ETV Bharat / state

Operation against drugs : তিনি দিনত জব্দ ১.৬৪ কোটি টকাতকৈ অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 4:18 PM IST

Updated : Aug 28, 2023, 6:26 PM IST

নিষিদ্ধ সামগ্ৰী বিৰুদ্ধে আৰ পি এফৰ অভিযান ৷ বিগত তিনি দিনত ১.৬৪ কৌটি টকাতকৈ অধিক মূল্যৰ নিচা জাতীয় সামগ্ৰী জব্দ ৷ লগতে আটক ছয় অভিযুক্ত ৷

RPF and GRP detain drugs paddlers
নিষিদ্ধ সামগ্ৰী বিৰুদ্ধে আৰ পি এফৰ অভিযান

গুৱাহাটী, ২৮ আগষ্ট : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ RPF এ যাত্ৰীবাহী ৰে’ল, ৰে’ল ষ্টেচনৰ লগতে ৰে’লৱে পৰিসৰত কোনো লোকে যাতে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ অভিযান চলাই আহিছে । উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই সদৰী কৰা অনুসৰি, যোৱা ২৩ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে তিনি দিনত আৰ পি এফে বিভিন্ন যাত্ৰীবাহী ৰে’ল, ৰে’ল ষ্টেচনকে আদি কৰি ইয়াৰ পৰিসৰত থকা বিভিন্ন অঞ্চলত চলাইছিল অভিযান ৷

RPF and GRP detain drugs paddlers
নিষিদ্ধ সামগ্ৰী বিৰুদ্ধে আৰ পি এফৰ অভিযান

এই অভিযানত RPF ৰ দলে ব্ৰাউন চুগাৰ, কফ চিৰাপ, বিভিন্ন ব্ৰেণ্ডৰ সুৰাসহ বুজন পৰিমাণৰ অন্যান্য নিষিদ্ধ সামগ্ৰী আৰু নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । এই জব্দ কৰা সামগ্ৰীসমূহৰ মূল্য ১.৬৪ কোটি টকাতকৈ অধিক হ’ব । লগতে এই অভিযানত মুঠ ৬ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰ পি এফৰ অভিযানকাৰী দলটোৱে ।

পৰৱৰ্তী পৰ্যায়ত এই অভিযান কালত আটক হোৱা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰী ৰে’লৱে আৰক্ষীক গতাই দিয়া হয় । ২৫ আগষ্টত আৰ পি এফে ডিমাপুৰ ৰে’ল ষ্টেচনত তালাচী চলাই ৫০ টা চাবোনৰ বাকচত প্ৰায় ১.১০ কোটি টকা মূল্যৰ ৫৫০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ।

ইপিনে ২৪ আগষ্টত আৰপিএফ আৰু জিআৰপিয়ে আগৰতলা ৰে’ল ষ্টেচনত কাঞ্চনজংঘা এক্সপ্ৰেছত তালাচী চলায় তিনিজনক আটক কৰে আৰু ৰে’লখনৰ পৰা প্ৰায় ১.৩৮ লাখ টকা মূল্যৰ ৭৮৮ বটল কাঁহৰ চিৰাপ উদ্ধাৰ কৰে । ২৩ আৰু ২৪ আগষ্টত চলোৱা বিভিন্ন অভিযান আৰু তালাচীত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আৰপিএফে প্ৰায় ৫১ লাখ টকা মূল্যৰ চুপাৰি, প্ৰায় ১.৬৪ লাখ মূল্যৰ ১৩৬ বটল কাঁহৰ চিৰাপ আৰু ৯৮৮০ টকা মূল্যৰ ৪৮ বটল সুৰা বিভিন্ন ৰে’ল আৰু ষ্টেচনৰ পৰা উদ্ধাৰ কৰে ।

২৬ আগষ্টত কাঁহৰ চিৰাপ অবৈধভাৱে ৰখাৰ বাবে তিনিজন লোককো আটক কৰা হয় । পিচত উদ্ধাৰ কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ লগতে ধৃত লোককেইজনক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট বিভাগক হস্তান্তৰ কৰা হয় ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ জুলাই পৰ্যন্ত বিগত সাতটা মাহত আৰ পি এফৰ অভিযানত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰা ৪৩৪ ঘটনা ধৰা পেলাবলৈ সক্ষম হৈছিল ।

তেনেদৰে অভিযানত ১৩.৩৬ কৌটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই সন্দৰ্ভত মুঠ ২৫০ জন লোকক আটক কৰা হৈছিল ।

লগতে পঢ়ক : Operation against drugs: কাকপথাৰত 5 কোটি টকাৰ নিচাযুক্ত সামগ্ৰীসহ আটক তিনি সৰবৰাহকাৰী

Last Updated : Aug 28, 2023, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.