ETV Bharat / state

Durga puja 2023: কি ধৰণেৰে দেৱীক প্ৰতিষ্ঠা কৰা হ’ব ষষ্ঠীৰ বেদীত?

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:03 PM IST

আজি সন্ধিয়ালৈ বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক । বেলবৰণৰ নিয়মসমূহ কি কি তথা আজি দেৱীৰ কি ৰূপক আৰধনা কৰা হ’ব এই সন্দৰ্ভত জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ?

Durga puja 2023
কি ধৰণেৰে দেৱীক প্ৰতিষ্ঠা কৰা হ’ব ষষ্ঠীৰ বেদীত

কি ধৰণেৰে দেৱীক প্ৰতিষ্ঠা কৰা হ’ব ষষ্ঠীৰ বেদীত

গুৱাহাটী, 20 অক্টোবৰ: আজি মহাষষ্ঠী পূজা । ষষ্ঠীত বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক । মহালয়াত ধৰালৈ আগমন ঘটা মা দুৰ্গা কৈলাশৰ পৰা নামি আহি ষষ্ঠীৰ দিনা বেল গছৰ তলত জিৰণি ল’বলগীয়া হয় । বোধনৰ পিছত বেল গছৰ তলত দুটা বেলেৰে দেৱীক পূজা কৰা হয় । বেল দুটা বৰণ কৰি অনাৰ পিছত দেৱী পূজা আৰম্ভ হয় ।

বেল বৰণ কৰিবলৈ যাওঁতে জয়ন্তী ফুলৰ ডাল, ধানৰ পৰা আৰম্ভ কৰি কচুলৈ সকলো সামগ্ৰী লাগে । দেৱীক নৱ দুৰ্গা ৰূপত পূজা কৰা হয় । নৱ দুৰ্গা পূজাৰ বাবে 9 টা পাত থকা কলপুলি অনা হয় । সেই কলপুলিটো 9 বছৰীয়া শিশু এটিৰ সমান ওখ হ'ব লাগিব । সেই কলপুলিটোত নৱৰাত্ৰি পূজাৰ বাবে যিমান প্ৰয়োজনীয় সামগ্রী থাকে সেইখিনি অৰ্পণ কৰা হয় ।

উল্লেখযোগ্য যে মা দুৰ্গা দেৱীৰ ষষ্ঠ ৰূপটো হ’ল “কাত্যায়নী”। নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা দুৰ্গা দেৱীক " কাত্যায়ানী" ৰূপত আৰাধনা কৰা হয় । পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বাঢ়ি যোৱাত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে নিজৰ শৰীৰৰ পৰা এটোপ এটোপকৈ তেজদি মহিষাসুৰ নিধনৰ উদ্দেশ্যে এই কাত্যায়নী দেৱীক সৃষ্টি কৰিছিল ।

মহৰ্ষি কাত্যায়নে এই দেৱীক প্ৰথমে উপাসনা কৰিছিল, মহৰ্ষি কাত্যায়নৰ পূজা গ্ৰহণ কৰাৰ বাবে দেৱীৰ এই ৰূপটোক কাত্যায়নী নামেৰে জনা যায় । কাত্যায়নী দেৱী চতুভূৰ্জা আকৃতিৰ, তেখেতৰ বাহন হ'ল সিংহ । নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত কাত্যায়নী দেৱীক পূজা কৰিলে ভক্তসকলৰ সকলো দিশতে উন্নতি হয়, সৰ্ব্ব শাস্ত্ৰ জ্ঞান প্ৰাপ্তি হয়, সৰ্ব্ব সিদ্ধি প্ৰাপ্তি হয় বুলি বিশ্বাস কৰা হয় ।

লগতে পঢ়ক: Dandiya in Dibrugarh : নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত অনুষ্ঠিত আৰ্কষণীয় দাণ্ডিয়া নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.