ETV Bharat / state

প্ৰভূত্ব বিস্তাৰৰ বাবেই জনসংখ্যা বৃদ্ধিৰ অভিযান মুছলমানৰ : মোহন ভাগৱত

author img

By

Published : Jul 21, 2021, 7:56 PM IST

বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় (Guwahati University)ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা বিশিষ্ট লেখক ড৹ ননীগোপাল মহন্তৰ ‘Citizenship Debate over NRC & CAA : Assam and The Politics of History’ শীৰ্ষক এখন গৱেষণাধৰ্মী গ্ৰন্থ উন্মোচন কৰে RSS প্ৰধান মোহন ভাগৱতে (Mohan Bhagwat) ৷

mohan-bhagwat-inaugurated-a-book
মোহন ভাগৱতৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী, 21 জুলাই : বুধবাৰে জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয় (Guwahati University)ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা বিশিষ্ট লেখক ড৹ ননীগোপাল মহন্তৰ ‘Citizenship Debate over NRC & CAA : Assam and The Politics of History’ শীৰ্ষক এখন গৱেষণাধৰ্মী গ্ৰন্থ উন্মোচন কৰে RSS প্ৰধান মোহন ভাগৱতে (Mohan Bhagwat) ৷ ধৰ্ম নিৰপেক্ষতা কিম্বা গণতন্ত্ৰৰ কথা ভাৰতবৰ্ষই আন কাৰোবাৰ পৰা‌ শিকিবলগীয়া নাই । ভাৰতে ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক পৰম্পৰাৰ মাজেদিয়েই হাজাৰ বছৰীয়া ইতিহাস ৰচনা কৰিছে । গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে RSS প্ৰধানগৰাকীয়ে ৷

মোহন ভাগৱতৰ ভাষণ

দেশৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত নাগৰিকপঞ্জী উন্নীতকৰণ আৰু নাগৰিকত্ব আইন (CAA)ৰ গুৰুত্বলৈ আঙুলিয়াই দি সৰসংঘচালক গৰাকীয়ে কয়‌, ‘‘ভাৰতবৰ্ষ আৰু ইয়াৰ সংস্কাৰ-সংস্কৃতিৰ লগতহে ইয়াৰ মানুহৰ সম্পৰ্ক । ভাৰতৰ লগতহে আমাৰ অস্তিত্ব জড়িত হৈ আছে’’ । NRC আৰু CAA ৰ দৰে বিষয়ত গ্ৰন্থ প্ৰণয়নৰ বাবে অধ্যাপক ড৹ ননীগোপাল মহন্তক ভূয়সী প্ৰশংসা কৰি RSS নেতাগৰাকীয়ে কয় যে, এনে গ্ৰন্থৰ প্ৰণয়নে সমগ্ৰ বিষয়টোত থকা ভ্ৰান্তি আঁতৰাবলৈ সক্ষম হ’ব ।

ভাগৱতৰ মতে, আজিৰে পৰা প্ৰায় তিনিবছৰ আগতেই ড৹ মহন্তই তেওঁক এনে এখন গ্ৰন্থৰ কাম কৰি‌ থকাৰ কথা কৈছিল আৰু গ্ৰন্থখন উন্মোচন কৰাৰ বাবে অনুৰোধ জনাইছিল । তেতিয়াই দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁ গ্ৰন্থখন উন্মোচন কৰিবলৈ অসমলৈ আহিছে । উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই গ্ৰন্থৰ উন্মোচন অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বাঁওপন্থী বুদ্ধিজীৱীসকলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে অধ্যাপক ননীগোপাল মহন্তক তেওঁৰ বাতিক্ৰমী গ্ৰন্থখনৰ বাবে অভিনন্দন জনায় । কিছু দীঘলীয়া ভাষণত বিৰোধী আন্দোলনৰ নতুন দিল্লীত চলা আন্দোলন আৰু অসমত চলা আন্দোলনৰ মাজত পাৰ্থক্য আছে বুলি আঙুলিয়াই দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷ তেওঁ কয়, অসমৰ বুদ্ধিজীৱীসকল কাৰ্লমাৰ্ক্স (Karl Marx)তকৈও অধিক বাঁওপন্থী ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ

এনে প্ৰৱণতা বিভিন্ন সময়ত লক্ষ্য কৰি অহা হৈছে । ভাৰতবৰ্ষ আজিও এখন ধৰ্ম নিৰপেক্ষ দেশ এই কাৰণেই যে, ইয়াত সংখ্যা গুৰুসকল হ’ল হিন্দু । বাংলাদেশ কিম্বা পাকিস্তান ধৰ্ম নিৰপেক্ষ নহয় ৷ কাৰণ তাত হিন্দুৰ সংখ্যা গুৰু নহয় ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, CAA আইনে হিন্দুসকলক নাগৰিকত্ব দিয়াৰ কথা কৈছিল, কাৰণ দেশ বিভাজনৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল হিন্দুসকলহে, মুছলমানসকল নহয় । মুখ্যমন্ত্ৰী শৰ্মাই পুনৰবাৰ কয় যে, তেওঁ সম্পূৰ্ণ যুক্তি আৰু বিচাৰ-বুদ্ধিৰে CAA ক সমৰ্থন কৰে । কেইবাটাও দশকৰ আগতেই সঞ্জয় গান্ধী আৰু ইন্দিৰা গান্ধীয়েও জন্ম নিয়ন্ত্ৰণ আৰু দুটা সন্তানৰ কথা কৈছিল । তেতিয়া কিন্তু তেওঁলোকক সাম্প্ৰদায়িক বুলি কোৱা হোৱা নাছিল ।

এতিয়া বিজেপিয়ে এনে কথা কোৱা বাবে দলটোক সাম্প্ৰদায়িক বুলি কয় ৷ উক্ত অনুষ্ঠানত গ্ৰন্থাকাৰ ড৹ ননীগোপাল মহন্তই গ্ৰন্থখনৰ প্ৰেক্ষাপটৰ বিষয়ে আলোকপাত কৰে । ড৹ মহন্তই কয় যে, ড৹ অমলেন্দু গুহৰ দৰে মাৰ্ক্সবাদী বুদ্ধিজীৱীয়ে এটা সময়ত গোপীনাথ বৰদলৈ, অম্বিকাগিৰী ৰায়চৌধুৰী, নীলমণি ফুকন আদি বৰেণ্য ব্যক্তিৰ কাম-কাজৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰিছিল । ড৹ মহন্তৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে বিশিষ্ট প্ৰকাশন সংস্থা ‘ছেজে’ ।

লগতে পঢ়ক : অনাড়ম্বৰভাৱে পালন ঈদ-উজ-জোহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.