ETV Bharat / state

Schools running with single teacher: ৰাজ্যত ২৯৭৯খন বিদ্যালয় চলি আছে এজনীয়া শিক্ষকেৰে

author img

By

Published : Apr 3, 2023, 4:39 PM IST

Schools run by single teacher in Assam
এজনীয়া শিক্ষকেৰেই চলিছে ৰাজ্যৰ বহু বিদ্যালয়

ৰাজ্যত এজনীয়া শিক্ষকেৰে চলি আছে ২৯৭৯ খন বিদ্যালয় ৷ ইয়াৰে ২৯৫৯খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ২০খন উচ্চ প্ৰাথমিক বিদ্যালয় ৷ পৰিমাণতকৈ কম শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১২,৭৩১খন ৷ ইয়াৰ ভিতৰত ১০,৭৮১খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১৯৫০খন উচ্চ প্ৰাথমিক বিদ্যালয় (Schools run by single teacher in Assam) ৷

গুৱাহাটী, 3 এপ্ৰিল: ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ অৱস্থা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ সময়তো উন্নতি সাধন‌ হোৱা নাই ৷ আজিও অসমৰ হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয় প্ৰয়োজনীয় শিক্ষক অবিহনে চলি আছে ৷ যাৰ ফলত চৰকাৰী বিদ্যালয়ত অৰ্থিক সম্বল থকা মানুহে নিজৰ সন্তান‌ পঢ়াব নিবিচাৰে ৷ তাৰ পৰিৱৰ্তে আৰ্থিক সম্বল থকা অৰ্থাৎ অৰ্থনৈতিকভাৱে টনকিয়াল মানুহে নিজৰ সন্তানক বেচৰকাৰী‌ বিদ্যালয়ত পঢ়ায় (Schools run by single teacher in Assam) ৷

কিন্তু সাধাৰণ মানুহে চৰকাৰী বিদ্যালয়তে নিজৰ ল'ৰা-ছোৱালীক পঢ়াবলৈ বাধ্য ৷ মনকৰিবলগীয়া যে দিল্লীত চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰি এক উদাহৰণ দাঙি ধৰা আপৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যোৱা দেওবাৰে গুৱাহাটীত আহি কৈছিল "যিখন ৰাজ্যত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ব্যক্তিগত বিদ্যালয় নিৰ্মাণ কৰা হয়, য'ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল লাখ টকা,‌ সেইখন ৰাজ্যত চৰকাৰী শিক্ষা ব্যৱস্থাৰ কোনো উন্নতি সাধন‌ নহয় (Arvind Kejriwal Criticized Assam Govt)৷" উল্লেখ্য যে, ৰাজ্যত আজিও ২৯৭৯ খন বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে ৷ ইয়াৰে ২৯৫৯খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ২০খন উচ্চ প্ৰাথমিক বিদ্যালয় (Lack of teachers inAssam) ৷

৬ জনকৈ শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১৮৬০ খন ৷ আনহাতে শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি পৰিমাণতকৈ কম শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১২,৭৩১খন ৷ ইয়াৰ ভিতৰত ১০,৭৮১খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১৯৫০খন উচ্চ প্ৰাথমিক বিদ্যালয় ৷

শেহতীয়াকৈ বিধানসভাত শিক্ষা মন্ত্ৰীয়ে সদৰি কৰা তথ্যখিনি এনেধৰণৰ— ৰাজ্যত কেঁচা বিদ্যালয় গৃহ ১১৪০ খন আছে ৷ তাৰ ভিতৰত ৮৩৬ খন বিদ্যালয় নতুনকৈ প্ৰাদেশীকৃত আৰু ৪৩২ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩০ জনতকৈ কম (Schools in Assam are running with a single teacher) ৷

প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সম্পৰ্কীয় সংহত জিলা তথ্য ব্যৱস্থা (UDISE)ৰ তথ্য অনুসৰি মন্ত্ৰী পেগুৱে সদনত আৰু অৱগত কৰে যে বিজুলী সংযোগবিহীন বিদ্যালয়ৰ সংখ্যা ৫১১খন ৷ আনহাতে, বিদ্যাঞ্জলি আঁচনি ৰূপায়ণৰ পাছত বিভিন্ন বিদ্যালয়ত আৰু ৪৮,৬৪৯ খন ফেনৰ প্ৰয়োজন ৷ এই সংখ্যা ১,১৭,৮২২খন আছিল যদিও বিদ্যাঞ্জলি আঁচনিৰ অধীনত ৭১,৩৫৬ ফেন শুভাকাংক্ষীসকলে বিদ্যালয়লৈ দান কৰিছে ৷

আনহাতে, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা বিদ্যালয়ৰ সংখ্যা ১৬১৬ খন ৷ বিদ্যালয় গৃহ মেৰামতিৰ প্ৰয়োজন থকা বিদ্যালয়ৰ সংখ্যা ১৪,৫৮৭ খন আৰু শ্ৰেণী কোঠা বঢ়াবলগীয়া বিদ্যালয়ৰ সংখ্যা ২২,৭২৪ খন ৷ ইউ-ডাইচৰ তথ্য অনুসৰি অসমত ৫০,৪৬০ খন চৰকাৰী আৰু বেচৰকাৰী আৰু অপ্ৰাদেশীকৃত বিদ্যালয় আছে (Water Supply Scheme collapse) ৷

লগতে পঢ়ক: Rupjyoti Kurmi criticizes AAP : দিল্লীত ৫০০ খন বিদ্যালয়হে আছে বুলি কেজৰিৱালক কটাক্ষ বিধায়ক কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.