ETV Bharat / state

Zubeen Garg Health Update: তিনি দিনৰ অন্তত চিকিৎসালয়লৰ পৰা ঘৰলৈ উভতিল জুবিন গাৰ্গ

author img

By

Published : Jul 23, 2022, 3:49 PM IST

heartthrob zubin garg returns home after recovering
Zubeen Garg Health Update: সুস্থ হৈ ঘৰলৈ উভতিল হাৰ্টথ্ৰৱ জুবিন

সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল জুবিন গাৰ্গ । বুধবাৰে আয়ূৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক । তিনি-চাৰিদিনৰ পাছত পুনৰ চিকিৎসালয়লৈ আহিব লাগিব জুবিন গাৰ্গ(Health condition of Zubeen Garg) ।

গুৱাহাটী, ২৩ জুলাই: সুস্থ হৈ ঘৰলৈ উভতিল হাৰ্টথ্ৰৱ জুবিন । আয়ূৰসুন্দ্ৰা হাস্পতালৰ পৰা ওলোৱাৰ পূৰ্বে শিল্পীগৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । আয়ূৰসুন্দ্ৰা হাস্পতালৰ কৰ্তৃপক্ষই জনোৱা মতে যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ অন্তত শনিবাৰে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় জুবিন গাৰ্গক । শিল্পীগৰাকীয়ে মূৰত আঘাতৰ পোৱাৰ বাবে বুধবাৰে ভৰ্তি কৰোৱা হৈছিল হাস্পতালখনত(Health condition of Zubeen Garg) ।

Zubeen Garg Health Update: সুস্থ হৈ ঘৰলৈ উভতিল হাৰ্টথ্ৰৱ জুবিন

বাথৰূমত পিচলি পৰি আঘাত পোৱা জুবিন গাৰ্গৰ মূৰত ৫ টাকৈ চিলাই কৰিবলগীয়া হোৱাৰ বাবে তিনি-চাৰি দিনৰ পিছত পুনৰ চিকিৎসাললৈ আহিব লাগিব বুলি উল্লেখ কৰে হাস্পতাল কৰ্তৃপক্ষই । বৰ্তমান তেওঁ বিপদমুক্ত যদিও কিছুদিন বিশ্ৰামৰ প্ৰয়োজন আছে বুলিও জনায় চিকিৎসকে । এমাহৰ পিছত পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অহাৰ লগতে তেওঁক সময়মতে খোৱা আৰু প্ৰয়োজনীয় টোপনিৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ'ৰ্টত বাহৰ পাতি থকা অৱস্থাত মঙলবাৰে জুবিন গাৰ্গ বাথৰূমত পিছল খাই পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল (Zubeen Garg injured)৷ লগেলগে তেওঁক ডিব্ৰুগড়ৰৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় ।

তাৰ পাছতে শিল্পীগৰাকীক এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা মহানগৰীৰলৈ লৈ আনি আয়ূৰসুন্দ্ৰা চুপাৰস্পেচিয়েলিটি হাস্পতালত(Ayursundra Superspecialty Hospital) ভৰ্তি কৰোৱা হৈছিল । গুৱাহাটী বিমান বন্দৰৰ পৰা গ্ৰীণ কৰিড’ৰেৰে হাস্পতালখনলৈ লৈ অহা হৈছিল শিল্পীগৰাকীক । তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰা হৈছিল জুবিন গাৰ্গক । অনুৰাগীৰ প্ৰাৰ্থনা আৰু চিকিৎসকৰ চিকিৎসাৰ ফলত সুস্থ হৈ শনিবাৰে ঘৰলৈ উভতিল সকলোৰে প্ৰিয় শিল্পীগৰাকী । আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষইও জুবিন গাৰ্গৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি স্বাস্থ্যৰ যতন ল’বলৈ পৰামৰ্শ আগবঢ়ায় ।

লগতে পঢ়ক: Zubeen Garg Health Update: জুবিন গাৰ্গৰ কাষত কেৱল পত্নীহে থাকিব পাৰিব কিছুদিনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.