল অ'ৰে শান্তি আলোচনা প্রক্রিয়াক লৈ চৰকাৰে কি ধৰণৰ প্রস্তুতি চলাইছে সেই সন্দৰ্ভতো কোনোপক্ষই মুখ খোলা নাই । এনে পৰিস্থিতিত কে এল অ' আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়াক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে (central govt and KLO peace talks in Stagnation) ।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰ আৰু কে এল অ'ৰ মাজত হোৱা দীর্ঘদিনীয়া যোগাযোগ, প্রাথমিক আলাপ-আলোচনাৰ অন্তত ১৭ জানুৱাৰীত সংগঠনটোৰ অধ্যক্ষ জীৱন সিংহই আন ৯ গৰাকী সতীৰ্থৰ সৈতে শান্তি আলোচনাত অংশ লোৱাৰ উদ্দেশ্যে ম্যানমাৰস্থিত শিবিৰৰ পৰা ওলাই আহিছিল । জীৱন সিংহৰ মূলসুঁতিলৈ প্ৰত্যাৱৰ্তনক লৈ সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলিছিল আৰু কে এল অ’ৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাৰ জৰিয়তে অসম, পশ্চিমবংগ আৰু বিহাৰৰ কেইবাখনো জিলাক লৈ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠন কৰাৰ চৰ্চা চলিছিল । কমতাপুৰত নতুন সূৰ্যৰ উদয় হ’ব বুলি সংগঠনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ আগত বিবৃত্তি প্ৰকাশ কৰা হৈছিল ।

আনকি প্রস্তাৱিত ৰাজ্য গঠনক লৈ বিভিন্ন পক্ষৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । এনে ক্রিয়া-প্রতিক্ৰিয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে নাটকীয় স্থিতিৰে কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহক অসমলৈ প্ৰেৰণ কৰে । বৰ্তমান জীৱন সিংহ চোৰাংচোৱা সংস্থাৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে । কে এল অ'ৰঅধ্যক্ষগৰাকীক অকলশৰীয়াভাৱে চোৰাংচোৱাৰ জিম্মাত ৰখাৰ বিপৰীতে তেওঁৰ লগত মূলসুঁতিলৈ ওলাই অহা আন সতীর্থসকলক আন কোনো গোপন স্থানত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

ইফালে জানিব পৰা মতে, চোৰাংচোৱাৰ জিম্মাত থকা জীৱন সিংহক সংগঠনটোৰ আন সতীৰ্থ আৰু শান্তি আলোচনাৰ মধ্যস্থতাকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দিয়া নাই । এনে এক প্ৰেক্ষাপটত কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ ভূমিকাক লৈ কোচ ৰাজবংশী সমাজৰ বিভিন্ন স্তৰত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে । সকলোৱে শান্তি আলোচনাৰ যোগেদি দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হ’ব বুলি আশা কৰিছিল । আনকি গণৰাজ্য দিৱসৰ কাৰ্যসূচীতে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি ব্যাপকভাৱে চৰ্চা হৈছিল ।

কিন্তু সেয়া চৰ্চাৰ মাজতে আবদ্ধ হৈ থাকিল । প্রস্তাৱিত কমতাপুৰ ৰাজ্য গঠন প্রক্রিয়াটো কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহক মূলসুঁতিলৈ উলিয়াই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ এটা কৌশল আছিল নেকি বুলিও বিভিন্ন মহলত চৰ্চিত হৈছে । সমগ্ৰ বিষয়টো এতিয়া অস্পষ্ট হৈ পৰিছে । কে এল অ’ৰ সৈতে প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনা অনুষ্ঠিত কৰিবনে নাই তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে । অৱশ্যে বৰ্তমান সময়তো কে এল অ'ৰ নেতা-কেডাৰসকল ম্যানমাৰৰ শিবিৰতে আছে ।

লগতে পঢ়ক :Me Dam Me Fi at Tipam: ঐতিহাসিক টিপামত মে ডাম মে ফীত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.