School Girl death in Guwahati: মহানগৰীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Aug 8, 2022, 10:11 PM IST

school-girl-death-in-guwahati

মহানগীৰত অত্যাধিক গৰমৰ প্ৰকোপত এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু হয় ৷ প্ৰাৰ্থনাৰ সময়তে অসুস্থ হৈ মাটিত ধলি পৰিছিল ছাত্ৰীগৰাকী (School girl falling ill)৷

গুৱাহাটী, 8 আগষ্ট: মহানগৰীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷ যোৱা 4 আগষ্টত গুৱাহাটীৰ নিকলছ হায়াৰ ছেকেণ্ডাৰী হাইস্কুলত চতুৰ্থ শ্ৰেণীত অধ্য়য়নৰত ছাত্ৰী স্নিগ্ধাশিখা দাসৰ ৰহস্যজনক ভাৱে মৃত্যু হয় ৷ গৰমৰ বন্ধৰ পিছত 4 আগষ্টৰ পৰা আৰম্ভ হৈছিল বিদ্যালয়ৰ পাঠদান(School Girl death in Guwahati)৷ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলক প্ৰখৰ ৰ’দত এঘণ্টা থিয় কৰাই প্ৰাৰ্থনা আৰু শোক সভা অনুষ্ঠান পতা হৈছিল ।

প্ৰাৰ্থনাৰ সময়তে অসুস্থ হৈ মাটিত ধলি পৰিছিল স্নিগ্ধা (School girl falling ill)৷ স্নিগ্ধাৰ লগতে বিদ্যালয়খনত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ মাটিত ঢলি পৰিছিল ৷ কিন্তু বিদ্যালয় কৰ্তৃপক্ষই ৰ'দত ঢলি পৰা ছাত্ৰ ছাত্ৰী সকল কোনো চিকিৎসা ব্যবস্থা বা অভিভাৱকক খবৰ নকৰি মূৰত অলপ পানী ছটিয়াই পুনৰ 3/4 টা ক্লাছ কৰোৱাই ঘৰলৈ পঠিয়াই দিয়ে ৷

মহানগৰীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

সেইদিনা বিদ্যালয়ৰ পৰা ঘৰলৈ গৈয়েই স্নিগ্ধাই গাড়ীত আৰু ঘৰত কেবাবাৰো বমি কৰে ৷ স্নিগ্ধাৰ স্বাস্থ্য অধিক অৱনতি হোৱাৰ ফলত অভিভাৱকে প্ৰথমে ছাত্ৰীগৰাকীক মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে হাস্পতাল কৰ্তৃপক্ষই গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে ৷ অৱশেষত জীৱন মৃত্যুৰ সৈতে যুঁজি 6 আগষ্টত পুৱা প্ৰায় 3.40 বজাত মৃত্যুক সাৱটি লয় স্নিগ্ধাই ৷

এই ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাক লৈ জাঙুৰ খাই উঠে স্নিগ্ধাৰ অভিভাৱক ৷ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ যো-জা কৰিছে অভিভাৱকে। আনহাতে স্নিগ্ধাশিখাৰ পিতৃয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ ইফালে বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: Fire Breakout at Noonmati: নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.