ETV Bharat / state

শ্ৰী ৰঘূপতিৰ নিৰ্মাণৰ ধন ক'ৰ পৰা আহিছিল ?

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:50 PM IST

Ravi Sharma comments on Shri Raghupati controversy
শ্ৰী ৰঘূপতিৰ নিৰ্মাণৰ ধন ক'ৰ পৰা আহিছিল ?

SI কেলেংকাৰীৰ ধনেৰে নিৰ্মাণ হৈছিল নেকি শ্ৰী ৰঘূপতি ? কিদৰে ধন লৈছিল শ্ৰী ৰঘুপতিৰ নিৰ্মাণৰ বাবে ? সামাজিক মাধ্যমত বিস্ফোৰক মন্তব্য অভিনেতা ৰবি শৰ্মাৰ । কোন মিউজিছিয়ানৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ হুংকাৰ চুপাৰষ্টাৰ ৰবি শৰ্মাৰ ।

শ্ৰী ৰঘূপতিৰ নিৰ্মাণৰ ধন ক'ৰ পৰা আহিছিল ?

গুৱাহাটী,১৬ নৱেম্বৰ: ইতিমধ্যেই ৰবি শৰ্মা অভিনীত ছবি শ্ৰী ৰঘুপতিয়ে দৰ্শকৰ বিপুল সহাৰি লাভ কৰিছে । দৰ্শকৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ছবিখন পুনৰবাৰ ছবি গৃহলৈ অনাৰ চিন্তা-চৰ্চাও কৰিছে প্ৰযোজক গোষ্ঠীয়ে । ইয়াৰ মাজতে সৃষ্টি হৈছে বিতৰ্ক । প্ৰায়সংখ্যকে ছবিখন পুনৰ ছবিগৃহলৈ অহাটো বিচাৰে যদিও বহু লোকে সমালোচনা কৰাও পৰিলক্ষিত হৈছে । বিতৰ্ক-সমালোচনা অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যম যোগে মন্তব্য আগবঢ়াই অভিনেতা ৰবি শৰ্মাই ।

জনপ্ৰিয় অভিনেতাগৰাকীয়ে ছবিখন সম্পৰ্কে চলি থকা এক মন্তব্যৰ ওপৰত আগবঢ়াই গুৰুত্বপূৰ্ণ মন্তব্য় । ছবিখন SI কেলেংকাৰীৰ ধনেৰে নিৰ্মাণ কৰা বুলি একাংশই আৰম্ভ কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি অভিনেতাগৰাকীয়ে কয় যে গৰাকী মিউজিছিয়ানে কেইদিনমান পূৰ্বে ছবি খন SI কেলেংকাৰীৰ ধনেৰে নিৰ্মান কৰা বুলি উল্লেখ কৰিছিল । ৰবি শৰ্মাই কয় যে কেলেংকাৰীৰ টকাৰে ছবি নিৰ্মাণ হ'ব নোৱাৰে । ছবিখন কৰোতে প্ৰযোজকৰ পৰা যি টকাৰ বিনিময় হৈছিল সেয়া বেংক একাউণ্টত লোৱা হৈছিল । তেখেতে টকাটো কৰ পৰা আনিছে সেইটো প্ৰশ্ন কৰাটো তেওঁ দায়িত্ব নহয় বুলি উল্লেখ কৰে ।

লগতে তেওঁ কয় যে, যদি সেয়া সঁচাকৈয়ে SI কেলেংকাৰীৰ ধন, তেনেহলে চৰকাৰে বা আদলতে ব্যৱস্থা গ্ৰহণ কৰিব । মিউজিছিয়ানজনৰ নাম প্ৰকাশ নকৰাকৈ ৰবি শৰ্মাই কয় যে এনেধৰণৰ কথা কওতে অকনমান চিন্তা কৰি ক'ব লাগে । এনে মন্তব্য প্ৰদান কৰা সকলৰ বিৰুদ্ধে ওলোটাই প্ৰযোজকে যদি গোচৰ ৰুজু কৰে তেন্তে তেঁওলোকৰ সংঘাটিক শাস্তি হ'ব । ইয়াৰোপৰি এনেবোৰ বিষয়ত পৰৱৰ্তী সময়ত যদি তেওঁৰ নাম সাঙোৰ খুৱাই মন্তব্য প্ৰদান কৰে তেন্তে সেই মিউজিছিয়ানগৰাকীৰ ওপৰত মানহানি গোচৰ তৰা হ'ব পাৰে বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে প্ৰাপ্ত তথ্য অনুসৰি শ্ৰী ৰঘুপতিৰ সফলতাৰ পিছত এতিয়া শ্ৰী ৰঘুপতিৰ দ্বিতীয়টো সংস্কৰণ নিৰ্মাণৰ যো-জা কৰা হৈছে । লগতে শ্ৰী ৰঘুপতিক পুনৰ এবাৰ মুক্তি দিয়া হ'ব ছবিগৃহত । ২০২৪ চনৰ জানুৱাৰী মাহত ছবিখন আকৌ এবাৰ চিত্ৰগৃহত উপভোগ কৰিবলৈ পাব দৰ্শকে । জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই চলিত নাট্য়বৰ্ষৰ অসমৰ আগশাৰীৰ নাট্যদল তথা নাম ভূমিকাত তেওঁ অভিনয় কৰা হেঙুল থিয়েটাৰৰ নাটকসমূহ উপভোগ কৰিবলৈও আহ্বান জনাই সামাজিক মাধ্যমযোগে ।

লগতে পঢ়ক: ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত 'চেলেঞ্জ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.