ETV Bharat / state

Bordubi rape case : বৰডুবি ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি মহিলা আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান মহিলা কংগ্ৰেছৰ

author img

By

Published : Apr 25, 2023, 1:52 PM IST

Womens Congress sent Memorandum
মহিলা আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান

ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ত উপস্থিত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ৷ বৰডুবি ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান (Womens Congress sent Memorandum)৷

মহিলা আয়োগj কাৰ্যালয়ত মহিলা কংগ্ৰেছৰ দল

গুৱাহাটী, 25 এপ্ৰিল : মহানগৰীৰ বেলতলাস্থিত অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ত মঙলবাৰে উপস্থিত হয় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ । তিনিচুকীয়া জিলাৰ বৰডুবিত সংঘটিত হোৱা বৰ্বৰ ধৰ্ষণকাণ্ডৰ ন্যায় দাবী কৰি মহিলা আয়োগৰ এটা দল আজি উপস্থিত হয় ৰাজ্যিক মহিলা আয়োগৰ বেলতলাস্থিত কাৰ্যালয়ত ৷ আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান কৰে মহিলা কংগ্ৰেছে (Assam State Commission for Women)।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২০ মার্চৰ দিনা তিনিচুকীয়াৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত ৩০৯ নং কাটনি গাঁৱৰ ৫৮ বছৰীয়া সমেন্দ্ৰ ৰায় নামৰ এগৰাকী ব্যক্তিয়ে একেই গাঁৱৰে ১০ বছৰীয়া কন্যা শিশু এগৰাকীক অতি নিৰ্মমভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইতিমধ্যে বিষয়টো সম্পৰ্কত বৰডুবি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল । কিন্তু ধর্ষণকাণ্ড সংঘটিত হৈ যোৱাৰ এমাহ পাৰ হৈ যোৱাৰ পিচতো আজিলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই বুলি উত্থাপন হৈছে গুৰুতৰ অভিযোগ (Rape case in Bordubi) ।

আনকি নাবালিকা কন্যাৰ ওপৰত চলা এনে জঘণ্য ঘটনাৰ পিচতো আৰক্ষীৰ সম্পূর্ণ নিৰ্লিপ্ত ভূমিকাত মানসিকভাৱে ভাগি পৰে কন্যাগৰাকীৰ মাতৃ ৷ যাৰ ফলত প্ৰচণ্ড মানসিক সংঘাতত ভুগি অৱশেষত 14 এপ্রিলৰ দিনা ধৰ্ষিতা কন্যা শিশুটিৰ মাতৃয়ে গ্ৰহণ কৰে আত্মহননৰ দৰে চৰম পন্থা । সেয়েহে বিষয়টো গুৰুত্ব সহকাৰে হৈ মহিলা আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰত্ৰ প্ৰদান কৰে অসম মহিলা কংগ্ৰেছৰ দলটোৱে (Assam Pradesh Womens Congress sent Memorandum) ৷

অংকিতা দত্তক ন্যায় প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগ তৎপৰ হৈ থকাৰ সময়ত ৰাজ্যিক মহিলা আয়োগে বৰডুবি ধৰ্ষণ কাণ্ডত নিৰ্বিকাৰ স্থিতি গ্ৰহণ কৰাত আশ্চৰ্য প্ৰকাশ কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷ উল্লেখ্য যে, মঙলবাৰে দিনৰ 11 বজাত নেত্ৰীগৰাকীয়ে ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ত উপস্থিত হয় যদিও কাৰ্যালয়টোত 11.30 বজালৈ এগৰাকী বিষয়াকো নেদেখি আয়োগৰ কৰ্মচাৰীৰ দায়বদ্ধতা সম্পৰ্কত ক্ষোভ প্ৰকাশ কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে (President of Assam Pradesh Mahila Congress)।

লগতে পঢ়ক : Congress MLA press meet : কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিব অভূতপূৰ্ব সফলতা : বিধায়ক কমলাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.