ETV Bharat / state

বিজেপিৰ তিনি নেতাক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ

author img

By

Published : Feb 21, 2021, 11:50 AM IST

ৰণজিৎ দাস, ফণী শৰ্মা, দিলীপ শইকীয়াক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ । দলীয় প্ৰাৰ্থিত্ব আৰু অগপৰে আসন বুজাবুজিৰ সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ ধাৰণা ।

ৰণজিৎ দাস
ৰণজিৎ দাস

গুৱাহাটী,২১ ফেব্ৰুৱাৰী: ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, সাংসদ তথা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক জৰুৰীভাৱে দিল্লীলৈ তলৱ কৰিছে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

দিলীপ শইকীয়া
দিলীপ শইকীয়া

যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বিয়লি ততাতৈয়াকে গুৱাহাটীৰ পৰা ইণ্ডিগ' বিমানযোগে সভাপতি ৰঞ্জিৎ দাস আৰু সাংসদ দিলীপ শইকীয়া দিল্লী অভিমুখে উৰা মাৰে । আনহাতে ফণীন্দ্ৰ নাথ শৰ্মা সুকীয়াকৈ ৰাওনা হয় দিল্লীলৈ ।

ফণী শৰ্মা
ফণী শৰ্মা

প্ৰাপ্ত তথ্য মতে, দেওবাৰে সভাপতি নাড্ডাৰ সৈতে তিনিওজনে বৈঠকত মিলিত হ'ব । ধাৰণা কৰা হৈছে যে, দলীয় প্ৰাৰ্থিত্ব আৰু অগপৰে আসন বুজাবুজি সন্দৰ্ভত অনুষ্ঠিত হ'ব এই আলোচনা । দেওবাৰে নিশাৰ ভাগলৈ নাইবা সোমবাৰলৈহে তিনিওজন নেতা গুৱাহাটীলৈ ওভতাৰ কথা ।

লগতে পঢ়ক:বলীন চেতিয়াৰ বিৰুদ্ধে দলীয় কৰ্মীক প্ৰাণে মৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.