ETV Bharat / state

কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?

author img

By

Published : Jun 19, 2021, 5:29 PM IST

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে বুলি জল্পনা-কল্পনা অব্যাহত আছে । তেওঁ দলৰ হাই কমাণ্ডৰ নিৰ্দেশত জ্যেষ্ঠ বিজেপি নেতাসকলক সাক্ষাৎ কৰিবলৈ ৰাজধানী দিল্লীত উপস্থিত হৈছে । অৱশ্যে সৰ্বানন্দ সোণোৱালে ইয়াক কেৱল এক সৌজন্যমূলক সাক্ষাৎ বুলিহে অভিহিত কৰিছে ।

Speculations rife about Sonowal being handed new responsibility by the BJP
কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?

নেশ্যনেল ডেস্ক, 19 জুন : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে বুলি জল্পনা-কল্পনা অব্যাহত আছে । সূত্ৰ অনুসৰি, সোণোৱালে শুকুৰবাৰে বিজেপি হাইকমাণ্ডৰ নিৰ্দেশত দিল্লীত উপস্থিত হৈছে । অৱশ্যে বিজেপি নেতাজনে ইয়াক কেৱল এক সৌজন্যমূলক সাক্ষাৎ বুলিহে অভিহিত কৰিছে ।

অনুমান কৰা হৈছে যে, অসমৰ থলুৱা সোণোৱাল-কছাৰী জনজাতিৰ অন্তৰ্ভুক্ত সৰ্বানন্দ সোণোৱালক প্ৰধানমন্ত্ৰী মোডীৰ মন্ত্ৰীসভাৰ ৰদ-বদলৰ পূৰ্বে দলীয় নেতৃত্বই পৰামৰ্শৰ বাবে মাতি পঠিয়াইছিল । উল্লেখ্য যে, বিজেপিয়ে শেহতীয়াকৈ সমাপ্ত হোৱা অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে ৷ নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰত্যক্ষভাৱে কোনো নেতাৰ নাম ঘোষণা নকৰি, নিৰ্বাচনত জয়লাভৰ অন্তত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ২০১৬ চনৰ পৰা ২০২১ চনৰ মে’ মাহলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সোণোৱালৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

সোণোৱালে পাঁচ বছৰ ধৰি সফলতাৰে অসমত চৰকাৰ চলাইছিল আৰু তাৰপিছত দলৰ ক্ষমতালৈ ঘূৰি অহাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ সেয়েহে তেওঁক কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আছে । শেহতীয়াকৈ ৰাজ্যখনৰ শীৰ্ষ পদ অৰ্পণ কৰাৰ পূৰ্বে সোণোৱালক নতুন দায়িত্ব প্ৰদান কৰা হ'ব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মন্তব্য কৰিছিল ।

"মোৰ সহকৰ্মী @sarbanandsonwal ডাঙৰীয়াই যোৱা পাঁচ বছৰত জনসাধাৰণ আৰু উন্নয়নপন্থী প্ৰশাসনৰ শীৰ্ষত আছিল । অসমৰ প্ৰগতি আৰু ৰাজ্যখনত দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম" ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে এনেদৰে টুইট কৰিছিল । গতিকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ সম্ভৱনা প্ৰবল হৈ পৰিছে ৷

লগতে পঢ়ক : মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ বাবে গঠন দুখনকৈ উচ্চ ক্ষমতা সম্পন্ন কমিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.