ETV Bharat / state

Resources of Nagaon, Cachar paper mill: পানীৰ দৰত বিক্ৰী হ'ব নেকি কাগজ কলৰ সম্পদ !

author img

By

Published : Dec 14, 2021, 2:19 PM IST

দুসপ্তাহৰ ভিতৰতে লিকুইডেটৰে কাগজ কলৰ মূল্য পূৰ্বৰ তুলনাত ৭৮-৫৯ কোটি টকা হ্ৰাস কৰিলে । দুয়োটা কলৰ ১৫৮ একৰ বিশাল ভূমিৰ মূল্য ৭০ কোটি টকা হ্ৰাস কৰিছে(Nagaon-Cachar paper mill's land price decreased) । ১৬ ডিচেম্বৰৰ ভিতৰত আগ্ৰহীসকলক আবেদন কৰাৰ সময়সীমা লিকুইডেটৰে নিৰ্ধাৰণ কৰি দিছে ।

resources-of-nagaon-cachar-paper-mill-to-be-sold-at-low-price
কাগজ কলৰ দুৰৱস্থা

গুৱাহাটী, ১৪ ডিচেম্বৰ: ৰাজ্যৰ অন্যতম দুটা ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ পৰিৱৰ্তে যিকোনো প্ৰকাৰে ইয়াৰ ভূমি বিক্ৰীৰ বাবে যেন চেষ্টাৰ ক্ৰটি কৰা নাই কেন্দ্ৰীয় চৰকাৰে(Sale of Nagaon-Cachar paper mill's resources) । নেশ্যনেল কোম্পানী ল’ ট্ৰিবিউনেলে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিতকৰণেৰে নিলাম কৰাৰ বাবে নিৰ্দেশ দিছিল যদিও বাস্তৱত লিকুইডেটৰে কাগজ কলৰ ভূমি-সম্পত্তি খণ্ড খণ্ড কৰি বিক্ৰীৰহে চেষ্টা চলাইছে । যাৰ বাবে লিকুইডেটৰ কুলদীপ বাৰ্মাই মাত্ৰ দুসপ্তাহৰ ভিতৰতে কাগজ কল দুটা বিক্ৰীৰ বাবে নিলামৰ বিজ্ঞাপন জাৰি কৰিছে । শুনিলে আঁচৰিত যেন লাগিলেও দুসপ্তাহৰ ভিতৰতে লিকুইডেটৰে কাগজ কলৰ মূল্য পূৰ্বৰ তুলনাত ৭৮-৫৯ কোটি টকা হ্ৰাস কৰিলে ।

আন আন সম্পত্তি বাদ দি কেৱল দুয়োটা কলৰ ১৫৮ একৰ বিশাল ভূমিৰ মূল্য ৭০ কোটি টকা হ্ৰাস কৰিছে(Assam paper mill's land price decreased) । কি উদ্দেশ্যেৰে বিশাল তৈল ভাণ্ডাৰ থকাৰ পাচতো কাগজ কলৰ ভূমিৰ মূল্য হ্ৰাস কৰিছে, সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে । কিয়নো ইতিপূৰ্বে অসম চৰকাৰে নূন্যতম ৩০০ কোটি টকা মূল্যত কাগজ কলৰ ভূমি ক্ৰয় কৰাৰ বাবে লিকুইডেটৰলৈ পত্ৰ প্ৰেৰণ কৰিছে । অৱশ্যে অসম চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ পৰিৱৰ্তে কাগজ কলৰ ভূমিত ঔদ্যোগিক এলেকালৈ হস্তান্তৰ কৰাহে পৰিকল্পনা কৰিছে ।

উল্লেখ্য যে, লিকুইডেটৰ কুলদীপ বামাই ২৫ নৱেম্বৰত কাগজ কলৰ ভূমি সম্পত্তিৰ মূল্য ৭৮৬.১৮ কোটি টকা নিৰ্ধাৰণ কৰি নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল । ৩ ডিচেম্বৰৰ ভিতৰত আগ্ৰহীসকলক আবদেনৰ বাবে সময়সীমাও নিৰ্ধাৰণ কৰি দিছিল ।

কিন্তু কাগজ কল ক্ৰয়ৰ বাবে কোনো আগ্ৰহী নোহোৱাৰ অজুহাতেৰে পুনৰ ৯ ডিচেম্বৰত নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰে লিকুইডেটৰ কুলদীপ বাৰ্মাই । অৱশ্যে এইবাৰৰ বিজ্ঞাপনত কাগজ কলৰ ভূমি সম্পত্তিৰ মূল্য ৭০৭.৫৯ কোটি টকালৈ হ্ৰাস কৰিলে । অৰ্থাৎ মাত্ৰ দুসপ্তাহত কাগজ কলৰ মূল্য হ্ৰাস পালে ৭৮.৫৯ কোটি টকালৈ । পূৰ্ব নিলামৰ বিজ্ঞাপনত নগাঁও কাগজ কলৰ ৫৭৩ একৰ ভূমি আৰু কাছাৰ কাগজ কলৰ ১০০৮ একৰ ভূমিৰ লগতে ডিমা-হচাওৰ ১০ কঠা ভূমিৰ মূল্য নিৰ্ধাৰণ কৰিছিল ৭০০ কোটি টকা ।

কিন্তু পুনৰ প্ৰকাশ কৰা বিজ্ঞাপনত উক্ত ভূমিৰ মূল্য ৬৩০ কোটিলৈ হ্ৰাস কৰিলে । আনহাতে, পূৰ্বতে গুৱাহাটীৰ গেম ভিলেজত থকা দুটা ফ্লেটৰ মূল্যৰ ১.০৪ কোটি নিৰ্ধাৰণ কৰিছিল এইবাৰ ফ্লেট দুটাৰ মূল্য ৯৪ লাখ টকালৈ হ্ৰাস কৰিলে । আনহাতে মুম্বাইস্থিত এটা আৱাসিক ফ্লেটৰ মূল্যও হ্ৰাস কৰিছে । ইপিনে, কলকতাৰ চল্টলেকত থকা হাউচিং কলনীৰ মূল্য পূৰ্বে বিজ্ঞাপনত ৫৮.৫০ কোটি টকা ৰাখিছিল যদিও এইবাৰ ইয়াৰ মুল্য নিৰ্ধাৰণ কৰিছে ৫২.৬৫ কোটি টকা । একেদৰে পূৰ্বে দিল্লীস্থ কাৰ্যালয়ৰ মূল্য ১০.২১ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও ইয়াৰ মূল্যও ৯.২০ কোটি টকালৈ হ্ৰাস কৰিছে ।

নাগালেণ্ড পেপাৰ কোম্পানীত থকা ১৫.৩৩ কোটি টকাৰ শ্বেয়াৰৰ মূল্য ১৩.৮০ কোটি টকালৈ হ্ৰাস কৰিছে । লিকুইডেটৰে ১৬ ডিচেম্বৰৰ ভিতৰত আগ্ৰহীসকলক আবেদন কৰাৰ সময়সীমা চূড়ান্ত কৰি দিছে । অৱশ্যে এইবাৰো পূৰ্বৰ দৰে কোনো নিলামত অংশ নল’লে হয়তো পানীৰ দৰতে বিক্ৰী কৰা হ'ব কাগজ কলত বিশাল ভূমি-সম্পত্তি ।

লগতে পঢ়ক: নিযুক্তিৰ ক্ষেত্ৰত ক্ষমতা হেৰুৱাইছে বিটিচি চৰকাৰে : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.