ETV Bharat / state

HSLC question paper leaked: শিক্ষামন্ত্ৰীক অকৰ্মণ্য আখ্যা অসম তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Mar 13, 2023, 7:34 PM IST

HSLC question paper leaked
শিক্ষামন্ত্ৰীক অকৰ্মণ্য আখ্যা অসম তৃণমূল কংগ্ৰেছৰ

প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্যৰ্থ চৰকাৰ আখ্যা দি শিক্ষামন্ত্ৰীক অকৰ্মণ্য আখ্যা তৃণমূল কংগ্ৰেছৰ (HSLC question paper leaked) ৷ দীৰ্ঘদিন ধৰি ৰমেশ জৈনক অধ্যক্ষৰ পদত ৰাখি ছেবাক ধ্বংস কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰাৰো অভিযোগ তৃণমূল কংগ্ৰেছৰ ৷

শিক্ষামন্ত্ৰীক অকৰ্মণ্য আখ্যা অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, 13 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু মাজনিশা ছেবাই পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰাক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ পৰীক্ষা আৰম্ভ হোৱাৰ দিন ধৰি চলি থকা চূড়ান্ত বেমেজালি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে (HSLC question paper leaked) ৷

দেওবাৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ (Education minister Ranoj Pegu) পদত্যাগৰ দাবী উত্থাপন কৰে ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুক অকৰ্মণ্য আখ্যা অসম তৃণমূল কংগ্ৰেছৰ ৷ ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰো পদত্যাগৰ দাবী আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে অসম তৃণমূল কংগ্ৰেছে (HSLC exam postponed) ৷

দীৰ্ঘদিন ধৰি ৰমেশ জৈনক অধ্যক্ষৰ পদত ৰাখি ছেবাক ধ্বংস কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰাৰো অভিযোগ দিলীপ কুমাৰ শৰ্মাৰ ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনকো অকৰ্মণ্য, ব্যৰ্থ আখ্যা দিয়ে তৃণমূল কংগ্ৰেছে (HSLC science paper leaked) ৷

লগতে, সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে অহা 1 এপ্ৰিলৰ পৰা পৌৰকৰ বৃদ্ধিৰে ৰাইজক পুনৰ হাৰাশাস্তি কৰিব বিচাৰিছে ৷ চৰকাৰখনৰ এই জনবিৰোধী নীতিৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ ক‌য় যে ৰাজহ বৃদ্ধিৰ বাবে কোনো অৰ্থনৈতিক পৰিকল্পনা নকৰি সহজ উপায় অৱলম্বন কৰি ৰাইজৰ টকাৰে চৰকাৰ চলাব বিচাৰিছে ৷ চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে অহা 22 মাৰ্চত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি শৰ্মাই সদৰী কৰে (TMC protest in Guwahati) ৷

ইফালে, অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ নেতৃত্বত ছেবাৰ কাৰ্যালয়ৰ সন্মুখত অসম তৃণমূল যুৱ কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে ‘ছেবাৰ অকৰ্মণ্য অধ্যক্ষই পদত্যাগ কৰক’, ‘ছেবাৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰক’, ‘ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নচলিব’, ‘মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ গাফিলতি নচলিব’, ‘চূড়ান্ত ব্যৰ্থ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক’ আদি প্ৰতিবাদী শ্লোগানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ (Protest against SEBA) ৷

লগতে পঢ়ক : HSLC Gen Science exam: 30 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.