ETV Bharat / state

গুৱাহাটীত 12 খন বাহনৰ পৰা জব্দ 204টা চোৰাং গৰু

author img

By

Published : Oct 17, 2019, 5:15 PM IST

ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ ৷ বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে চলা এক অভিযানত সোণাপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং গৰু ৷

12 খন বাহনৰ পৰা জব্দ 204 টা চোৰাং গৰু

গুৱাহাটী, 17 অক্টোবৰঃ মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে চলা এক বিশেষ অভিযানত সোণাপুৰত জব্দ হয় 11 খন ট্ৰাকসহ এখন পিক আপ ভান ৷ বাহন কেইখনৰ পৰা উদ্ধাৰ হয় প্ৰায় 176 টা গৰু ৷ আনহাতে যোৰাবাটত এখন ট্ৰাকৰ পৰা 28 টা চোৰাং গৰুসহ আটক কৰে সৰবৰাহকাৰীক ৷

সোণাপুৰ-যোৰাবাটত জব্দ গৰু ভৰ্তি ট্ৰাক
সোণাপুৰ-যোৰাবাটত জব্দ গৰু ভৰ্তি ট্ৰাক

এই ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে, এক গোপন সূত্ৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই সোণাপুৰ আৰু যোৰাবাটত 12 খন বাহনৰ পৰা মুঠ 204 টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,এই উদ্ধাৰ হোৱা গৰুকেইটা অবৈধভাৱে উজনি অসমৰ পৰা মেঘালয়লৈ লৈ অনা হৈছিল। এই ঘটনাৰ সৈতে জড়িত মুঠ 15 জনক চালকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

সোণাপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং গৰু

ইপিনে ৰাজ্যত অব্যাহত হৈ থকা কয়লা ছিণ্ডিকেট,শিল-বালি ছিণ্ডিকেট,চুপাৰী ছিণ্ডিকেট আদিক লৈ অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । আনহাতে বিজেপিৰ আত্মীয় কুটুম্বৰ ছত্ৰ-ছায়াতে এই অবৈধ বেহা চলি থকা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ লগতে গৰুৰ চোৰাং বেহা সন্দৰ্ভত সোণাপুৰৰ ভাৰপ্ৰাপ্ত বিষয়া অৱগত বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। প্ৰশ্ন হৈছে, দেশত দুৰ্নীতি নিৰ্মূল হোৱা বুলি দম্ভালি মাৰি থকাৰ পিছতো কিয় এতিয়াও অবৈধ বেহা, ছিণ্ডিকেটে গা কৰি উঠিছে ৰাজ্য়খনত ? ৰাইজৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ ৷

Intro:মহানগৰ আৰক্ষীৰ অভিযানত চোৰাং সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 204টা গৰু: জব্দ12খন ট্ৰাক আৰু গ্ৰেপ্তাৰ 15 চালক


Body:Anchor: ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু সৰবৰাহ। মহানগৰ আৰক্ষীয়ে বুধবাৰে নিশাৰে পৰা বৃহস্পতিবাৰ পুৱালৈকে চলোৱা এক বিশেষ অভিযানত সোণাপুৰত 11 খন ট্ৰাকসহ অন্য পিক আপ বাহনত 176 টা গৰু আৰু যোৰাবাটত এখন ট্ৰাকৰ পৰা 28টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে।

ঘটনা সম্পৰ্কে আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এক গোপন সূত্ৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত সোণাপুৰ আৰু যোৰাবাটত 12 খন বাহনৰ পৰা মুঠ 204টা গৰু উদ্ধাৰ কৰা হৈছে। চোৰাং সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা গৰুকেইটা অবৈধভাৱে উজনি অসমৰ পৰা মেঘালয়লৈ লৈ অনা হৈছিল। পাছত এই ঘটনাৰে জড়িত চালকসহ মুঠ 15জনক গ্ৰেপ্তাৰ কৰা হৈছে।

বাইট - আৰক্ষী আয়ুক্ত

VO: ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেট, শিল-বালি ছিণ্ডিকেট, চুপাৰী ছিণ্ডিকেট, পান-তামোল ছিণ্ডিকেট আদিৰ বিষয়ে অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। এই ছিণ্ডিকেটৰ বিষয়ে সৰৱ হৈ পৰি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যত দুৰ্নীতি তথা ছিণ্ডিকেটৰাজ সম্পূৰ্ণ বন্ধ হোৱা বুলি দম্ভালি মাৰি থকাৰ সময়তে এনে অবৈধ বেহাবোৰে গা কৰি উঠিছে। আৰু এই অবৈধ বেহাবোৰ বিজেপিৰ আত্মীয় কুটুমেৰে হৈ থকা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। লগতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই বেহা সম্পৰ্কে সোণাপুৰ ভাৰপ্ৰাপ্ত বিষয়া অৱগত। এই সমগ্ৰ বেহা তেওঁৰ নাকৰ তলেৰে গা কৰি আহিছে। মাত্ৰ কেইটামান ধনৰ বিনিময়ত এই বেহাই মাৰাত্মক ধৰণে বৃদ্ধি পাইছে।

বাইট- স্থানীয় ৰাইজ

End VO: এতিয়া প্ৰশ্ন হয় যে, এই অবৈধ বেহা মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে সংঘটিত হৈ আহিছে নেকি? দেশত দুৰ্নীতি নিৰ্মূল হোৱা বুলি দম্ভালি মাৰি থকাৰ পিছতো কিয় এনে অবৈধ বেহা, ছিণ্ডিকেটবোৰে গা কৰি উঠিছে? কেতিয়া নিৰ্মূল হব এইসমূহ বেহা? এই বিষয়ে কিবা বিহীত ব্যৱস্থা লব নে শ্লোগান আওৰাই থকা চৰকাৰখনে?



Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.