Theft in Assam : DIG বিবেকৰাজ সিঙৰ মোবাইল চুৰিৰ পিচত তৎপৰ অসম আৰক্ষী

By

Published : Jul 26, 2023, 2:24 PM IST

thumbnail

গুৱাহাটী, 26 জুলাই :  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মোবাইল চুৰি গেঙৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আসম আৰক্ষীয়ে । ক্ৰাইম ব্ৰান্স আৰু দৰং আৰক্ষীৰ সহযোগত দৰঙৰ বুঢ়া আৰক্ষী থানাৰ এলেকাত চলোৱা হয় এই অভিযান । অভিযানত 18 টাকৈ চুৰি মোবাইল সহ উবেদুল ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ব্যক্তিজনৰ এখন বাহনো জব্দ কৰে আভিযানকাৰী দলে । 

উবেদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত হাতীগাঁও শ্বাহ নগৰৰ পৰা আন এজন যুৱককো গ্ৰেপ্তাৰ কৰে অসম আৰক্ষী আৰু অপৰাধ শাখাই । গ্ৰেপ্তাৰ কৰা যুৱকজন বৰপেটাৰ চাহিল হুছেইন । সম্প্ৰতি দুয়ো হাতীগাঁও আৰক্ষীৰ জিম্মাত আছে বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, দুদিন পুৰ্বে প্ৰাতঃভ্ৰমণৰ সময়ত অপৰাধ শাখাৰ আৰক্ষী উপ-মহাপৰিদৰ্শক বিবেকৰাজ সিংৰ মবাইল ফোন চিলনি চোৰে থপিয়াই নিছিল । 

এই কাৰ্যই অসম আৰক্ষীক লজ্জানত কৰিছিল । এই ঘটনাৰ পিছতে মহানগৰ আৰক্ষী তৎপৰ হৈ বিভিন্ন স্থানত অভিযান চলোৱা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক : Goalpara NH accident: মৃত্যুদূতত পৰিণত 17 নং ৰাষ্ট্ৰীয় ঘাইপথ; দুজনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.