ETV Bharat / state

Deben Dutta passes away: বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ দেহাৱসান

author img

By

Published : Aug 18, 2023, 3:39 PM IST

Deben Dutta passes away
বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ দেহাৱসান

অসমীয়া ভাষাৰ উৎকৰ্ষ সাধন আৰু উপস্থাপনক লৈ সদায় কাম কৰি অহা বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ দেহাৱসান। বৃহস্পতিবাৰে নিশা ১২.১০মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপক গৰাকীয়ে ৷

বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ দেহাৱসান

গুৱাহাটী, ১৮ আগষ্ট : বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা সমাজকৰ্মী দেৱেন দত্তৰ দেহাৱসান । বৃহস্পতিবাৰে নিশা ১২.১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপকগৰাকীয়ে ৷ হৃদৰোগত আক্রান্ত হৈ আছিল শিক্ষাবিদগৰাকী।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১ বছৰ। যোৱা ১১ আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দত্তক । ইয়াৰ পূর্বে হেল্থ চিটি হাস্পতালতো চিকিৎসাধীন হৈ আছিল প্ৰয়াত অধ্যাপকগৰাকী ৷

১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰৰ নাজিৰাত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তই। ১৯৬৫ ইংৰাজীত স্নাতকোত্তৰ লাভ কৰিছিল। তাৰ পাচতেই কটন কলেজত ইংৰাজীৰ প্ৰৱক্তা হিচাপে যোগদান কৰিছিল দত্তই আৰু ২০০১ চনত উপাধ্যক্ষ পদলৈ পদোন্নতি হৈছিল। ২০০২ চনত কটন কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দত্তই। ইংৰাজী বিভাগৰ প্ৰৱক্তা আছিল যদিও অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ঠ গুৰুত্ব দিছিল দত্তই।

অসমৰ প্ৰতিটো জ্বলন্ত ৰাজহুৱা বিষয়ত সদায়েই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসচেতনতা সৃষ্টি কৰি আহিছিল অধ্যাপক দেৱেন দত্তই। অসমীয়া ভাষাৰ উৎকৰ্ষ সাধন আৰু উপস্থাপনক লৈ সদায় কাম কৰি আহিছিল শিক্ষাবিদ দেৱেন দত্তই। কটন কলেজৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত কিছুদিন সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈছিল প্ৰয়াত দেৱেন দত্ত। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ পদত প্ৰতিদ্বন্দিতাও কৰিছিল।
শুকুৰবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা সুন্দৰপুৰস্থিত নিজ বাসগৃহলৈ অনা হয় প্ৰয়াত অধ্যাপকগৰাকীৰ নশ্বৰদেহ ৷ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দত্তৰ আত্মীয়স্বজন তথা গুণমুগ্ধ সকলে। বাসগৃহৰ পৰা কটন কলেজলৈ লৈ যোৱা হয় দত্তৰ নশ্বৰ দেহ। নৱগ্ৰহ শেষকৃত্য সম্পন্ন হ'ব প্ৰয়াত দত্তৰ।

বিশিষ্ট শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে, "প্ৰথিতযশা শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত জনহিতাৰ্থে সক্ৰিয় ভূমিকা পালন কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেখেত সদায় সচেতন আছিল। তেখেতৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।"
সবল ব্যক্তিত্বৰ অধিকাৰী দত্তদেৱৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকস্তব্ধ নিকটাত্মীয় আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

দত্তৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই । ৪ গৰাকী চিকিৎসকক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা জাৰি কৰা এক অফিচিয়েল অৰ্ডাৰত উল্লেখ কৰিছে এই তথ্য ৷

লগতে পঢ়ক:Deven Dutta passes away: দেৱেন দত্তৰ মৃত্যু; GMCH ত শেষ অৱস্থাত নাপালে এবটল তেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.