ETV Bharat / state

Silsako Update: শিলাসাঁকোত সক্ৰিয় ভূ-মাফিয়া; নিৰ্ধাৰিত সীমাৰ বাহিৰত থকা ভূমিও হস্তগত কৰাৰ চেষ্টা

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 9:53 PM IST

Silsako Update
Silsako Update

ভূতৰ ওপৰত দানহ পৰাদি শিলসাঁকোত সক্ৰিয় হৈছে মাটিৰ দালাল ৷ একাংশ লোকৰ ঘৰৰ সন্মুখত ভূমি অধিগ্ৰহণ কৰা বুলি লগাইছে জাননী ৷ GMDAৰ একাংশ বিষয়াৰ সৈতে লগ হৈ এই ভূ-মাফিয়া চক্ৰটো সক্ৰিয়া হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ একাংশ লোকক ধনদাবী কৰা ঘটনাও পোহৰলৈ আহিছে ৷

ভূতৰ ওপৰত দানহ পৰাদি শিলসাঁকোত সক্ৰিয় হৈছে মাটিৰ দালাল

গুৱাহাটী, ৯ ছেপ্টেম্বৰ: শিলসাঁকোত পুনৰ সক্ৰিয় হৈ পৰিছে একাংশ মাটিৰ দালাল । শিলসাঁকোৰ ভূমি অবৈধভাৱে দখল কৰা লোকক প্ৰশাসনে উচ্ছেদ কৰাৰ পিছত শেহতীয়াকৈ GMDA কৰ্তৃপক্ষই সীমা নিৰ্ধাৰণ কৰি ফেঞ্চিং দিয়াৰ কাম আৰম্ভ কৰিছে ।

তেনে সময়তে শিলসাঁকোত পুনৰ নতুন ৰূপত আগমন ঘটিছে ভূ-মাফিয়াৰ । এনে একাংশ মাটিৰ দালালে সীমা নিৰ্ধাৰণৰ বাবে অহা GMDAৰ একাংশ বিষয়াৰ লগত গোপন বুজা বুজি কৰি মাটি হস্তগত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি এনে মাটিৰ দালালে শিলসাঁকোৰ উচ্ছেদৰ পিছত সীমাৰ ভিতৰত নপৰা একাংশ ঘৰত GMDAৰ শিলসাঁকোৰ ভূমি সম্পৰ্কীয় এখন জাননী ফলক আঁৰি মাটিৰ গৰাকীৰ পৰা ধন দাবী কৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । মাটিৰ দালালৰ এনে চক্ৰান্তত ভৰি দিয়া দুই-এগৰাকী ব্যক্তি উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিবলৈও বাধ্য হৈছে ।

মন কৰিবলগীয়া কথা এই যে, চলিত সপ্তাহৰ বৃহস্পতিবাৰে অৰ্থাৎ ৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকোৰ উচ্ছেদ সাময়িকভাৱে স্থগিত ৰখা বুলি ঘোষণা কৰিছিল । ইয়াৰ পূৰ্বে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই ১৩০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত উচ্ছেদ কৰিবলগীয়া সকলো ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হোৱা বুলি ঘোষণা কৰাৰ পিছত কৰ্তৃপক্ষই সীমা নিৰ্ধাৰণ কৰি ফেঞ্চিং দিয়া কাম আৰম্ভ কৰিছিল ।

কিন্তু শেহতীয়াকৈ উচ্ছেদ অভিযান বন্ধ হোৱাৰ সুযোগ লৈ একাংশ ভূ-মফিয়াই GMDAৰ একাংশ বিষয়াৰ লগত গোপন বুজা বুজি কৰি শিলসাঁকোৰ সীমাৰ বাহিৰত থকা একাংশ ঘৰত ভূমি অধিগ্ৰহণ কৰা বুলি GMDAৰ জাননী ফলক আঁৰি দিয়ে ।

বিশেষকৈ GMDAৰ একাংশ বিষয়াৰ লগত লগ লাগি শিলসাঁকোৰ মূল সুঁতিৰ পৰা ২০০ মিটাৰতকৈ অধিক দূৰত্বত থকা একাংশ ঘৰক লক্ষ্য কৰি লৈ GMDAয়ে ফলক আঁৰি দিছে । ইয়াতে ক্ষান্ত নাথাকি ভূ-মাফিয়াৰ দলটোৱে GMDAৰ জাননী ফলক আঁৰি দিয়া ঘৰৰ গৰাকীক উচ্ছেদৰ ভয় দেখুৱাই একৰ পৰা দুই লাখ টকা পৰ্যন্ত ধন দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

স্বাভাৱিকতে ভূ-মাফিয়াৰ এনে কৰ্মকাণ্ডক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । শিলসাঁকোত নতুনকৈ আগমন ঘটা এনে মাটিৰ দালালক কৰায়ত্ত কৰি উচিত শিক্ষা দিবলৈ অঞ্চলটোৰ ৰাইজে মুখ্যমন্ত্ৰী তথা GMDAৰ অধ্যক্ষক দাবী জনাইছে ।

লগতে পঢ়ক: Assam Electricity Crisis: নতুন দিল্লীত কেন্দ্রীয় শক্তিমন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ; অসমে পাব ৩০০ মেগাৱাট বিদ্যুৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.