ETV Bharat / state

Lok Sabha Election 2024 : গুৱাহাটী সমষ্টিক লৈ শাসকীয় দলত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচ-কাৱাজ

author img

By

Published : May 25, 2023, 2:14 PM IST

Lok Sabha Election 2024
গুৱাহাটী সমষ্টিক লৈ শাসকীয় দলত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচ-কাৱাজ

শাসকীয় দল বিজেপিয়ে ১২ প্লাছৰ লক্ষ্যৰে কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলো তৎপৰ হৈছে (Assam BJP strategy for upcoming Lok Sabha Election)। গুৱাহাটী লোকসভা সমষ্টিত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক শীতল যুঁজ । মুখ খুলিব নিবিচাৰিলেও চৰ্চালৈ আহিছে কেইবাগৰাকী নেতাৰ নাম । এইবাৰ টিকট লাভৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সাংসদ কুইন ওজা । চৰ্চাত আছে জয়ন্ত দাস, আঙুৰলতা ডেকা, ৰমেন ডেকা আৰু দিলীপ শইকীয়াও ।

গুৱাহাটী,২৫ মে' : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে (Upcoming Lok Sabha Election 2024)। ইফালে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলো লক্ষ্যত উপনীত হোৱাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে । শাসকীয় দল বিজেপিয়ে ১২ প্লাছৰ লক্ষ্যৰে ইতিমধ্যে কুচ-কাৱাজ আৰম্ভ কৰিছে । শাসকীয় দলটোৰ এনে তৎপৰতাৰ মাজতে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ তালিকাখন ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে ।

লোকসভাৰ নিৰ্বাচনৰ বাবে সাজু হোৱা বিজেপিয়ে দলটোৰ ৩৯ খন সাংগঠনিক জিলাতে অনুষ্ঠিত কৰিছে কাৰ্যনিৰ্বাহক বৈঠক । কৰ্ণাটকত মুখথেকেচা খোৱাৰ পাচতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত ৰাজ্যিক বিজেপিয়ে মহা জনসম্পৰ্ক অভিযানৰ কাৰ্যসূচী হাতত লৈছে । ৩০ মে'ৰ পৰা আৰম্ভ হ'বলগীয়া মহা জনসম্পৰ্ক অভিযানৰ ৰূপৰেখা প্ৰস্তুত কৰিছে দলটোৱে (Public Relation Abhiyan by Assam BJP)। বিজেপিৰ এনে ব্যাপক কাৰ্যসূচীৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক শীতল যুঁজ ।

কোনেও মুখ খোলা নাই যদিও চৰ্চালৈ আহিছে কেইবাগৰাকীও নেতাৰ নাম । এইবাৰ নিশ্চিতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সাংসদ কুইন ওজা । কুইন ওজাই পুনৰ দলীয় টিকট লাভ কৰাৰ ক্ষেত্রত অনিশ্চয়তাই দেখা দিছে (Queen Oja may fail to get Lok Sabha ticket)। ইফালে গুৱাহাটীবাসীৰ মাজতো কুইন ওজাৰ প্ৰতি বিশেষ সমৰ্থন নাই ।

এইক্ষেত্রত ইটিভি ভাৰতৰ তৰফৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানত বিভিন্ন স্তৰৰ লোকৰ মনৰ ভাৱ জনাৰ প্ৰয়াস কৰা হৈছিল । কেমেৰাৰ সন্মুখত আহি মনৰ কথা ক'বলৈ শংকাবোধ কৰা বেছি সংখ্যক লোকেই সাংসদ কুইন ওজাৰ কাম-কাজক লৈ অসন্তুষ্টি ব্যক্ত কৰে । বিগত নিৰ্বাচনত কুইন ওজা বিজেপিৰ বেনাৰত হে জয়ী হৈ আহিছে বুলি বহুজনে মন্তব্য কৰে । আনহাতে সংসদৰ মজিয়াত সৰৱ ভূমিকা পালন কৰিব নোৱাৰাক লৈয়ো বিভিন্নজনে সাংসদগৰাকীক সমালোচনা কৰে ।

উল্লেখ্য যে কেৱল কুইন ওজাই নহয় দুই-এজনক বাদ দি অসমৰ বাকী সাংসদসকলৰ সংসদৰ মজিয়াত বিতর্কত অংশ গ্রহণ কৰা অথবা প্রশ্ন উত্থাপন কৰা এই দুয়োটা ক্ষেত্ৰতে প্ৰদৰ্শন শোচনীয় । লক্ষণীয় বিষয় যে সাংসদ কুইন ওজাই এইবাৰ তেওঁৰ বাবে টিকট পোৱাটো সহজ নহ'ব সেই কথাটো উপলব্ধি কৰিব পাৰিছে । এই সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰাত তেওঁ কয় যে বিজেপিৰ লক্ষ্য ১২ প্লাছ আৰু সেই লক্ষ্যৰেই আগবঢ়া হৈছে । দলটোত সদায় কাৰ্যকৰ্তা হৈ থাকি ভাল পাম বুলি সদৰি কৰি তেওঁ কয় যে বেলেগে টিকট বিচাৰিব পাৰে, সকলোৰে অধিকাৰ আছে ।

কিন্তু এটা কথা ঠিক যে কুইন ওজাই পুনৰ গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰে । কিন্তু তেওঁৰ এই আশা পূৰণ হোৱাৰ ক্ষেত্রত হেঙাৰ হিচাপে থিয় দিছে কেইবাজনো নেতাই ।

উল্লেখ্য যে গুৱাহাটী সমষ্টিৰ শাসকীয় দলটোৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে বিশেষভাৱে চৰ্চালৈ আহিছে জয়ন্ত দাস, আঙুৰলতা ডেকা, ৰমেন ডেকা, দিলীপ শইকীয়া আদিৰ নাম । অৱশ্যে নাম চৰ্চালৈ আহিছে যদিও কোনেও কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই । ইফালে সততে হাইলাইটত থকা আঙুৰলতা ডেকা বৰ্তমান সংবাদ মাধ্যমৰ পৰা কৌশলৰে আঁতৰি আছে । বিজেপি নেত্রীগৰাকীৰ এনে মৌনতাই অৱশ্যে বহু কথাই সদৰি কৰিছে । নিশ্চুপ হৈ থাকিলেও আঙুৰলতা ডেকাই গুৱাহাটী সমষ্টিৰ টিকট বিচাৰি যথাস্থানত চাপ ইতিমধ্যেই সৃষ্টি কৰিছে (BJP probable candidate for Guwahati Lok Sabha seat)।

সেইদৰে গুৱাহাটীৰ টিকটৰ দৌৰত তৎপৰতা অব্যাহত ৰাখিছে প্ৰাক্তন সাংসদ ৰমেন ডেকা আৰু মঙলদৈৰ বৰ্তমানৰ সাংসদ তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই । আনহাতে অসম বিজেপিৰ এগৰাকী অন্যতম পুৰণি কৰ্মী তথা একালৰ যুৱ মৰ্চাৰ সভাপতি জয়ন্ত দাসেও গুৱাহাটী লোকসভাৰ টিকটৰ বাবে তৎপৰ হৈ আছে । মুকলিকৈ নক'লেও গুৱাহাটীৰ বাবে জয়ন্ত দাসে হেঁচা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনতো টিকটৰ পৰা বঞ্চিত হৈছিল জয়ন্ত দাস । তেনেস্থলত গুৱাহাটী সমষ্টিক লৈ শাসকীয় দলটোৰ কেইবাগৰাকী নেতাৰ মাজত যথেষ্ট যুঁজ-বাগৰ হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে গুৱাহাটী সমষ্টিত অৱশেষত কোনে টিকট লাভ কৰিব সেয়া সময়েহে ক'ব যদিও লোকসভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিয়ে সাংসদসকলৰ কাম-কাজ তথা পাৰদৰ্শিতা সন্দৰ্ভত গোপনে জৰীপ আৰম্ভ কৰিছে ।

লগতে পঢ়ক :SI Junmoni Rabha Death case: জোনমণিৰ মৃত্যুৰ সৈতে বিজেপিৰ নেতা জড়িত থকাৰ সন্দেহ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.