ETV Bharat / state

কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল আৰক্ষীৰ বৈঠক

author img

By

Published : Jan 23, 2020, 7:52 PM IST

গণৰাজ্য দিৱস উপলক্ষে কামাখ্যা ৰে'ল ষ্টেচনত বৈঠক ৰে'ল আৰক্ষীৰ ৷ কোনো কূটাঘাতকাৰীয়ে যাতে কোনো ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম থাকিবলৈ দিয়ে ৰে'ল আৰক্ষীয়ে ৷

কামাখ্যা
কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল আৰক্ষীৰ বৈঠক

গুৱাহাটী, 23 জানুৱাৰীঃ বৃহস্পতিবাৰে গণৰাজ্য দিৱসৰ উপলক্ষে শীৰ্ষ ৰে'ল আৰক্ষীৰ উদ্যোগত কামাখ্যা ৰে'ল ষ্টেচনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । ৰে'ল ষ্টেচনত কৰ্মৰত সকলো বিষয়া-কৰ্মচাৰীসকলক সদাসষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৰে'ল আৰক্ষীয়ে । কোনো সন্দেহজনক সামগ্ৰী পালে ততাতৈয়াকৈ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত যাতে কোনো কূটাঘাতকাৰীয়ে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এনে সষ্টম হৈ উঠিছে ৰে'ল আৰক্ষী ।

কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল আৰক্ষীৰ বৈঠক

ইফালে ৰে'ল আৰক্ষীৰ এটা দলে সাধাৰণ যাত্ৰীৰ লগত মত-বিনিময় কৰি যাত্ৰীসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । লগতে ৰে'ল ষ্টেচনৰ পৰিসৰৰ ভিতৰত অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ বিষয়ে অৱগত কৰে যাত্ৰীসকলক ।

আৰু পঢ়কঃ মৰিগাঁৱত পিষ্টল আৰু সজীৱ গুলীসহ সহ আটক 6 জন

Intro:গণৰাজ্য দিৱসৰ উপলক্ষে শীৰ্ষ ৰে'ল আৰক্ষীৰ উদ্যোগত বৃহস্পতিবাৰে কামাখ্যা ৰে'ল ষ্টেচনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰেল ষ্টেচনত কৰ্মৰত সকলো বিষয়া-কৰ্মচাৰীসকলক সদাসষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৰে'ল আৰক্ষীয়ে। কোনো সন্দেহজনক সামগ্ৰী পালে ততাতৈয়াকৈ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাই। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত যাতে কোনো কূটাঘাতকাৰীয়ে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এনে সষ্টম হৈ উঠিছে ৰে'ল আৰক্ষী। ইফালে ৰে'ল আৰক্ষীৰ এটা দলে সাধাৰণ যাত্ৰীৰ লগত মত বিনিময় কৰি যাত্ৰীসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাই। লগতে ৰে'ল ষ্টেচনৰ পৰিসৰৰ ভিতৰত অৱলম্বন কৰিবলগীয়া কিছু সাৱধানতৰ বিষয়ে অৱগত কৰে যাত্ৰীসকলক। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.