ETV Bharat / state

Assam BJP President Bhabesh Kalita: ব্যক্তিগত সহায়কৰ প্ৰসংগত বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 26, 2023, 6:11 PM IST

চুপাৰি ছিণ্ডিকেটত বিজেপিৰ ৰাজ্যিক সভাপতিৰ ব্যক্তিগত সহায়ক জড়িত থকাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে, তেওঁৰ কোনো জিতু নামৰ পি এ নাই ৷

Reaction of BJP State President Bhabesh Kalita
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 26 জুলাই : "মোৰ কোনো জিতু নামৰ ব্যক্তিগত সহায়ক নাই ৷" এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ উল্লেখ্য যে, চুপাৰি ছিণ্ডিকেটত বিজেপিৰ ৰাজ্যিক সভাপতিৰ ব্যক্তিগত সহায়ক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাস কাৰ্বি আংলঙৰ চুপাৰি ছিণ্ডিকেট চক্ৰটোৰ লগত জড়িত আছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জিতু দাসক ডিফু আৰক্ষীয়ে তলব কৰিছে ৷ এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে মুখ খুলিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে, তেওঁৰ কোনো জিতু নামৰ পি এ নাই ৷ তেওঁ কয় যে, পূৰ্বতে তেওঁ মন্ত্ৰী আছিল আৰু বৰ্ত্তমান তেওঁ বিধায়ক আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৷ তেওঁৰ কেতিয়াও কোনো জিতু নামৰ ব্যক্তিগত সহায়ক নাছিল ৷ তেওঁ কয় যে, তেওঁৰ ৰোহিত কুমাৰ বৰুৱা নামৰ এজন সহায়ক আছে ৷ জিতু দাস বিজেপিৰ নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে জিতু দাস কোচ ৰাজবংশী সন্মিলনীৰ উপাধ্যক্ষ ৷ জিতু দাসৰ সৈতে তেওঁৰ ফটো থকা সন্দৰ্ভত তেওঁ কয় যে আমাৰ দলত সকলো আহে আৰু আমাৰ কৰ্মকৰ্তাই ফটো উঠে, গামোচা দিয়ে ৷ ইয়াত ক'বলগীয়া একো নাই ৷

তেওঁৰ বিৰুদ্ধে কোনো চক্ৰ উঠি পৰি লাগিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অজ্ঞতা প্ৰকাশ কৰি তেওঁ সংবাদ মাধ্যমকহে নীতিশিক্ষা দিয়ে ৷ তেওঁ কয় যে কোনো এটা বাতৰি পৰিৱেশন কৰাৰ আগত দুয়োপক্ষৰ কথা জানি ল'ব লাগে ৷ মিছা বাতৰি পৰিৱেশন কৰি কাকো জন মানসত হেয় প্ৰতিপন্ন কৰিব নালাগে ৷ তেওঁ লগতে কয় যে মন্ত্ৰীৰহে ব্যক্তিগত সহায়ক থাকে ৷ তেওঁৰ কোনো ব্যক্তিগত সহায়ক নাই, দলৰ কাৰ্যকৰ্তা এজন সহযোগী হিচাপে আছে বুলি তেওঁ কয় ৷ উল্লেখ্য যে বিজেপিৰ অ’ বি চি মৰ্চাৰ পৰা বহিষ্কৃত উপ-সভাপতি লাচিত গগৈ আৰু টাই-আহোম ছাত্ৰ সন্থাৰ পৰা বহিষ্কৃত সভাপতি মিলন বুঢ়াগোহাঁইৰ মাজত চুপাৰি ছিণ্ডিকেটৰ ধনৰ লেনদেনক লৈ হোৱা অডিঅ’ বাৰ্তালাপ ভাইৰেল হোৱাৰ পাছতেই চুপাৰি ছিণ্ডিকেটৰ সৈতে বহুতৰে নাম সাঙোৰ খাই পৰিছে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকে ডিফু থানাত এটা গোচৰ ৰুজু কৰিছে আৰু এই গোচৰৰ ভিত্তিত লাচিত গগৈক কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে এই ঘটনাৰে নাম সাঙোৰ খাই পৰিছে বোকাজানৰ এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক আৰু এটা পৰ্টেলৰ সাংবাদিকৰ নাম ৷

লগতে পঢ়ক : Theft in Assam : DIG বিবেকৰাজ সিঙৰ মোবাইল চুৰিৰ পিচত তৎপৰ অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.