ETV Bharat / state

Water Supply Scheme: মে' মাহৰ পৰা উত্তৰ গুৱাহাটীৰ বাসিন্দাই লাভ কৰিব বিশুদ্ধ খোৱাপানী

author img

By

Published : Apr 25, 2023, 10:32 PM IST

Residents of North Guwahati to get drinking water by May
মে'ৰ পৰা উত্তৰ গুৱাহাটীৰ বাসিন্দাই লাভ কৰিব বিশুদ্ধ খোৱাপানী

বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ (Ashok Singhal reviews Water Supply Scheme)। মে' মাহত আংশিকভাৱে মুকলি কৰা হ'ব উত্তৰ গুৱাহাটী পানী যোগান আঁচনি। জুন মাহত খোৱাপানী লাভ কৰিব দক্ষিণ-মধ্য গুৱাহাটীৰ অতিৰিক্ত ৬ সহস্ৰাধিক পৰিয়ালে (Residents of North Guwahati to get drinking water)।

গুৱাহাটী, ২৫ এপ্ৰিল: ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ মাহটোতে অৰ্থাৎ মে' মাহৰ ভিতৰত উত্তৰ গুৱাহাটী পানী যোগান আঁচনি আংশিকভাৱে মুকলি কৰা হ'ব । এই কথা জানিবলৈ দিয়ে মন্ত্রী অশোক সিংহলে (Minister Ashok Singhal on Water Supply Scheme)।

উল্লেখ্য যে, গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী জল ব’ৰ্ডৰ অধীনত হাতত লোৱা শেহতীয়া কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে (latest status of Guwahati Water Supply Scheme)। সভাত উত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে (Residents of North Guwahati to get drinking water)। এই প্ৰকল্পটোৰ মুঠ পাঁচটা ডিষ্টিক্ট মিটাৰ্ড এৰিয়া (ডি এম এ)ৰ ভিতৰত তিনিটাই সাজু হৈ উঠিছে আৰু বাকী দুটাৰ কামো অতি সোনকালেই সম্পূৰ্ণ হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে (Minister Singhal reviews latest status)।

এই সভাত মে' মাহৰ ভিতৰত উত্তৰ গুৱাহাটী পানী যোগান আঁচনি আংশিকভাৱে মুকলি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে (Greater Guwahati Water Supply Scheme)। এই প্ৰকল্পৰ শুভাৰম্ভই উত্তৰ গুৱাহাটীৰ এক বিস্তীৰ্ণ অঞ্চলৰ প্ৰায় ৭০৪২ টা পৰিয়ালক খোৱাপানী যোগান ধৰিবলৈ সক্ষম হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । লগতে মন্ত্ৰীগৰাকীয়ে পানী উপলব্ধ এই এলেকাসমূহত খোৱাপানীৰ ঘৰুৱা সংযোগৰ সুবিধা লোৱাৰ বাবে আগবাঢ়ি আহিবলৈ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ প্ৰতি আহ্বান জনায় (Minister Ashok Singhal)।

আনহাতে দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী পানী যোগান আঁচনিৰ অধীনৰ লিচুবাগান ৰিজাৰ্ভাৰো জুন মাহৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি আজিৰ বৈঠকত বিভাগীয় বিষয়াসকলে মন্ত্ৰীগৰাকীক অৱগত কৰে (Ashok Singhal reviews Water Supply Scheme)। এই প্ৰকল্পৰ অধীনত অতিৰিক্ত ৮ টা ডি এম এ জুন মাহত কাৰ্যকৰী হৈ উঠিলে ৬ হাজাৰৰো অধিক পৰিয়ালত খোৱাপানী যোগান ধৰিব পৰা যাব ।

লগতে পঢ়ক: Assam govt policy on Energy: চৰকাৰৰ নবীকৰণযোগ্য উৎসৰ শক্তিৰ ওপৰত বিশেষ গুৰুত্ব

মন্ত্ৰী সিংহলে বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ অন্যান্য প্ৰকল্পসমূহৰ কাম-কাজৰো বুজ লোৱাৰ লগতে ৰূপায়ণকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে কৰ্তব্যত নিয়োজিত ঠিকাদাৰসকলক কাম-কাজৰ দ্ৰুত ৰূপায়ণৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে, ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ যোগান আৰম্ভ হৈছে। পৰ্যায়ক্ৰমে সমগ্ৰ গুৱাহাটীবাসীকে টেপ যোগে পানী যোগান ধৰা হ'ব বুলি মন্ত্রীগৰাকীয়ে সদৰী কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.