ETV Bharat / state

Assam Govt Policy On Energy: চৰকাৰৰ নবীকৰণযোগ্য উৎসৰ শক্তিৰ ওপৰত বিশেষ গুৰুত্ব

author img

By

Published : Apr 25, 2023, 8:30 PM IST

নবীকৰণযোগ্য উৎসৰ শক্তিৰে ২০৩০ চনৰ ভিতৰত পূৰণ হ'ব ৪৫ শতাংশ বিদ্যুতৰ চাহিদা (Energy of renewable sources in Assam) । তাপবিদ্যুৎ প্রকল্প বা জলবিদ্যুৎ প্রকল্পৰ পৰিৱৰ্তে সৌৰশক্তি প্রকল্পৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ আহৰণত সর্বাধিক গুৰুত্ব দিছে অসম চৰকাৰে । ২০২৬ চনত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ লক্ষ্য ।

Energy of renewable sources in Assam
নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব

গুৱাহাটী, ২৫ এপ্ৰিল: বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত অসম এতিয়াও স্বনিৰ্ভৰশীল হ'ব পৰা নাই (Generation of electricity in Assam)। চাহিদা অনুপাতে অসমে বিদ্যুতৰ যোগান ধৰিব পৰা নাই । ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা বাহিৰা উৎসৰ পৰা ক্ৰয় কৰি পূৰণ কৰিবলগীয়া হয় । যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে নিজা বিদ্যুৎ উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰিছে । বিশেষকৈ কাৰ্বনৰ নির্গমন হ্ৰাস কৰাৰ বাবে নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া অসম চৰকাৰে ২০৩০ চনৰ ভিতৰত মুঠ চাহিদাৰ ৪৫ শতাংশ শক্তি নবীকৰণযোগ্য শক্তি উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (Aim to extract from renewable energy sources)।

তাপবিদ্যুৎ প্রকল্প বা জলবিদ্যুৎ প্রকল্পৰ পৰিৱৰ্তে সৌৰশক্তি প্রকল্পৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ আহৰণত সর্বাধিক গুৰুত্ব দিছে ৰাজ্য় চৰকাৰে (Solar Power Project in Assam)। অসমত বৃহৎ সামর্থ্যৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা নথকা আৰু বতাহ শক্তিৰ সামর্থ্যও কম হোৱাৰ পৰিপ্ৰেক্ষিতত সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ এতিয়া সৌৰশক্তিৰ বিভিন্ন আহিলা ব্যৱহাৰ কৰা আৰম্ভ কৰিছে ।

উল্লেখ্য যে, ২০২২ চনৰ ডিচেম্বৰ পর্যন্ত অসমত স্থাপন হোৱা নবীকৰণযোগ্য শক্তি কেন্দ্ৰ আৰু আনৰ পৰা ক্ৰয় কৰা নবীকৰণযোগ্য শক্তি যোগ কৰি অসমে সর্বোচ্চ শক্তি চাহিদাৰ ২৫.০৩ শতাংশ পূৰণ কৰিবলৈ সক্ষম হৈছে । এ পি ডি চি এলৰ তথ্য অনুসৰি ২০২৬ চনত অসমে মুঠ চাহিদাৰ ৩৪ শতাংশ আৰু ২০৩০ চনত মুঠ চাহিদাৰ প্ৰায় ৪৫ শতাংশ শক্তি নবীকৰণযোগ্য শক্তি উৎসৰ পৰা পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (Source of APDCL) । এই লক্ষ্যত উপনীত হোৱাৰ বাবে ২০২৬ চনত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে ।

ইতিমধ্যে 'মুখ্যমন্ত্রী সৌৰশক্তি প্রকল্প' আঁচনিৰ অধীনত অসমত ১০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে (Chief Minister Solar Power Project) । এই আঁচনিখনৰ অধীনত চৰকাৰৰ অব্যৱহৃত ভূমিত সৌৰ পেনেল স্থাপন কৰি সেই মাটিৰ উপযুক্ত ব্যৱহাৰ কৰা হ’ব । ইফালে, বৃহৎ সামর্থ্যৰ সৌৰশক্তি কেন্দ্ৰ স্থাপনৰ বাবেও চৰকাৰে আন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ লগত যুটীয়া উদ্যোগ কোম্পানী গঠন কৰিছে । ইতিমধ্যে এ পি ডি চি এলে এন এল চি ইণ্ডিয়া লিমিটেডৰ সৈতে ১০০০ মেগাৱাট সৌৰশক্তি কেন্দ্র স্থাপনৰ বাবে যৌথ কোম্পানী গঠন কৰিছে । এ পি ডি চি এলে এছ জে ভি এন গ্রীন এনাৰ্জী লিমিটেডৰ লগতো যুটীয়া কোম্পানী গঠন কৰি ১০০০ মেগাৱাট ভাসমান সৌৰশক্তি প্রকল্প স্থাপনৰ পদক্ষেপ হাতত লৈছে ।

ইয়াৰ উপৰি ৰাজ্যখনে আন ১২০০ মেগাৱাট গড় সামর্থ্যৰ শক্তি কেন্দ্ৰ স্থাপন কৰি অসম নবীকৰণযোগ্য শক্তি নীতি-২০২২ৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই ১২০০ মেগাৱাট শক্তিৰ উৎসসমূহ ক্ৰমে গ্রীড সংযুক্ত সৌৰশক্তি, গ্রীড সংযুক্ত ছাদ সৌৰ কেন্দ্ৰ, অফ গ্রীড সৌৰ প্রায়োগিক কেন্দ্ৰ আৰু আন নবীকৰণযোগ্য শক্তিৰ উৎস । এই উৎসসমূহৰ ভিতৰত গ্ৰীড সংযুক্ত সৌৰ শক্তিৰ পৰা ৬২০ মেগাৱাট, গ্রীড সংযুক্ত ছাদ সৌৰ কেন্দ্ৰৰ পৰা৩০০ মেগাৱাট, অফ গ্রীড সৌৰ প্রায়োগিক কেন্দ্ৰৰ পৰা ৮০ মেগাৱাট আৰু আন নবীকৰণযোগ্য শক্তি উৎসৰ পৰা ২০০ মেগাৱাট সৌশক্তি আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

ইফালে, বৰ্তমানলৈ আহৰণ কৰা ২৫০ মেগাৱাট সৌৰশক্তিৰ ক্ৰমে গ্ৰীড সংযুক্ত সৌৰশক্তি কেন্দ্ৰৰ পৰা ১৭৯ মেগাৱাট, গ্রীড সংযুক্ত ছাদ সৌৰশক্তি কেন্দ্ৰৰ পৰা ৩১ মেগাৱাট আৰু অফ গ্ৰীড সৌৰ পদ্ধতিৰ পৰা ৪০.০৯ মেগাৱাট উৎপাদন কৰাহৈছে । ভাৰত চৰকাৰৰ শক্তি পৰিসংখ্যা প্রতিবেদন অনুসৰি অসমত সৌৰশক্তি উৎপাদনৰ যথেষ্ট সম্ভাৱনীয়তা আছে । সেই সম্ভাৱনীয়তাক অসম চৰকাৰে বাস্তৱ ৰূপ দিয়াৰ বাবে কেইবাটাও প্ৰকল্প হাতত লৈছে ।

লগতে পঢ়ক:Bordubi rape case : বৰডুবি ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি মহিলা আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান মহিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.