ETV Bharat / state

Assam Electricity Crisis: নতুন দিল্লীত কেন্দ্রীয় শক্তিমন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ; অসমে পাব ৩০০ মেগাৱাট বিদ্যুৎ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:38 PM IST

কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ বাবে 300 মেগাৱাট বিদ্যুৎ বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam Electricity Crisis
Assam Electricity Crisis

গুৱাহাটী, 9 ছেপ্টেম্বৰ: ৰাজ্যত বিগত কিছুদিন ধৰি অব্যাহত থকা বিদ্যুৎ সংকটৰ বিষয়টোক লৈ বিভিন্ন প্ৰতিক্ৰিয়া তথা আন্দোলন আদি সংগঠিত হোৱাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৷ শুকুৰবাৰে নিশা কেবিনেট বৈঠকৰ পাছত সদৰী কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে শনিবাৰে তেওঁ নতুন দিল্লীত কেন্দ্রীয় শক্তিমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ বাবে ৩০০ মেগাৱাট বিদ্যুৎ বিচাৰিব ।

উল্লেখ্য যে শুকুৰবাৰে নিশা ১১.৪৫ বজাত ইণ্ডিগ’ বিমানেৰে তেওঁ নতুন দিল্লীলৈ যায় । শনিবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই শক্তিমন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰে ।

এই সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনায় যে তেওঁ শক্তিমন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰি ৰাজ্যৰ বাবে ৩০০ মেগাৱাট বিদ্যুৎ বিচাৰে । এই ক্ষেত্ৰত শক্তিমন্ত্ৰীয়ে অনুমোদন দিছে বুলি তেওঁ সদৰী কৰে ।

  • Had an excellent discussion with Hon’ble Union Power Minister Shri RK Singh ji.

    I briefed him on the unprecedented 26% increase in power demand due to growth of productive sectors of the economy.

    He has assured to kindly consider my personal request to allocate at least 300 MW… pic.twitter.com/exeeVbr4xD

    — Himanta Biswa Sarma (@himantabiswa) September 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীয়ে টুইট জৰিয়তে কয় যে অসমত ২৬ শতাংশ বিদ্যুতৰ চাহিদা‌ বৃদ্ধি পাইছে । উল্লেখ্য যে শুকুৰবাৰে কেবিনেটত ঘৰুৱা গ্ৰাহকৰ বিদ্যুৎ মাচুল নবঢ়োৱাৰ সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰীয়ে কৈছিল যে কেন্দ্ৰৰপৰা অতিৰিক্ত বিদ্যুৎ নাপালে এক অক্টোবৰলৈ বিদ্যুৎ যোগান কিছু ব্যাহত হৈ থাকিব । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ঔদ্যোগিক আৰু ব্যৱসায়িক বিদ্যুৎ গ্ৰাহকৰ মাচুল বঢ়ালে বিশেষ সমস্যা নাই বুলিও মত পোষণ কৰে কেবিনেটে ।

উল্লেখ্য যে প্রচণ্ড গৰমত সঘনাই বিদ্যুৎ কৰ্তনক লৈ ৰাজ্যৰ জনজীৱন অতীষ্ঠ হৈ পৰিছে । ৰাজ্যখনত দৈনিক ৬০০-৭০০ মেগাৱাট বিদ্যুৎ ঘাটি হৈছে । বিদ্যুৎ ঘাটিৰ জোৰা মৰাত এ পি ডি চি এল ব্যৰ্থ হৈছে । সেয়ে দৈনিক ঘণ্টাৰ পাছত ঘণ্টা বিদ্যুৎ কৰ্তন কৰা হৈছে । বিদ্যুৎ কর্তনক লৈ ঠায়ে ঠায়ে গ্রাহক আৰু বিদ্যুৎ কৰ্মীৰ মাজত সংঘাতৰো সূত্ৰপাত ঘটিছে ।

সম্প্রতি গৰমৰ বাবে ৰাজ্যত দৈনিক ২,৫০০-২,৬০০ মেগাৱাটকৈ বিদ্যুতৰ প্ৰয়োজন হৈছে । অসমৰ বাহিৰৰ প্ৰতিষ্ঠানৰ পৰা বিদ্যুৎ ক্ৰয় কৰি থকা হৈছে । তথাপি দৈনিক ৬০০-৭০০ মেগাৱাট বিদ্যুৎ ঘাটি হোৱাত লোডশ্বেডিং কৰিবলগীয়া হৈছে । কিন্তু অধিক দাম দিলেও অধিক বিদ্যুৎ শক্তি নিলাম বজাৰৰ পৰাও কিনিব পৰা নাযায় ।

কিয়নো দেশত বিদ্যুৎ উৎপাদন বতৰৰ বাবে কম হোৱাত শক্তি নিলাম বজাৰতো হাহাকাৰ লাগিছে । নিলাম বজাৰৰ পৰা ২০০-৩০০ মেগাৱাট বিদ্যুৎ কিনিব নোৱাৰিলে APDCLয়ে অধিক সময় বিদ্যুৎ কৰ্তন কৰিবলগীয়া হয় ।

লগতে পঢ়ক: Assam Cabinet decision : ঘৰুৱা উপভোক্তাৰ বিদ্যুৎ মাচুল বৃদ্ধি নহয়; কেবিনেটৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.