ETV Bharat / state

Silver Jubilee Celebration: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে বৰ্ণাঢ্য আয়োজন

author img

By

Published : Nov 8, 2022, 10:42 PM IST

উত্তৰ-পূৱ ভাৰতৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰই ভৰি দিব ৰূপালী জয়ন্তী বৰ্ষত(Silver Jubilee Year of Sankardev Kalakshetra) । চলিত বৰ্ষৰ ৯ নৱেম্বৰত প্ৰতিষ্ঠাৰ বৰ্ণিল ২৪ টা বৰ্ষ অতিক্ৰমী ২৫ তম বৰ্ষত ভৰি দিব । সমাগত সমগ্ৰ বৰ্ষটো পালন কৰা হ'ব ৰূপালী জয়ন্তী বৰ্ষ হিচাপে ।

srimanta sankardev kalakshetra to be celebrated
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য আয়োজন

গুৱাহাটী,৮ নৱেম্বৰ: ঐতিহাসিক অসম চুক্তি(The Assam Accord)ৰ ফলত জাতিটোৱে লাভ কৰা উত্তৰ-পূৱ ভাৰতৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ভৰি দিব ৰূপালী জয়ন্তী বৰ্ষত । চলিত বৰ্ষৰ ৯ নৱেম্বৰত প্ৰতিষ্ঠাৰ বৰ্ণিল ২৪ টা বৰ্ষ অতিক্ৰমী ২৫ তম বৰ্ষত পদাৰ্পণ কৰিব । সমাগত বৰ্ষটো "ৰূপালী জয়ন্তী বৰ্ষ" হিচাপে উদযাপন কৰা হ'ব(Silver Jubilee Year of Sankardev Kalakshetra) ।

১৯৯৮ চনৰ ৯ নৱেম্বৰত ভাৰতৰ তদানীন্তন ৰাষ্ট্রপতি কে.আৰ. নাৰায়ণনে জাতিৰ বাবে উচৰ্গা কৰা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৯ নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তী বর্ষ উদ্বোধনী অনুষ্ঠানত পুৱা ৯:০০ বজাত সর্বপদ মংগল কামনাৰে কলাক্ষেত্ৰৰ কীৰ্ত্তনঘৰত নাম-প্ৰসংগৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে(25 years of Srimanta Sankardev Kalakshetra) ।

এই নাম প্ৰসংগত অসমৰ প্ৰায় ১০ টি দলে অংশগ্ৰহণ কৰিব । দিনৰ ১০:০০ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫ খন চানেকীযুক্ত পতাকা উত্তোলন কৰা হ'ব । মুখ্য উত্তোলক হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৰ্তমান আৰু প্ৰাক্তন উপ-সভাপতি, সচিব আৰু সাধাৰণ পৰিষদৰ সদস্যসকলো উক্ত উত্তোলন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য আয়োজন

দিনৰ ১০:৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা ছয়মাইললৈ এক বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে । এই শোভাযাত্ৰাত ১৫০০ শিল্পীৰ লগতে ৫০০ গৰাকী মৃদংগীয়া গায়ন-বায়নে অংশ গ্ৰহণ কৰিব । দিনৰ ১১:৩০ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সভাপতি ড° হিমন্ত বিশ্ব শর্মা । উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা বিৰচিত আৰু সুৰাৰোাপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শীৰ্ষ গীতৰ আধাৰত এক নৃত্য-নাট মঞ্চত পৰিৱেশন কৰা হ'ব ।বিয়লি ৪:০০ বজাত 'অতীতদর্শী' শীর্ষক বিশিষ্ট চিত্রশিল্পী ননী বৰপুজাৰীৰ চিত্ৰ কৰ্মৰ একক প্ৰদৰ্শনী আৰু 'অতীত বীক্ষণ' শীর্ষক আলোকচিত্র প্রদর্শনী মুকলি কৰা হ'ব ।

উক্ত অনুষ্ঠানটি উদ্বোধন কৰিব অসমৰ মাননীয় শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগুয়ে । বিয়লি ৪:৩০ বজাত মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ আধাৰত পৰম্পৰাগত আকাশবন্তি প্রজ্বলন কৰা হ'ব । ইয়াৰোপৰি বৰপেটাৰ পৰম্পৰাগত আতচবাজী প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে । আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ‘জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰিব বিচৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা—'ৰাস মধুৰম' অনুষ্ঠানেৰে ।

ৰাস মধুৰম' মঞ্চায়ন কৰা হ'ব অহা ১২ আৰু ১৩ নৱেম্বৰত । শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত সন্ধিয়া ৬:০০ বজাৰ পৰা আনহাতে অহা ১৪ আৰু ১৬ নৱেম্বৰত নলবাৰীৰ প্ৰসিদ্ধ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণতো পৰিৱেশন কৰা হ'ব । অসমৰ প্রায় ২০ নৃগোষ্ঠীয় শিল্পীয়ে এই ৰাসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ।

লগতে পঢ়ক: Allegations of embezzlement of public funds: কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.