ETV Bharat / state

Jio True 5G in Guwahati : গুৱাহাটীত মুকলি হ’ল জিঅ’ 5G সেৱা, কামাখ্যাত বিনামূলীয়া ইণ্টাৰনেট

author img

By

Published : Jan 10, 2023, 7:48 PM IST

Jio True 5G in Guwahati
মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে জিঅ’ 5G সেৱা

গুৱাহাটীত ৰিলায়েঞ্চ জিঅ’ই মুকলি কৰিলে 5G সেৱা (Jio True 5G in Guwahati)৷ ইয়াৰোপৰি কামাখ্যা মন্দিৰৰ চৌহদত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ল বিনামূলীয়া ইণ্টাৰনেট সেৱা ৷ ইয়াৰৰ লগে লগে মঙলবাৰৰ পৰা দেশৰ 93 খন চহৰলৈ বিয়পিল জিঅ’ৰ ট্ৰু 5G সেৱাৰ পৰিসৰ ৷

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে জিঅ’ 5G সেৱা

গুৱাহাটী, ১০ জানুৱাৰী : ৰাজ্যত আৰম্ভ হ’ল 5G ইণ্টাৰনেট সেৱা (Jio True 5G in Guwahati)৷ এই সুখবৰ কঢ়িয়াই আনি মঙলবাৰে গুৱাহাটীত মুকলি কৰা হ’ল জিঅ’ ট্ৰু 5G সেৱা ৷ দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী ৰিলায়েঞ্চ জিঅ’য়ে মঙলবাৰে গুৱাহাটীত প্ৰথমবাৰৰ বাবে 5G সেৱা আৰম্ভ কৰে ৷ কোম্পানীটোৰ এই সেৱা সমগ্ৰ গুৱাহাটীৰ গ্ৰাহকে লাভ কৰিব (Jio 5G launched in Assam)৷

পৰিসৰ বৃদ্ধি পালে বৃদ্ধি পালে ৰিলায়েঞ্চ জিঅ’ৰ 5G সেৱাৰ ৷ মঙলবাৰৰ পৰা দেশৰ মুঠ 93 খন চহৰত উপলব্ধ হ’ল জিঅ’ ট্ৰু 5G সেৱা ৷ জনতা ভৱনত 5G সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ লগে লগে 5G প্ৰযুক্তিৰ স্মাৰ্টফোন থকা গ্ৰাহকে মহানগৰীত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ জিঅ’ ট্ৰু 5G সেৱা উপভোগ কৰিব পাৰিব ৷

মঙলবাৰৰ পৰাই জিঅ’ৰ ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰা উপভোক্তাসকলক জিঅ’ ৱেলকাম অফাৰলৈ আমন্ত্ৰণ জনোৱা হয় ৷ যাৰ জৰিয়তে উপভোক্তাসকলে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ 1 GB/PS পৰ্যন্ত গতিবেগৰ সীমাহীন ডাটা লাভ কৰিব ৷ ইয়াৰ উপৰিও কামাখ্যা মন্দিৰত বিনামূলীয়াকৈ ট্ৰু ৫G চালিত ৱাই-ফাই সেৱা মুকলি কৰা হয় (Free 5G wifi in Kamakhya temple)৷

অনুষ্ঠানত জিঅ’ ট্ৰু ৫জি’ৰ উপযোগিতা আৰু সুফল সন্দৰ্ভত বৰ্ণনা কৰে জিঅ’ৰ বিষয়াসকলে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে এই সেৱাৰ আৰম্ভনি কৰি তেওঁ আনন্দিত হৈছে ৷ জিঅ’ ট্ৰু 5G সেৱাই অসমৰ প্ৰতিটো কোণত স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰি সকলোৰে বাবে সুলভ কৰি তুলিব ৷

৯৫০০ কোটি টকাৰ বিনিয়োগৰ উপৰিও ৰিলায়েঞ্চ জিঅ’ই অসমত 5G নেটৱৰ্ক স্থাপনৰ বাবে ২৫০০ কোটিতকৈও অধিক টকা বিনিয়োগ কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Reliance invests in Assam)৷ ৰিলায়েঞ্চ কোম্পানীয়ে অসমক বানপানী, কোভিডৰ সময়ত সহায় কৰাৰ বাবে কোম্পানীটোক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে (Donation by Reliance to Assam)৷

কোম্পানীটোৱে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত অসমৰ প্ৰতিখন চহৰত জিঅ ট্ৰু 5G সেৱা মুকলি কৰিব বুলি জানিব পৰা গৈছে ৷ 5G সেৱা মুকলি অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে জিঅ'ৰ ৰাজ্যিক মুৰব্বীৰ উপৰিও ৰিলায়েঞ্চৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰত ভাৰতী এয়াৰটেলে গুৱাহাটীৰ 5G সেৱা মুকলি কৰিছিল (Airtel 5G in Guwahati)৷ গুৱাহাটীৰ জি এছ ৰোড, গুৱাহাটী মেডিকেল এণ্ড হাস্পতাল (GMCH), দিছপুৰ কলেজ, গণেশগুৰি, খ্ৰীষ্টিয়ান বস্তি, শ্ৰীনগৰ, চিৰিয়াখানা ৰোড, লাচিত নগৰ, উলুবাৰী, ভঙাগড়, বেলতলা আৰু আন কেইবাটাও নিৰ্বাচিত স্থানত এয়াৰটেলৰ 5G Plus সেৱা গ্ৰাহকৰ বাবে মুকলি কৰা হৈছিল ৷

লগতে পঢ়ক: Black Joha Rice Exportation : ৰঙিয়াৰ পৰা হাজাৰ হাজাৰ কুইণ্টল ক’লা জহা ৰপ্তানি হ’ব বিদেশলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.