ETV Bharat / state

শ‍াৰদীয় দুৰ্গোৎসৱৰ উচাহৰ মাজতে ৰাজ্যত ৬৪৩ টা পথ দুর্ঘটনা

author img

By

Published : Oct 7, 2022, 3:29 PM IST

মৃত্যুঞ্জয় ১০৮ সেৱাৰ তথ্য মতে ৰাজ্যত ষষ্ঠীৰ দিনা ৭৭ টা, সপ্তমীৰ দিনা ১১৯ টা, অষ্টমীৰ দিনা ১২৮ টা, নৱমীৰ দিনা ১৭২ টা আৰু দশমীৰ দিনা ১৪৭ টা পথ দুৰ্ঘটনা সংঘটিত হয় । কামৰূপ জিলাত সৰ্বাধিক ৭৫ টা পথ দুৰ্ঘটনা (Highest road accident in Kamrup during puja)। গুৱাহাটীত সংঘটিত হয় ২৬ টা পথ দুর্ঘটনা । বিগত বৰ্ষত পূজাৰ সময়ত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল ।

Accident
দুৰ্গোৎসৱৰ উচাহৰ মাজতে ৰাজ্যত ৬৪৩ টা পথ দুর্ঘটনা

গুৱাহাটী,৭ অক্টোবৰ : ৰাজ্য চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ৬৪৩ টা পথ দুর্ঘটনা (643 road accidents in Assam at the time of puja)। উৎসৱ-পাৰ্বন আদিৰ সময়ত স্বাভাৱিক সময়তকৈ পথ দুৰ্ঘটনা বৃদ্ধি পায় যদিও চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল । তাৰ পাছতো দুৰ্গা পূজাৰ সময়ত ৬৪৩ টা পথ দুৰ্ঘটনা ৰাজ্যত সংঘটিত হয় ।

অৱশ্যে পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাৰ (Road accident data of Mrityunjoy 108)। পথ দুৰ্ঘটনাৰ এই সংখ্যা আৰু অধিক হ'ব । কাৰণ ১০৮ সেৱাৰ যোগেদি ৬৪৩ টা দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়োৱা হৈছিল ।

ষষ্ঠীৰ পৰা দশমীলৈ ৭৫ টা পথ দুর্ঘটনাৰে শীৰ্ষত আছে কামৰূপ জিলা (Highest road accident in Kamrup during puja)। দুর্গা পূজাৰ সময়ত গুৱাহাটী মহানগৰীত ২৬ টাকৈ পথ দুর্ঘটনা সংঘটিত হৈছে । মৃত্যুঞ্জয়-১০৮ সেৱাৰ তথ্য অনুসৰি দুর্গোৎসৱৰ সময়ত ৰাজ্যত ষষ্ঠীৰ দিনা ৭৭ টা, সপ্তমীৰ দিনা ১১৯ টা, অষ্টমীৰ দিনা ১২৮ টা, নৱমীৰ দিনা ১৭২ টা আৰু দশমীৰ দিনা ১৪৭ টা দুৰ্ঘটনা সংঘটিত হৈছে ।

পূজাৰ দিনকেইটাত অর্থাৎ ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ শোণিতপুৰত ৫৩ টা, নগাঁৱত ৪৬ টা, ওদালগুৰিত ৪০ টা, দৰঙত ৩৩ টা, গোলাঘাটত ৩০ টা, বৰপেটাত ২৯ টা, কাছাৰত ২৭ টা, ধেমাজিত ২৭ টা, শিৱসাগৰত ২৭ টা, ডিব্ৰুগড়ত ২৬ টা, নলবাৰীত ২৪ টা, বঙাইগাঁৱত ২০ টা, চিৰাঙত ১৭ টা, বাক্সাত ১৬ টা, গোৱালপাৰাত ১৫ টা, কাৰ্বি আংলঙত ১৫ টা, কোকৰাঝাৰত ১৫ টা, কৰিমগঞ্জত ১৩ টা, যোৰহাটত ১২ টা, ধুবুৰীত ১১ টা, তিনিচুকীয়াত ১১ টা, লখিমপুৰত ১০ টা, মৰিগাঁৱত ১০ টা, হাইলাকান্দিত ৮ টা, ডিমা হাচাওত ৪ টা আৰু মাজুলীত ৩ টা পথ দুর্ঘটনা সংঘটিত হয় ।

দুর্ঘটনাগ্রস্ত লোকসকলক 'মৃত্যুঞ্জয় ১০৮'য়ে সেৱা আগবঢ়ায় । উল্লেখ্য যে এইবাৰৰ দুর্গা পূজাৰ সময়ত ৰাজ্যত ৬৪৩ টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে বিগত বৰ্ষত পূজাৰ সময়ত দুৰ্ঘটনাৰ সংখ্যা আছিল ৫৪১ টা । ষষ্ঠীৰ পৰা দশমীলৈ গুৱাহাটীত বিগত বৰ্ষত ৮ টা দুর্ঘটনা সংঘটিত হৈছিল (Accidents in Assam increased compared to last year)। কিন্তু এইবাৰ মহানগৰীত দুৰ্ঘটনাৰ সংখ্যা ২৬ টালৈ বৃদ্ধি পালে ।

লগতে পঢ়ক :নিৰীহ যুৱকক বেয়াকৈ প্ৰহাৰ তেজপুৰ আৰক্ষীৰ !

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.