ETV Bharat / state

Srinivas BV case: প্ৰৱল হৈ পৰিছে শ্ৰীনিবাস বিভিক গ্ৰেপ্তাৰৰ সম্ভাৱনা

author img

By

Published : May 8, 2023, 9:32 PM IST

ইতিমধ্যেই শ্ৰীনিবাসক বিভিক দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াৰ সময়সীমা পাৰ হৈ গৈছে ৷ লগতে গোচৰটোৰ আইনী প্ৰক্ৰিয়াও শেষ হৈছে (Srinivas BV case) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৷

Srinivas BV case
Srinivas BV case

শ্ৰীনিবাস বিভি সন্দৰ্ভত কি ক’লে জিপি সিঙে ?

গুৱাহাটী, 8 মে’: ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাসৰ প্ৰসংগক লৈ সংবাদমেলত প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ শ্ৰীনিবাসৰ বিৰুদ্ধে থকা গোচৰৰ আইনী প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে ৷ সময়মতে দিছপুৰ আৰক্ষী থানাত আহি হাজিৰ নহ’লে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (DGP GP Singh on Srinivas BV) ৷

উল্লেখ্য যে, শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত সদ্য বহিস্কৃত অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৰুজু কৰিছিল গোচৰ ৷ অংকিতা দত্তৰ গোচৰৰ পাচতেই অসম আৰক্ষীৰ এটা দল কৰ্ণাটকলৈ গৈ শ্ৰীনিবাস বিভিৰ ঘৰত জাননী আঁৰি তেওঁক দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ৷ 2 মে’ত গুৱাহাটীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল শ্ৰীনিবাসক (Case Against Congress Leader Srinivas BV) ।

কিন্তু শ্ৰীনিবাস বিভিয়ে দিছপুৰ থানাত হাজিৰ হোৱাৰ পৰিৱৰ্তে বেংগালুৰুৰ এখন আদালতৰ কাষ চাপিছিল ৷ বেংগালুৰুৰ আদালতে শ্ৰীনিবাসৰ আবেদন খাৰিজ কৰাৰ পাচত পুনৰ তেওঁ পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত অংকিতা দত্তৰ এজাহাৰ খাৰিজ কৰিবলৈ আবেদন জনাইছিল ৷ লগতে গোচৰটোৰ সন্দৰ্ভত শ্ৰীনিবাসে আগতীয়কৈ জামিন বিচাৰিছিল ৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়েও শ্ৰীনিবাসৰ আবেদন খাৰিজ কৰে (Gauwahti HC rejects Srinivas BV bail plea) ৷

যাৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে শ্ৰীনিবাস বিভি ৷ এই সন্দৰ্ভত শুকুৰবাৰে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই এক সংবাদমেল সম্বোধন কৰি কয় যে এতিয়াৰে পৰা অংকিতা গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্তত কোনো বাধা নাই । মহাধিবক্তাগৰাকীয়ে শ্ৰীনিবাস বিভিয়ে গোচৰৰ সন্দৰ্ভত আজি পৰ্যন্ত আৰক্ষীক সহযোগ নকৰা বুলি উল্লেখ কৰি শ্ৰীনিৱাসে গোচৰ সন্দৰ্ভত আৰক্ষীক সহযোগ কৰাৰ পৰিৱৰ্তে আদালতৰ কাষ চাপিছিল বুলি উল্লেখ কৰে (Angkita Dutta case against Srinivas) ৷

উল্লেখ্য যে, ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ জামিন আবেদন শুকুৰবাৰে নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ গতিকে এতিয়া অংকিতা দত্ত গোচৰ সন্দৰ্ভত আদালতে আৰক্ষীক সেউজ সংকেত দিয়াৰ পিচত যিকোনো সময়ত গ্ৰেপ্তাৰ হ’ব পাৰে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি ।

লগতে পঢ়ক: Srinivas BV case : শ্ৰীনিৱাসৰ আবেদন নৰজিল; যিকোনো মুহূৰ্ততে হ’ব পাৰে গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.