Allegations of embezzlement of public funds: কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু

author img

By

Published : Nov 8, 2022, 5:38 PM IST

Case filed against AIUDF MLA Karim Uddin Barbhuiya in Sonai

ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু (FIR against AIUDF MLA Karim Uddin Barbhuiya) । সোনাই থানাত বিধায়কগৰাকীসহ 8 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী মহিলাই ।

গুৱাহাটী, 8 নৱেম্বৰ: AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু (FIR against AIUDF MLA Karim Uddin Barbhuiya)। ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত AIUDF ৰ বিধায়কজনৰ বিৰুদ্ধে কাছাৰ জিলাৰ সোনাই থানাত ৰুজু হৈছে গোচৰ (Allegations of embezzlement of public funds)।

উল্লেখ্য যে, চৰকাৰী আঁচনিৰ প্ৰায় ৫০ লাখ টকাৰ কাম নকৰাকৈয়ে টকা উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে বিধায়কজনৰ বিৰুদ্ধে । কেৱল ইমানেই নহয় সোনাই থানাত বিধায়কসহ 8 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী মহিলাই ।

ঘটনাৰ বিৱৰণী মতে, যোৱা ২৪ অক্টোবৰত পিংকু লস্কৰ নামৰ কাছাৰৰ এগৰাকী মহিলাই ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত বিধায়ক কৰিমউদ্দিন বৰভূঞাসহ আন 8 জন লোকৰ বিৰুদ্ধে কাছাৰ জিলাৰ সোনাইত থানাত ৰুজু কৰিছিল গোচৰ । চৰকাৰী আঁচনিৰ প্ৰায় 50 লাখ টকাৰ কাম নকৰাকৈয়ে ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন কৰি সোনাই থানাত বিধায়কসহ 8 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।

Case filed against AIUDF MLA Karim Uddin Barbhuiya in Sonai
ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু

কিন্তু এজাহাৰ দাখিল কৰাৰ পাছতো বৰ্তমানলৈ আৰক্ষীয়ে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । পিংকু লস্কৰে যোৱা ২৪ অক্টোবৰত সোনাই থানাত ৰুজু কৰা গোচৰ মতে ২০২০-২১ চনৰ কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পুজিৰ ধন ৫০ লাখ টকাৰ জৰিয়তে সোনাইৰ সাদিন বজাৰত মহিলা মাৰ্কেট নিৰ্মাণৰ বাবে ৩৫ লাখ টকাৰ‌ অনুমোদন হৈছিল ।

আকৌ ২০২০-২১ চনত বাঘপুৰৰ পৰা ONGC পথ আৰু চাহেৱ বাৰী পথ নিৰ্মাণৰ বাবে অনুমোদন হৈছিল বিধায়ক পুজিৰ ১৫ লাখ টকা । কিন্তু কোনো কাম নকৰাকৈ সোনাইৰ সাদিন বজাৰত মহিলা মাৰ্কেট নিৰ্মাণৰ ৭৫ শতাংশ কাম সম্পূৰ্ণ কৰা বুলি কাছাৰ জিলাৰ জিলা উপায়ুক্তৰ পৰা অনুমোদন লৈ ২৬ লাখ ৫০ হাজাৰ টকা উলিয়াই নি AIUDF ৰ বিধায়কজনে বিধায়কৰ পুজি সম্পূৰ্ণ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । লগতে বিধায়কৰ Untied Fund ৰ ১৫ লাখ টকাৰ বাঘপুৰৰ পৰা ONGC পথ আৰু চাহেৱ বাৰী পথ নিৰ্মাণৰ বাবে অনুমোদিত ধন কাম নকৰাকৈ আত্মসাৎ কৰিছে।

এতিয়া প্ৰশ্ন হয় AIUDF ৰ বিধায়কজনৰ বিৰুদ্ধে সোনাই আৰক্ষী থানাত গোচৰ ৰুজু হৈছে যদিও বৰ্তমানলৈকে কিয় আৰক্ষীয়ে তদন্ত কৰা নাই? দুৰ্নীতিৰ গোচৰত বিধায়ক কৰিমউদ্দিন বৰভূঞাক আৰক্ষীয়ে কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? নে আৰক্ষীক বিধায়কগৰাকী মেনেজ কৰিছে? আৰক্ষীৰ এনে ৰহস্যময় স্থিতিয়ে এতিয়া এনে বহু প্ৰশ্নৰ উদয় কৰিছে।

লগতে পঢ়ক: DAC poll 2022: নাৰায়ণপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.