ETV Bharat / state

Deven Dutta passes away: দেৱেন দত্তৰ মৃত্যু; GMCH ত শেষ অৱস্থাত নাপালে এবটল তেজ

author img

By

Published : Aug 18, 2023, 1:48 PM IST

বিশিষ্ট শিক্ষাবিদ, সমাজ কৰ্মী দত্তৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই । ইতিমধ্যে 4 গৰাকী চিকিৎসকক দিয়া হৈছে তদন্তৰ দায়িত্ব ।

Deven Dutta passes away
দেৱেন দত্তৰ মৃত্যু

গুৱাহাটী, 18 আগষ্ট : বৃহস্পতিবাৰে নিশা 12:10 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তই । দেৱেন দত্তৰ অনাকাংশিত মৃত্যুৰ বাতৰিয়ে সকলোকে শোকাস্তব্ধ কৰি তুলিছে ৷ কিন্তু দত্তৰ বিয়োগৰ পাচতে এতিয়া উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ ।

Deven Dutta passes away
দেৱেন দত্তৰ মৃত্যু

এক কথাত ক’বলৈ গ’লে, দেৱেন দত্তৰ বিয়োগৰ ঘটনাই যেন উদঙাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নগ্ন স্বৰূপ । এবটল তেজৰ অভাৱৰ বাবেই দেৱেন দত্তৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে তেওঁৰ কেয়াৰ টেকাৰগৰাকীয়ে । নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰগৰাকীয়ে । এটা ইউনিট জমা দিয়াৰ পিচতো নাপালে প্ৰয়োজনীয় তেজ ।

আনহাতে, বৃহস্পতিবাৰে দিনতেই তেজ বিচাৰিছিল চিকিৎসকে । কিন্তু নিশা 9 বজাতহে দেৱেন দত্তক দিবলৈ পালে তেজ । 12 ঘণ্টাৰ পিচত তেজ পালে যদিও কামত নাহিল । ইফালে কেয়াৰ টেকাৰগৰাকীৰ এই গুৰুতৰ অভিযোগৰ পাচতেই এতিয়া গা লৰিছে জি এম চি এইছ কৰ্তৃপক্ষৰ ।

দত্তৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই । 4 গৰাকী চিকিৎসকক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা জাৰি কৰা এক অফিচিয়েল অৰ্ডাৰত উল্লেখ কৰিছে এই তথ্য ৷

উল্লেখ যে, হৃদৰোগত আক্ৰান্ত হৈ যোৱা 11 আগষ্টৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছিল প্ৰয়াত দেৱেন দত্ত । এই সম্পৰ্কত মৃত্যুৰ আগলৈকে তেখেতৰ স্বাস্থ্যৰ অৱনতিৰ কোনো খবৰেই প্ৰচাৰিত হোৱা নাছিল । যোৱা নিশা অৰ্থাৎ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ 82 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই ৷

ঐতিহ্যমণ্ডিত কটন কলেজ তথা বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ দেৱেন দত্তৰ মৃত্যুৰ বাতৰিয়ে সকলোকে সঁচাকৈ মৰ্মাহত কৰিছে ৷ তেখেতে বিদ্যায়তনিক দিশৰ উপৰিও অসমৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত সদায়েই দৃঢ়তাৰে মাত মাতি আহিছিল অধ্যাপক দত্তই ৷

এজন স্বাভিমানী অসমীয়া যিয়ে গ্ৰাহক সুৰক্ষা মঞ্চৰ জৰিয়তে গ্ৰাহক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যত নতুন সজাগতা প্ৰধান ব্যক্তি আছিল দেৱেন দত্ত । বাছ ভাড়াৰ পৰা নদীবান্ধ বিৰোধী আন্দোলনলৈকে জলন্ত ৰাজহুৱা বিষয়ত সদায়েই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসচেতনতা সৃষ্টি আৰু কৰ্তৃপক্ষক সজাগ কৰি আহিছিল অধ্যাপক দেৱেন দত্তই । অসমীয়া ভাষাৰ গৰিমা আৰু মহত্বক সদায়েই আগস্থান দি অহা দেৱেন দত্তৰ বিয়োগত জাতিয়ে হেৰুৱালে এজন অভিভাৱক ৷

লগতে পঢ়ক : Deven Dutta passes away: অসমীয়াই হেৰুৱালে ভাষা জাতি সমাজৰ বাবে নিঃস্বাৰ্থভাৱে মাত মতা এগৰাকী অভিভাৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.