ETV Bharat / state

ৰাইজৰ দলে জন্ম দিলে ‘জাতীয় যুৱ বাহিনী’ নামৰ যুৱ সংগঠনৰ

author img

By

Published : Jul 3, 2022, 7:45 PM IST

ৰাজ্যত জন্ম লাভ কৰিলে আৰু এটা যুৱ সংগঠনে ৷ ৰাইজৰ দলৰ ঔৰসত দেওবাৰে জন্ম লাভ কৰা সংগঠনটোৰ নাম জাতীয় যুৱ বাহিনী (Jatiya Yuva Bahini)৷

Jatiya Yuva Bahini
ৰাইজৰ দলে জন্ম দিলে ‘জাতীয় যুৱ বাহিনী’ নামৰ যুৱ সংগঠনৰ

গুৱাহাটী, ৩ জুলাই: মহানগৰীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম প্ৰাংগনত দেওবাৰে ৰাইজৰ দলৰ যুৱ সংগঠনৰ প্ৰথমখন ৰাজ্যিক অভিবৰ্তন অনুস্থিত হয় । উক্ত অভিৱৰ্তনত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনত জাতীয় যুৱ বাহিনী(Jatiya Yuva Bahini) নামে এটা যুৱ সংগঠন গঠন কৰা হয় ।

যুৱ শক্তিক প্ৰাধান্য দি গঠন কৰা এই জাতীয় যুৱ বাহিনীৰ সভাপতি হিচাপে লক্ষ্যজ্যোতি গগৈক(Jatiya Yuva Bahini president) নিৰ্বাচন কৰি এখন ১০১ জনীয়া কমিটি গঠন কৰা হয় । জাতীয় যুৱ বাহিনীৰ লক্ষ্য উদ্দেশ্যৰ কথা সদৰি কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জাতীয় যুৱ বাহিনীয়ে অসমৰ জনসাধাৰণৰ প্ৰতিটো সমস্যাৰ বিষয়ে মাত মাতিব বুলি ব্যক্ত কৰে । তেওঁ কয়, জাতীয় যুৱ বাহিনীয়ে সদায় যুৱ প্ৰজন্মৰ বা যুৱ শক্তিৰ হৈ কাম কৰিব ।

ৰাইজৰ দলে জন্ম দিলে ‘জাতীয় যুৱ বাহিনী’ নামৰ যুৱ সংগঠনৰ

ইফালে ৰাজ্যৰ বান পৰিস্থিতি লৈ কেন্দ্ৰীয় চৰকাৰ উদাসীন বুলি সদৰি কৰি গগৈয়ে কয়, কেন্দ্ৰীয় চৰকাৰে অসমক সদায়েই বৈষম্যৰ দৃষ্টিৰে চাই আহিছে । সেয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰকৃতিক দুৰ্যোগৰ নামত অসমক এতিয়ালৈ এটা টকাও দিয়া নাই । অকল এয়াই নহয়, এই দুৰ্যোগৰ সময়ত এজনো কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ নাহিল । তাৰোপৰি বানত ক্ষতিগ্ৰস্ত লোকৰ সহায়ৰ বাবে SDRF আৰু NDRF ৰ পুঁজিও চৰকাৰে মোকলাই নিদিয়াত আক্ষেপ প্ৰকাশ কৰে (Fund to Assam flood)।

আনহাতে হিতাধিকাৰী সৃষ্টিৰে ক্ষমতাত থকা লক্ষ্য নিৰ্ধাৰণ কৰা বিজেপি চৰকাৰৰ এনে নীতিক চোকা ভাষাৰে সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে কয়, বিজেপি চৰকাৰে হিতাধিকাৰীক এতিয়া দলৰ সদস্য কৰি ল'ব বিচাৰিছে । এয়া বিজেপিৰ অগণতান্ত্ৰিক কামৰ অন্য এক উদাহৰণ ।

লগতে পঢ়ক: বানাক্ৰান্তক খবৰ ল'বলৈ আহি বিজেপিক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.