ETV Bharat / state

Ripun Bora criticizes BJP government: নৰেন্দ্ৰ মোডীৰ শাসনকালত অধিক ধনী হ’ল দেশৰ পুঁজিপতিসকল !

author img

By

Published : Jan 20, 2022, 4:23 PM IST

Current Indian economy
নৰেন্দ্ৰ মোডীৰ শাসনকালত অধিক ধনী হ’ল দেশৰ পুঁজিপতিসকল !

নৰেন্দ্ৰ মোডীৰ ভুল অৰ্থনীতিৰ ফলত কেৱল 2021 বৰ্ষত দেশৰ সাধাৰণ জনতাৰ উপাৰ্জন হ্ৰাস পোৱাৰ বিপৰীতে পুঁজিপতিৰ সংখ্যা 102 জনৰ পৰা 143 জনলৈ বৃদ্ধি পাইছে (Indian Billionaires)। মুকেশ আম্বানীৰ 2020 চনত মুঠ সম্পতিৰ মূল্য 2.72 লাখ কোটি টকাৰ বিপৰীতে 2021 চনত 6.32 লাখ কোটিলৈ বৃদ্ধি পায় । গৌতম আদানীৰ মুঠ ব্যৱসায়ীক সম্পত্তিৰ মূল্য 2020 চনত 65,860 কোটিৰ বিপৰীতে 2021চনত 3.73 লাখ কোটিলৈ বৃদ্ধি পায় ৷ কিন্তু FORBES REAL TIME DATA অনুযায়ী 2021 চনৰ 24 নৱেম্বৰত আদানীৰ মুঠ ব্যৱসায়িক সম্পত্তিৰ মূল্য 6.08 লাখ কোটি ৷

গুৱাহাটী, 20 জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কায্যৰ্কালত সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন শুধাই ভাৰতৰ অৰ্থনীতি ব্যাপকভাৱে পুঁজিপতি অৰ্থনীতিলৈ গতি কৰিছে । বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই এই কথা সদৰি কৰে (Ripun Bora criticizes BJP government) ।

ৰিপুন বৰাই কয় যে, ২০১৪ চনত আম্বানী, আদানী প্ৰমুখ্যে কেইগৰাকীমান মুষ্টিমেয় পুঁজিপতিৰ নেপথ্যত থাকি নৰেন্দ্ৰ মোডীয়ে ব্যাপক পৰিমাণৰ পুঁজিৰ যোগান ধৰি অভূতপূৰ্ব ব্যয় বহুল নিৰ্বাচনী প্ৰচাৰ চলাই নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী পদত অধিস্থিত হোৱাত সহায় কৰিছিল । সেইদিন ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি কৌশলপূৰ্ণভাৱে ক্ৰমান্বয়ে দেশৰ অৰ্থনীতিৰ চালিকা শক্তি আদানী, আম্বানীৰ দৰে এচাম পুঁজিপতিৰ হাতত অৰ্পণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ বাবে বি জে পি চৰকাৰে বিভিন্ন দৰিদ্ৰ বিৰোধী কায্যকলাপ আৰম্ভ কৰিছে । তেওঁ কয় যে, এই কথা অলপতে অনুষ্ঠিত হোৱা 'বল্ড ইকনমিক ফৰামৰ ডাভোছ' সন্মিলনৰ প্ৰাকক্ষণত অক্সফেম (OXFAM) ইণ্ডিয়াৰ প্ৰতিবেদনত বিস্তৃতভাৱে প্ৰকাশ পাইছে ।

দেশৰ অৰ্থনীতিক মোডীয়ে একমাত্ৰ তেওঁৰ অতি বিস্বস্ত পুঁজিপতিক সন্তুষ্ট কৰিবৰ বাবেই দৰিদ্ৰবিৰোধী কাৰ্য্যত লিপ্ত হৈছে । মোডীৰ বিস্বস্ত পুঁজিপতি আদানী, আম্বানীৰ স্বাৰ্থত লোৱা অৰ্থনীতিৰ ফলত ভাৰতত ব্যাপকভাৱে মূল্যবৃদ্ধি, দৰিদ্ৰতা বৃদ্ধি, নিবনুৱা সমস্যা বৃদ্ধি ,জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ ব্যাপক হ্ৰাস, বৈদেশিক বিনিয়োগৰ ব্যাপক হ্ৰাস, জনসাধানৰ ওপৰত উপৰ্যুপৰি কৰ আৰোপ কৰি দেশৰ অৰ্থনীতি একেবাৰে বিধস্ত কৰি তুলিছে । বিমুদ্ৰাকৰণত দেশৰ অৰ্থনীতি বিধস্ত হোৱাৰ পাছত আৰু 2020 চনৰ পৰা হোৱা কৰ’না মহামাৰীৰ প্ৰকোপত আৰু দীর্ঘদিনীয়া ‘Lock Down’ ৰ ফলত লাখ লাখ মানুহ কৰ্মচ্যুত হ'ল, বহু উদ্যোগ বন্ধ হ'ল, বহুতৰ ব্যৱসায় -বাণিজ্য প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হ'ল, সকলো মানুহৰ উপাৰ্জন আৰু ক্ৰয় ক্ষমতা ব্যাপকভাৱে হ্ৰাস হ'ল কিন্ত তাৰ মাজতো প্ৰধানমন্ত্ৰী মোডীৰ অনুগ্ৰহত কেইজনমান পুঁজিপতিৰ উপাৰ্জন সাংঘাটিকভাৱে বৃদ্ধি পাইছে ।

মুকেশ আম্বানীৰ 2020 চনত মুঠ সম্পতিৰ মূল্য 2.72 লাখ কোটি টকাৰ বিপৰীতে 2021 চনত 6.32 লাখ কোটিলৈ বৃদ্ধি পায় (Mukesh Ambani net worth)। গৌতম আদানীৰ মুঠ ব্যৱসায়ীক সম্পত্তিৰ মূল্য 2020 চনত 65,860 কোটিৰ বিপৰীতে 2021চনত 3.73 লাখ কোটিলৈ বৃদ্ধি পায় (Gautam Adani Net Worth) ৷ কিন্তু FORBES REAL TIME DATA অনুযায়ী 2021 চনৰ 24 নৱেম্বৰত আদানীৰ মুঠ ব্যৱসায়িক সম্পত্তিৰ মূল্য 6.08 লাখ কোটি । ভূতপূৰ্ব প্ৰধানমন্ত্ৰীৰ ড৹ মনমোহন সিঙৰ দহবছৰীয়া শাসন কালত ভাৰতৰ মুঠ জন সংখ্যাৰ প্ৰায় 27 কোটি মানুহক দৰিদ্ৰ সীমাৰেখা তলৰ পৰা ওপৰলৈ আনিবলৈ সক্ষম হৈছিল । অৰ্থাৎ United Nations Millennium Devolopment Goals (MDG) Progame অনুযায়ী ভাৰতৰ মুঠ জনসংখ্যা প্ৰায়(139) কোটিৰ মানুহৰ ভিতৰত 8 কোটি মানুহ ( 6.7 % )দৰিদ্ৰ সীমাৰেখা তলত আছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসন কালৰ প্ৰথম 5 বছৰত আৰু অতিৰিক্তভাৱে ৪ কোটি মানুহ দৰিদ্ৰ সীমাৰেখা তললৈ গ'ল । তদুপৰি ক'ৰণা মহামাৰীৰ কালত অৰ্থাৎ 2020-21 চনত 4.6 কোটি মানুহ আৰু অতিৰিক্তভাৱে দৰিদ্ৰ সীমাৰেখা তললৈ গ'ল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৰ্তমানলৈকে সাত বছৰীয়া শাসন কালত মুঠ 12.6 কোটি মানুহ ভাৰতত বৰ্তমান দৰিদ্ৰ সীমাৰেখাৰ তলত আছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভুল অৰ্থনীতিৰ ফলত কেৱল 2021 বৰ্ষত 84% মানুহৰ উপাৰ্জন দ্ৰুত গতিত হ্ৰাস পাইছে । ইয়াৰ বিপৰীতে ভাৰতত বিলিয়নাৰ (বৃহৎ পুঁজিপতি)ৰ সংখ্যা 102 জনৰ পৰা 143 জনলৈ বৃদ্ধি পাইছে । অৰ্থাৎ এটা বছৰতে বৃহৎ পুঁজিপতিৰ বিলিয়নেয়াৰ সংখ্যা 40 জনলৈ বৃদ্ধি পোৱাটোৱেই ভাৰতত ধনীসকল অধিক ধনী আৰু দৰিদ্ৰসকল ক্ৰমান্বয়ে অধিক দৰিদ্ৰতাৰ দিশলৈ ধাৱমান হৈছে । 'অক্সফেম (OXFAM) ইণ্ডিয়া' ৰ প্ৰতিবেদন অনুযায়ী এনেদৰে যদি ভাৰতৰ অৰ্থনীতিয়ে গতি কৰে ভৱিষ্যতে ভাৰত এক সাংঘাটিক অৰ্থনৈতিক দুৰ্যোগৰ সন্মুখীন হ'ব লাগিব | অ'ক্সফেম (OXFAM) ইণ্ডিয়াৰ প্ৰতিবেদন অনুযায়ী 2020-21 বৰ্ষত ক'ৰণা মহামাৰী কালত 84% ভাৰতীয় মানুহৰ উপাৰ্জন হ্ৰাস পাইছে যদিও আদানী, আম্বানীৰ সম্পত্তি প্ৰায় 10 গুন বৃদ্ধি পোৱাৰ লগতে 98জন বৃহৎ পুঁজিপতি বিলিয়নেয়াৰ উপাৰ্জন 23.1 লাখ কোটিৰ পৰা 57.3 লাখ কোটিলৈ বৃদ্ধি পাইছে ।

ভাৰতত ধনীসকল এনেদৰে ধনী হৈছে আৰু দৰিদ্ৰসকলৰ দৰিদ্ৰতা এনেদৰে বৃদ্ধি পাইছে যে, ভাৰতৰ মুঠ জনসংখ্যাৰ 55.5 কোটি মানুহৰ সমূদায় সম্পত্তিৰ মূল্য এই 98 জন বৃহৎ পুঁজিপতিৰ বিলিয়নেয়াৰৰ সম্পতিৰ সমান । ভাৰতৰ বৰ্তমান অৰ্থনীতি ইমানেই পয়া লগা যে, ভাৰতবৰ্ষত এই 98 জন বিলিয়নেয়াৰৰ সা-সম্পত্তি আৰু উপাৰ্জনৰ ওপৰত মাত্ৰ 1% উপ-কৰ যদি আৰোপ কৰে সেই পুঁজিৰেই ভাৰতৰ শিক্ষা,স্বাস্থ্য আৰু কোটি কোটি ভাৰতীয়ৰ সামাজিক সুৰক্ষা আঁচনি ৰূৰ্পায়নৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱ আঁতৰি যাব ।

ৰিপুন বৰাই লগতে কয় যে, যি সময়ত কৰ’না মহামাৰীৰ বাবে দেশৰ সাধাৰণ মানুহৰ অৰ্থনৈতিক অৱস্থা অতি বেয়াৰ ফালে গতি কৰিছিল তাৰ বিপৰীতে আদানী, অম্বানীকে ধৰি এই 98 জন বিলিয়নেয়াৰৰ সা- সম্পত্তি আৰু উপাৰ্জন 23.14 লাখ কোটিৰ পৰা 53.16 লাখ কোটি লৈ অৰ্থাৎ এক বছৰত 30.02 লাখ কোটি বৃদ্ধি হৈছিল । "সৱকা সাথ সবকা বিকাশ " কথা কোৱা বি জে পি চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত 2020-21 বিত্তীয় বৰ্ষৰ বাজটেত মোদী চৰকাৰে স্বাস্থ্য শিতানত 10%, শিক্ষা শিতানত 6% আৰু সামাজিক নিৰাপত্তাৰ শিতানত 1% বাজেট কৰ্তন কৰিছে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অত্যাধিক পুঁজিপতিৰ প্ৰীতিৰ ফলত বিধস্ত হোৱা ভাৰতৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলৰ হৈ ৰিপুন বৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কেতবোৰ পৰামৰ্শ আগবঢ়ায় ।

তেওঁ কয় যে, সৰ্বসাধাৰণৰ ৰাইজৰ ওপৰত উপৰ্যুপৰি বৃদ্ধি কৰা কৰ (GST) প্ৰত্যাহাৰ কৰিব লাগে । চৰকাৰে অতিশীঘ্ৰে সকলো পে'ট্ৰলজাত সমগ্ৰীৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা কৰ প্ৰত্যাহাৰ কৰিব লাগে । পুঁজিপতিবিলাকৰ ওপৰত আৰোপ কৰা কৰ্পোৰেট কৰ( Cooperate Tax) হ্ৰাস কৰা প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিব লাগে । পুঁজিপতি সকলৰ ওপৰত পূৰ্বতে বলবৎ থকা Wealth Tax মোডী চৰকাৰে প্ৰত্যাহাৰ কৰিছিল । ইয়াক পুনৰ বলবৎ কৰিব লাগে । লগতে সকলো বিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা GST সৰলীকৰণ কৰাৰ বাবে ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই নৰেন্দ্ৰ মোডীক পৰামৰ্শ আগবঢ়ায় ।

লগতে পঢ়ক: বৰ্ধিত ক’ভিড সংক্ৰমণৰ মাজত জীৱিকাৰ পথ হেৰুৱাইছে পদপথৰ খাদ্য ব্যৱসায়ীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.