ETV Bharat / state

What happens on Saptami Durga Puja ? : মহাসপ্তমীৰ দিনা মাৰ কোনটো ৰূপক আৰাধনা কৰা হয় ?

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 2:05 PM IST

Updated : Oct 21, 2023, 2:22 PM IST

মহাসপ্তমীৰ দিনা মাৰ কোনটো ৰূপক আৰাধনা কৰা হয় ? আজিৰ দিনটোত মাৰ ভোগ কি ? কি ৰঙৰ ফুল বা কুমকুম আজি মাক অৰ্পণ কৰিব পাৰে ? সবিশেষ...

Significance of Saptami puja
আজি মহাসপ্তমী

আজি মহাসপ্তমী

গুৱাহাটী, 21 অক্টোবৰ : আজি মহাসপ্তমী । বেলবৰণৰ পিচৰে পৰা আৰম্ভ হোৱা দুৰ্গা পূজাৰ আজিৰ দিনটোত প্ৰতিজন দেৱতাক আসনত বহুৱা হয় । মা দুৰ্গাৰ সৈতে যিহেতু গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী, মহিষাসুৰ থাকে । সেয়ে সকলো দেৱ-দেৱীক মহাসপ্তমীৰ দিনা প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হয় ।

সপ্তম দিনটোত মা দুৰ্গা দেৱীক ‘কালৰাত্ৰি’ ৰূপত আৰাধনা কৰা হয় । মা দুৰ্গা দেৱীৰ সপ্তম ৰূপটো হৈছে ‘কালৰাত্ৰি’ । এখেতৰ শৰীৰৰ বৰণ কৃষ্ণ বৰ্ণ অৰ্থাৎ ঘন কলা অন্ধকাৰৰ নিচিনা । মূৰৰ চুলিবোৰ আউলী- বাউলী । ডিঙিত উজ্জ্বল মালা জিলিকি থাকে । এই মা দুৰ্গা ত্ৰি নেত্ৰ অৰ্থাৎ তিনিটা চকুযুক্ত । দেৱী চতুৰ্ভূজা অৰ্থাৎ চাৰিখন হাত মুক্ত ।

কালৰাত্ৰি দুৰ্গা দেৱীৰ বাহন হ’ল গাধ । দেৱীয়ে সুম্ভা আৰু নিসুম্ভা নামৰ নামৰ ৰাক্ষস দ্বয়ক বধ কৰিবলৈ এই ৰূপ ধাৰণ কৰিছিল । মা দুৰ্গা দেৱীৰ এই ‘কালৰাত্ৰি’ৰ ৰূপটো দেখাত অতি ভয়ংকৰ যদিও এই দেৱীয়ে ভাল ফল প্ৰদান কৰে ৷ সেয়েহে তেওঁৰ আন এটা নাম হ’ল ‘শুভংকৰী’ । দুৰ্গা পূজাৰ সপ্তম দিন মা কালৰাত্ৰিৰ দেৱীক উপাসনা কৰা হয় ।

নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা আৰম্ভ কৰি নৱম দিনালৈ দুৰ্গা দেৱীক অৰ্পণ কৰা হয় ফুল, কুমকোম আদিৰ ভিন্ন ৰং । প্ৰথম দিনা কমলা ৰঙৰ ফুল আৰু কুমকুম মাক অৰ্পণ কৰিব পাৰে । ঠিক তেনেদৰে দ্বিতীয় বগা, তৃতীয় দিনা ৰঙা, চতুৰ্থ দিনা নীলা, পঞ্চম দিনা হালধীয়া, ষষ্ঠ দিনা সেউজীয়া,সপ্তম দিনা ধোঁৱা বৰণীয়া, অষ্টম দিনা বেঙুনীয়া, আৰু নৱম দিনা নীলা সেউজীয়া মিশ্ৰিত ৰঙ ।

আজি যিহেতু সপ্তম দিন, সেয়ে আজিৰ শুভ ৰঙ হৈছে ধোঁৱা বৰণীয়া । আনহাতে, আজিৰ দিনটোত ভোগ হিচাপে মাক গুৰ আগবঢ়াব পাৰে ।

লগতে পঢ়ক : Prasanta Phukan inaugurates Puja mandap : ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টি পূজা মণ্ডপত বিধায়ক প্ৰশান্ত ফুকন

Last Updated : Oct 21, 2023, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.