নতুন ভূমিনীতি : সোণোৱাল চৰকাৰে গ্ৰহণ কৰিছে নেকি খিলঞ্জীয়া বিৰোধী স্থিতি !

author img

By

Published : Jul 2, 2020, 9:27 PM IST

special story on govtment's new agricultural land act
special story on govtment's new agricultural land act ()

29 জুনত অনুষ্ঠিত হৈ যোৱা মন্ত্ৰী পৰিষদৰ বৈঠকত কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈয়ে উদ্যোগীক গতাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ চৰকাৰৰ এই সিদ্ধান্তক খিলঞ্জীয়া বিৰোধী আখ্যা বিভিন্ন দল-সংগঠনৰ ৷

গুৱাহাটী, 2 জুলাই : ৰাজ্যৰ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগক ( MSME ) উৎসাহ যোগোৱাৰ বাবে চৰকাৰে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈয়ে উদ্যোগীক গতাবলৈ লোৱা সিদ্ধান্তই ৰাজ্যত আৰম্ভ কৰিছে নতুন বিতৰ্ক । 29 জুনত অনুষ্ঠিত হৈ যোৱা মন্ত্ৰী পৰিষদৰ বৈঠকত এই সিদ্ধান্তত মোহৰ লগোৱা হৈছিল যদিও বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মাটি হস্তান্তৰৰ বিষয়টো সংবাদ মাধ্যমৰ আগত সদৰী কৰা নাছিল । কেৱল ৰাজহ বিভাগৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত বৈঠকে অনুমোদন জনোৱা বুলিহে প্ৰকাশ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত এইসিদ্ধান্তৰ কথা পোহৰলৈ অহাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্নজন ৷

চৰকাৰৰ এনে সিদ্ধান্তই থলুৱা উদ্যোগীৰ পৰিৱৰ্তে বহিৰাগত উদ্যোগী বা বৃহৎ গোষ্ঠী সমূহকহে উপকৃত কৰিব বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । এয়া চৰকাৰৰ আত্মঘাটী সিদ্ধান্ত আখ্যা দিছে গগৈয়ে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ এই‌ সিদ্ধান্ত পৰস্পৰবিৰোধী বুলি মন্তব্য কৰিছে । তেওঁ কয় যে, ইতিপূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি সমূহ উদ্যোগিক মাটি বুলি চৰকাৰে ঘোষণা কৰিছিল । এতিয়া পূৰ্বৰ যি নীতি সেই নীতি অনুসৰি খেতি-মাটি উদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়া সৰলীকৰণ কৰি কোনো ধৰণৰ অনুমতি নোহোৱাকৈ যিকোনো প্ৰকাৰৰ ভূমি অৰ্থাৎ কৃষি ভূমিত, উদ্যোগ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ যাৰ ফলত অসমৰ গ্ৰাম্য অৰ্থনীতি, অসমৰ কৃষক ৰাইজৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে আৰু উদ্যোগীকৰণৰ নামত বাহিৰৰ বণিয়া সকলে আমাৰ চহা কৃষক সকলক তেওঁলোকৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ এটা পথ প্ৰশস্ত কৰিছে । ইয়াৰ যোগেৰে অসমীয়াৰ হাতৰ পৰা মাটিৰ অধিকাৰ সম্পূৰ্ণ ৰূপে নাইকিয়া কৰা হ'ব আৰু অসমীয়া সকল নিজৰ ঘৰতে অঘৰী হ'বলৈ বেছি সময় নালাগিব। কাৰণ উদ্যোগ স্থাপন কৰিবলৈ কিমান অসমীয়া উদ্যোগপতিয়ে কৃষি ভূমি ক্ৰয় কৰিব সেইটো সকলোৱে সহজে অনুমান কৰিব পাৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দই সততে অসমৰ ৰাইজক আভুৱা ভৰিবলৈ জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি যি প্ৰতিশ্ৰুতি আঁওৰাই থাকে, এই সিদ্ধান্ত সেই প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ পৰিপন্থী। অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰিম আৰু ৬ নং দফা অনুসৰি অসমবাসী ৰাইজৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সুৰক্ষা প্ৰদান কৰিম বুলি ঘোষণা কৰি এই দফা সম্পৰ্কীয় কমিতি গঠন কৰাৰ পিছত এনে ধৰণে থলুৱা লোক সকলৰ কৃষি ভূমি অন্য কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ যি সিদ্ধান্ত লৈছে, ইয়াৰ যোগেদি অসমীয়া ৰাইজৰ কোনো উপকাৰ নহয়।

অসমৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ‘কা’ আন্দোলনৰ গতি স্তিমিত কৰিবলৈহে যেন অসম চৰকাৰৰ ২১ ডিচেম্বৰ ২০১৯ তাৰিখে বহা কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছিল ৷ সেই সিদ্ধান্ত অনুসৰি "খিলঞ্জীয়া লোকৰ ভূমি যাতে খিলঞ্জীয়া লোকৰ হাততে থাকে তাৰ বাবে পৰৱৰ্তী বিধান সভাত দুখন আইন অনা হ'ব" ৷ এতিয়া তাৰ বিপৰীত সিদ্ধান্ত কেবিনেটত ঘোষণা কৰি অসমৰ জনগণক প্ৰতাৰণা কৰি থলুৱা লোকক প্ৰৱঞ্চনাৰে ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি বহিৰাগতৰ হাতত অসমৰ থলুৱা ৰাইজৰ কৃষি ভূমি গটাই দিয়াৰ পথ প্ৰশস্ত কৰিবলৈ লোৱা মিত্ৰজোট চৰকাৰখনৰ এই পদক্ষেপ অতি ঘৃণনীয়। এই কথা নিশ্চিত কাৰণ যিকোনো দেশৰ অৰ্থনৈতিক প্ৰগতি হ'বলৈ হ'লে প্রথমে কৃষি খণ্ডত গুৰুত্ব দি কৃষি খণ্ডৰ পৰা অধিক উৎপাদান কৰাৰ পিছতহে উদ্যোগিক খণ্ডত আগবাঢ়িব লাগে । এই কথা সকলো অৰ্থনীতিবিদে জানে। তেনেস্থলত কৃষি খণ্ড হ্ৰাস কৰি উদ্যোগিক খণ্ডক আগবঢ়াই নিয়াটো এটা আত্মঘাটী, জাতি ধ্বংসকাৰী সিদ্ধান্ত আৰু এই সিদ্ধান্ত নিশ্চিতভাৱে অসমৰ শুভাকাংক্ষী কোনো ৰাজনৈতিক দলে কৰিব নোৱাৰে।

চৰকাৰৰ এনে সিদ্ধান্তই জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি আৰু প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব কাৰণ যিকোনো স্থানত এটা উদ্যোগ স্থাপন হ'লে প্ৰদূষণ হোৱাটো স্বাভাৱিক। এখন চৰকাৰৰ প্ৰধান দায়িত্ব হ'ল ইয়াৰ নাগৰিক সকলক সুৰক্ষা প্ৰদান কৰা আৰু যি সকল সামাজিক আৰু অৰ্থনৈতিক ভাৱে বিশেষ সৱল নহয়, তেখেত সকলক বিভিন্ন ধৰনৰ প্ৰত্যাহ্বানৰ পৰা ৰক্ষা কৰা। কিন্তু বৰ্তমানে বিজেপি চৰকাৰখনে এই দুৰ্বল, খাতি খোৱা অসমৰ অসহায় দৰিদ্ৰ লোক সমূহৰ বিপৰীত মেৰুত অৱস্থান কৰি পুঁজিপতি শ্ৰেণীক এনেধৰণে সহায় কৰিবলৈ আগবঢ়া কাৰ্যৰ অৰ্থ হ'ল যে তেওঁলোকে নিজৰ সাংবিধানিক দায়িত্ব জলাঞ্জলি দিছে ।

চৰকাৰৰ নতুন ভূমি নীতিক লৈ সৰৱ চৰ্চা

তেখেত সকলৰ যি পক্ষপাতিত্ব মূলক নীতি সেইটো অসম চুক্তি অনুসৰি যি জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি, থলুৱা ভূমিহীন পৰিয়ালক ভূমি আৱণ্টন দিয়াৰ যি ভিজন ডকুমেণ্টত উল্লেখিত প্ৰতিশ্ৰুতি, ইয়াৰ সম্পূৰ্ণ পৰিপন্থী। ইয়াৰ বিৰুদ্ধে সকলো অসম প্ৰেমী ৰাইজে আগন্তক সময়ত বিৰোধীৰ লগত এক গোট হৈ বিজেপি চৰকাৰৰ এই ভূল নীতি প্ৰত্যাহ্বান জনাবলৈ সকলোকে কংগ্ৰেছ দলে আহ্বান জনাইছে ।

এনে নীতি বৰ্তমান চৰকাৰে ৰূপায়ন কৰিলে অনাগত সময়ত অসমৰ ৰাইজে হয়তো ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা লগতে অসমলৈ ১৯৭১ চনৰ পিছত অহা কোনো লোকে মাটি ক্ৰয় কৰাত বাধা দিবলৈ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিব লাগিব পাৰে। অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই কেবিনেট বৈঠকত মৌন হৈ থাকি এই অধ্যাদেশ জাৰি কৰাৰ অনুমতি দি পুনৰ প্ৰমাণ কৰিলে যে অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ ধ্বজা বাহক নহয় আৰু অসমৰ স্বাৰ্থৰ ৰক্ষক নহয় । বৰঞ্চ অসম গণ পৰিষদ দলৰ শীৰ্ষ নেতৃত্বয়ে দলটোৰ চৰিত্ৰ সম্পূৰ্ণ ভাৱে সলাই দিছে।

চৰকাৰৰ এই সিদ্ধান্তৰ যোগেৰে জাতি, মাটি, ভেটিৰ কথা ক'লেও অসমীয়া সকল নিজৰ ঘৰতে মগনীয়া হ'বলৈ বেছি সময় নালাগিব । মই আশা কৰো বিজেপি আৰু অগপ মিত্ৰজোটৰ বিধায়িনী দলৰ সদস্য সকলে ইয়াৰ বিৰোধিতা কৰিব আৰু এনে কাৰ্য কৰাৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিৰত ৰাখিব।

চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধ কৰি এক বিবৃতি যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। তেওঁ কয় যে, অসম চৰকাৰৰ প্ৰস্তাৱিত অধ্যাদেশ, যাৰ দ্বাৰা অসমৰ সকলো ধৰণৰ ভূমিত বিনাচৰ্তে, কোনো নঠি-পত্ৰ নোহোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব। এই অধ্যাদেশ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে মাৰাত্মক। এনে অধ্যাদেশ, আইনৰ দ্বাৰা উপকৃত হ'ব এচাম পুঁজিবাদী আৰু ভূ-মাফিয়া, যিয়ে উদ্যোগ স্থাপনৰ সুযোগ লৈ খিলঞ্জীয়াৰ হাতত বাচি থকা ভূমি দখল কৰিব।

"জাতি-মাটি-ভেটি" শ্লোগানৰ মূল লক্ষ্য আছিল যে খিলঞ্জীয়াৰ হাতৰ পৰা যি ভূমি সম্পদ বাংলাদেশীৰ কবললৈ গৈছিল সেয়া ওভতাই অনা, PGR-VGR মাটি বাংলাদেশীৰ কৱলৰ পৰা মুক্ত কৰা, সত্ৰৰ ভূমি বেদখলমুক্ত কৰা, ১৭ লাখ হেক্টৰ বনাঞ্চলৰ ভিতৰত যি ৪ লাখ হেক্টৰ বেদখলত আছে সেইয়া মুক্ত কৰা। কিন্তু যোৱা চাৰি বছৰে চৰকাৰে ইয়াৰ বিপৰীত নীতি উদঙাই বাংলাদেশীক সংস্থাপন হে কৰিলে। এতিয়া উজনি আৰু মধ্য অসমত যি কৃষি ভূমি খিলঞ্জীয়াৰ হাতত বাচি আছিলে, এনে খিলঞ্জীয়া বিৰোধী নীতিৰ কাৰণে সেই ভূমিবোৰো খিলঞ্জীয়াৰ হাতৰ পৰা যাব।

অসম চুক্তিৰ ৬ নং দফা মতে, অসমত থকা ১১৫ টা জাতি জনগোষ্ঠীক নিজৰ ঠাইত, নিজৰ ভূমিত সংৰক্ষিত কৰি সুৰক্ষা প্ৰদান কৰিব লাগে। ৬ নং দফা কমিটীয়ে প্ৰতিবেদন দিয়াৰ ৪ মাহ হ'ল, চৰকাৰে কাৰ্যকৰী কৰাটো বাদেই, আজিলৈকে ৰাজহুৱাও নকৰিলে, কিয়নো বৰ্তমানৰ চৰকাৰক খিলঞ্জীয়াৰ ভোটৰ দৰকাৰ নাই। ২০১৫ চনত কৃষি ভূমি সুৰক্ষিত কৰিবলৈ প্ৰনয়ণ কৰা আইন, The Assam Agriculture Land (Regulation of Reclassification and Transfer for Non Agricultural Purpose) Act, 2015 ৰ দ্বাৰা কৃষি ভূমিত কৃষিৰ বাদে অন্য কাম কাজত বহু পৰিমাণে বাধা আৰোপ কৰা হৈছিল। এনে ভয়ংকৰ খিলঞ্জীয়া বিৰোধী নীতি স্পষ্টভাবে নিৰ্বাচন কেন্দ্ৰীক, পুঁজিপতি আৰু ভূ-মাফিয়াৰ পৰা টকা সংগ্ৰহ কৰাৰ কৌশল বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই ৷ ।

লগতে পঢ়ক : প্ৰসংগ ভাৰত-চীনঃ মেকমোহন লাইনত সষ্টম চীনা সৈন্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.