Raj Bhavan Siege Programme : ৫ আগষ্টত ৰাজভৱন ঘেৰাও কৰিব কংগ্ৰেছে

author img

By

Published : Aug 2, 2022, 7:32 PM IST

congress
congress ()

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতৃত্বৰ বৈঠক । চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৰাজভৱন ঘেৰাও কাৰ্যসূচী (Raj Bhavan Siege Programme by Assam Congress) । বিজেপি চৰকাৰৰ দ্বাৰা ৰাইজক পোনপটীয়াভাৱে কৰা শোষণ, নিষ্পেষণ আৰু বঞ্চনাৰ বিৰোধ কৰাৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিক ধ্বংস কৰাৰ এই ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান কংগ্ৰেছৰ ।

গুৱাহাটী, ২ আগষ্ট : মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, বানপানীৰ সমস্যা আৰু জি এছ টিৰ বিৰুদ্ধে ৫ আগষ্টত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব (State Congress Raj Bhavan Siege Programme on August 5) । এই কাৰ্যসূচী সন্দৰ্ভত মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয় (Congress leaders meeting at Rajiv Bhaban Guwahati) ।

৫ আগষ্টত ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী প্ৰদেশ কংগ্ৰেছৰ
৫ আগষ্টত ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী প্ৰদেশ কংগ্ৰেছৰ

বৈঠকত বিভিন্ন সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয় । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰ্দিষ্ট কেইজনমান ব্যৱসায়ীক সন্তুষ্ট কৰিবলৈ গৈ দেশত ভয়াৱহ মূল্যবৃদ্ধিত ইন্ধন যোগাইছে (Bhupen Bora alleged Prime Minister for price hike) ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতৃত্বৰ বৈঠক
গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতৃত্বৰ বৈঠক

ফলত সৰ্বসাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতাৰ ঊৰ্ধ্বত আজি সমগ্ৰ দেশজুৰি নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে (Price hike of essential commodities across country) । তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি প্ৰায়ভাগ খাদ্য-সামগ্ৰীতে জি এছ টি (GST) লগাই কৃত্রিম মূল্যবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দিছে । সৰ্বসাধাৰণ ৰাইজে বিশেষকৈ দুখীয়া শ্ৰেণীটোৱে আজি পেট ভৰাই দুসাজ খাদ্যও নিয়মিত খাব পৰা অৱস্থা এটা নোহোৱা হৈছে । পেট্ৰ'ল, ডিজেল, খোৱাতেল, দাইল আদি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এতিয়া ৰাইজৰ সহজলভ্য দৈ, চিৰা, পিঠাগুৰি, গুড়তো বিক্ৰী কৰ আৰোপ কৰা হৈছে ।

ফলস্বৰূপে দুখীয়া ৰাইজেও চৰকাৰক কৰ দিহে খাদ্য-সামগ্ৰী ক্ৰয় কৰিবলগীয়াত পৰিছে । কংগ্ৰেছ দলে চৰকাৰৰ এই জনবিৰোধী নীতিৰ ঘোৰ বিৰোধিতা কৰে । বৰাই লগতে কয় যে বছৰি ২ কোটি নিবনুৱাক চাকৰি দিব বুলি বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি ৰাইজক প্ৰৱঞ্চনা কৰিলে (Congress alleged BJP cheats over give jobs to unemployed) ।

দুই কোটিৰ ঠাইত বছৰি দুই লাখ চাকৰিও কেন্দ্ৰীয় চৰকাৰে দিব পৰা নাই । তেওঁ লগতে কয় যে অসমৰ লক্ষ লক্ষ জনগণক বানপানীয়ে জুৰুলা আৰু সৰ্বস্বান্ত কৰি তুলিছে । প্ৰতিশ্ৰুতি অনুযায়ী বানপানীক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিব নোৱাৰোটো তেওঁলোকৰ এটা অন্যতম ব্যৰ্থতা (government cannot adopt scientific schemes to control floods) ।

আনহাতে, বান ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহায্য় প্ৰদানতো কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰ ব্যৰ্থ হৈছে । কেন্দ্ৰীয় চৰকাৰে অসমৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে ধনৰ আবণ্টন নিদিয়াটো বাস্তৱিকতেই উদ্বেগজনক আৰু গৰিহণাৰ যোগ্য । কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ দ্বাৰা ৰাইজক পোনপটীয়াভাৱে কৰা শোষণ, নিষ্পেষণ আৰু বঞ্চনাৰ বিৰোধ কৰাৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিক ধ্বংস কৰাৰ এই ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ ৰাইজক সজাগ হবলৈ আহবান জনায় ।

তেওঁ কয় যে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৫ আগষ্টত 'ৰাজভৱন' ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । উক্ত কাৰ্যসূচীত কংগ্ৰেছ দলৰ সকলো সাংসদ, বিধায়ক আৰু দলীয় নেতৃবৰ্গৰ লগতে দলীয় সদস্যসকলক অংশগ্ৰহণ কৰিবলৈ তেওঁ আহবান জনায় ।

লগতে পঢ়ক :Jharkhand congress controversy:মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.