ETV Bharat / state

৩৫, ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ, শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 5:26 PM IST

Banikanta Kakati award
প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী বিতৰণ

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী বিতৰণ কাৰ্যসূচী ৷ এইবেলি ৩৫,৭৭০ গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হয় স্কুটী ৷

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী বিতৰণ

গুৱাহাটী, ৩০ নৱেম্বৰ : জ্ঞান আহৰণৰ আলোকসন্ধানী যাত্ৰাত শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ উক্ত বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা ৰাজ্যৰ ৩৫,৭৭০ গৰাকী শিক্ষাৰ্থীক স্কুটী বিতৰণৰ কাৰ্যসূচীৰ মুখ্যমন্ত্ৰী ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ খেলপথাৰত শুভাৰম্ভ কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ শিক্ষাক্ষেত্ৰৰ এগৰাকী পুৰোধা ব্যক্তিত্ব ড৹ বাণীকান্ত কাকতিৰ নামেৰে নামাকৰণ কৰা উক্ত বঁটাই শিক্ষাৰ্থীসকলক বিশেষভাৱে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ‌ কৰে । অসম চৰকাৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীর্ণ ছাত্ৰীসকললৈ স্কুটীসমূহ বিতৰণ কৰা হ'ব ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় ২০১৭ চনত এই আঁচনি আৰম্ভ কৰা হৈছিল । লাহে লাহে ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হৈছে । স্কুটাৰ পোৱাসকলৰ ভিতৰত ৩০,২০০ গৰাকী ছাত্ৰী আৰু ৫৫২০ গৰাকী ছাত্ৰ । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ তৃতীয় সংস্কৰণৰ অধীনত স্নাতকত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীক এহাজাৰ টকাকৈ বেংক একাউণ্টত প্ৰেৰণ কৰা হ'ব ।

চৰকাৰী মহাবিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ মেচৰ কিছু খৰচৰ বাবে ধন‌ আগবঢ়োৱা হ'ব ।‌ অহা ফেব্ৰুৱাৰীত এই ধন দিয়া হ'ব । অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এক লাখ বৃদ্ধি পাইছে । বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউটৰ সংখ্যা কমিছে । গতিকে অসমত ৰাজহুৱা শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন হৈছে ।

লগতে পঢ়ক : বৰমাত ৭৩০ গৰাকী প্ৰতিভাবানক প্ৰদান ড৹ বাণীকান্ত কাকতি বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.