ETV Bharat / state

আজমল প্ৰসংগক লৈ বাকযুদ্ধ শাসক-বিৰোধীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:14 PM IST

Ruling-opposition rhetoric on Ajmal issue
আজমল প্ৰসংগক লৈ বাকযুদ্ধ শাসক-বিৰোধীৰ

সমাগত লোকসভা নিৰ্বাচক লৈ আৰম্ভ হৈছে শাসক-বিৰোধীকৰ বাকযুদ্ধ । বাকযুদ্ধৰ মধ্যমণি হৈ পৰিছে বদৰুদ্দিন আজমল । আজমলক নেতিবাচক প্ৰতীক আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজমলক কিয় গ্ৰেপ্তাৰ নকৰে বুলি উভতি ধৰিলে অখিল গগৈয়ে ।

আজমল প্ৰসংগক লৈ বাকযুদ্ধ শাসক-বিৰোধীৰ

গুৱাহাটী,১৮ নৱেম্বৰ: লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতি আজমলক লৈয়ে আগবাঢ়িছে । বিৰোধীয়ে বেলেগ ইছ্যু লৈ আগবাঢ়িবলৈ চেষ্টা কৰিলেও ঘূৰি ঘূৰি আকৌ ব্যস্ত হ'বলগীয়া হৈছে আজমলক লৈ ৷ আজমলেই যেন হৈ পৰিছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ অসমৰ শাসক-বিৰোধীৰ ৰাজনীতিৰ প্ৰেক্ষাপট । এফালে আকৌ আজমলৰ এটাৰ পিছত আন এটা মন্তব্যই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ৷

শেহতীয়াকৈ আজমলৰ চেলেং-চাদৰ অপমান বিতৰ্কৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজমলক লৈ বিশেষ মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছে । লগে লগে মন্ত্ৰীৰ পৰা বিজেপিৰ নেতা-বিধায়কলৈ সকলো জপিয়াই পৰিছে আজমল বিতৰ্কত । আজমল এক ব্যক্তি নহয়, আজমল অসমীয়া জাতিৰ বিৰুদ্ধে থকা এক নেতিবাচক প্ৰতীক বুলি ব্যাখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ বক্তব্যক আগবঢ়াই লৈ গৈছে তেঁওৰ মন্ত্ৰীগণৰ লগতে বিজেপিৰ নেতা-বিধায়কে ।

ইয়াৰ পাছতেই বিৰোধীৰ স্পষ্ট মত "বিতৰ্কৰ ৰাজনৈতিক ফিল্ডত আজমলক নমাই দিছে খোদ মুখ্যমন্ত্ৰীয়েই ৷" দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিস্ফোৰণ ঘটাই কৈছিল, 'আজমল এটা প্ৰতীক ৷ আজমলহঁতৰ ভিতৰত অসমীয়াৰ ভাষাৰ বিৰুদ্ধে কোৱা খালেকহঁতো আছে । এই হিমন্ত বিশ্ব শৰ্মা মৰি গ'লেও অসমীয়াই আৰু ১০০ বছৰলৈ আজমলহঁতৰ সৈতে যুজিব লাগিব ৷ যুঁজি যোৱাৰ বাদে বেলেগ বিকল্প নাই অসমীয়াৰ ৷ এই আজমলহঁতৰ মাটি দখল কৰা মানুহ আছে । আমাৰ যিটো লেণ্ড জেহাদ বুলি কয়, লাভ জেহাদ বুলি কয়, সেইবোৰ আজমলহঁতত আছে।"

এনেদৰে শেহতীয়াকৈ যোৱা বুধবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেলেং-চাদৰৰ প্ৰতি আজমলে কৰা অপমান প্ৰসংগত বিতৰ্ক সৃষ্টি কৰা মন্তব্য আগবঢ়ায় । মুখ্যমন্ত্ৰীৰ এই মন্তব্যক ব্যাখ্যা আৰু সমৰ্থনেৰে আগবঢ়াই লৈ যায় মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংহালৰ পৰা বিধায়ক দিগন্ত কলিতা, ৰূপজ্যোতি কুৰ্মী আদিয়ে । যাৰ ফলত আজমল প্ৰসংগত পুনৰ সৰৱ হ'বলৈ বাধ্য হয় বিৰোধী শিবিৰো । সৰৱ হৈ পৰে গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি অখিল গগৈ, লুৰিনজ্যোতি গগৈলৈকে । কেৱল আজমলৰ বিৰুদ্ধেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰে আজমলৰ গভীৰ সম্পৰ্কৰ অভিযোগেৰে বিৰোধীয়ে আজমল বিতৰ্কত সোমাই পৰিবলৈ বাধ্য হয় ৷

এইক্ষেত্ৰত অখিল গগৈৰ স্পষ্ট মত যে বিজেপিয়েই আজমলক ফিল্ডত নমাইছে ৷ এই সন্দৰ্ভত অখিল গগৈয়ে কয়, "অসমতো বিৰোধীৰ ঐক্য দেখি বিজেপিয়ে ভয় খাইছে । বিজেপিয়ে টেনচন খাইছে । নহ'লে বদৰুদ্দিন আজমলক বিজেপিয়ে ফিল্ডত নমাইছে কিয় ? চেলেং-চাদৰ দলিওৱাৰ পৰা যিমান বিলাক বক্তব্য সকলো ফিটিং বক্তব্য সেয়া আপোনালোক সকলোৱেই জানে ৷ কিন্তু যেতিয়া নিৰ্বাচন আহে তেতিয়া বদৰুদ্দিন আজমল নামৰ এজন লোকক ওপৰলৈ তুলি দিয়ে ৷"

লগতে গগৈয়ে কয়, "বদৰুদ্দিন আজমলক গালি পাৰে, কিন্তু এৰেষ্ট নহয় ৷ বাকী সকলোকে এৰেষ্ট কৰে, কংগ্ৰেছৰ মানুহ এজনে ক'লে এৰেষ্ট কৰে ৷ বাকী বিৰোধীৰ মানুহ এজনে ক'লে এৰেষ্ট কৰি দিয়ে । কিন্তু আজমলক গ্ৰেপ্তাৰ নকৰে । মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে আজমল তেঁওৰ আঠুৱা তলৰ মহ ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই আজমলে কৰে, কথা কয় ৷ সেয়ে মুখ্যমন্ত্ৰীয়ে আজমলক গ্ৰেপ্তাৰ নকৰায় ৷"

ইয়াৰোপৰি বিধায়কগৰাকীয়ে কয়, "তেঁওলোকে ইমান হিন্দুত্বৰ কথা কয় ৷ তেনেহ'লে তেঁওলোকে আজমলক হিন্দুত্বক অপমান কৰা আৰু দুটা জাতিৰ মাজত কাজিয়া লগাবৰ চেষ্টা কৰাৰ বাবে কেতিয়াবাই গ্ৰেপ্তাৰ কৰিব লাগিছিল । কিন্তু নকৰে ৷ তেঁওলোকে আজমলক জীয়াই ৰাখিব খোজে ৷ আজমলক লৈ, ধৰ্মক লৈ নিৰ্বাচন খেলিব বিচাৰে ৷"

আনহাতে কংগ্ৰেছ সাংসদ তথা দলটোৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰী আৰু আজমলে একেলগে ৰাজনীতিৰ ফুটবল খেলিছে ৷ সেই কথা সকলোৱেই গম পাইছে । আপত্তিজনক কথাবোৰ মুখ্ন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সখ্যালঘু সমাজৰ বিৰুদ্ধে কৈ যাব আৰু আজমল চাহাবে হিন্দু সকলৰ বিৰুদ্ধ ক'ব । দুয়োজনেই বিচাৰে সমাজত সংঘাত লাগি থাকক । লগতে গৌৰৱ গগৈয়ে কয় যে আজমল অসমৰ ওৱেইছি । যিদৰে তেলেংগানাত ওৱেইছিয়ে বিজেপিৰ হৈ কাম কৰি আছে, অসমতো বিজেপিৰ হৈ আজমলে কাম কৰি আছে ।

এইবাৰ নিৰ্বাচনত ওৱেইছিৰ দল আৰু আজমলৰ দলৰ কাম শেষ হ'ব ৷ স্বাভাৱিকতেই প্ৰশ্ন হয় যোৱা কেইবা বছৰ ধৰি আজমল কিয় প্ৰতিটো নিৰ্বাচনতে অসমৰ ৰাজনীতিৰ মূল প্ৰেক্ষাপট হৈ আহিছে ? উন্নয়ন আৰু জনস্বাৰ্থ জড়িত কাম-কাজ আন সকলো বিষয় তল পৰি ৰয় ৷ বিৰোধীয়ে কোৱাৰ দৰেই সাংসদ আজমল বিজেপিৰ আঙুলিৰ ঠাঁৰত নচা আঠুৱাৰ তলৰ মহ হওকেই বা নহওক আজমলৰ বিতৰ্কই যে বিজেপিক এখোজ আগুৱাই যাবলৈ সুবিধা দিয়ে সেয়া নিশ্চিত ।

নিৰ্বাচনৰ পূৰ্বে অসমত আজমল বিতৰ্ক এনেকৈ শিপাই যে বিৰোধীয়ে কোনো কাৰণতে এৰাই চলো বুলিলেও এৰাই চলিব নোৱাৰে আজমল প্ৰসংগ । এইবাৰ লোকসভা নিৰ্বাচনতো তাৰ ব্যতিক্ৰম নহ'ল ৷ আজমল অৱলীলা ক্ৰমেই হৈ পৰিল এইবাৰো ৰাজনৈতিক বিতৰ্কৰ মধ্যমণি । আজমল এফেক্টে এইবাৰ লোকসভা নিৰ্বাচনত শাসক-বিৰোধীক কিমান প্ৰভাৱিত কৰে সেয়া মনকৰিবলগীয়া হ'ব ৷

লগতে পঢ়ক: মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা, তেজপুৰতো হ’ব চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.