ETV Bharat / state

Assam CM slams Rahul Gandhi: ৰাহুল‌ গান্ধীক নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত লোক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Mar 31, 2023, 7:31 PM IST

পুনৰ ৰাহুল গান্ধীক তীৰ্যক সমালোচনা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সাংসদ পদ খাৰিজ হোৱা কংগ্ৰেছ নেতাগৰাকীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ৰাহুল গান্ধীয়ে নিজৰ কৰ্মৰ ফল ভোগ কৰিছে (Assam CM slams Rahul Gandhi) ৷

Rahul Gandhi disqualification
Assam CM slams Rahul Gandhi

ৰাহুল‌ গান্ধীক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 31 মাৰ্চ: ‘‘ৰাহুল‌ গান্ধী এগৰাকী নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত লোক ।’’ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাৰ । কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল‌ গান্ধীৰ সাংসদ পদ খাৰিজকলৈ আকৌ এবাৰ‌ মুখ্যমন্ত্ৰী হিমন্ত ‌বিশ্ব শৰ্মাই কৰিলে এনে মন্তব্য । গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাহুল গান্ধীয়ে নিজে 2013 চনত অপৰাধীৰ সাংসদ‌ পদ‌ খাৰিজ কৰা সন্দৰ্ভত তদানীন্তন কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে সংসদত অনা সংশোধনী বিধেয়কখনৰ ৰাজহুৱাভাৱে বিৰোধিতা কৰি ফালি পেলাইছিল । এতিয়া তাৰে ফল ভুগিছে ৰাহুল‌ গান্ধীয়ে (Assam CM slams Rahul Gandhi) ।

তেওঁ লগতে কয় যে, এসময়ত অপৰাধীৰ সাংসদ‌ পদ‌ খাৰিজ কৰা সন্দৰ্ভত দৃঢ়তাৰে থিয় দিয়া বিষয়টোক বিৰোধিতা কৰাৰ‌ বাবে কংগ্ৰেছৰ সভাপতি‌ মল্লিকাৰ্জুন খৰ্গেক ৰাহুল গান্ধীয়ে বিপথে পৰিচালিত কৰিছে । মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘‘মোৰ ৰাজনৈতিক জীৱনত ৰাহুল‌ গান্ধীৰ নিচিনা নৈতিকভাৱে দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক দেখা নাছিলোঁ’’ (Rahul Gandhi disqualified as MP) ।

উল্লেখ্য যে, গুজৰাটৰ চূৰাট আদালতে ‘‘মোদী উপাধি’’ সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰিছিল ৰাহুল গান্ধীক । এটা মানহানি গোচৰত দোষী সাব্যস্ত কৰিছিল কংগ্রেছ নেতাগৰাকীক । মানহানি গোচৰত 2 বছৰৰ বাবে শাস্তি ঘোষণা কৰে আদালতে । অৱশ্যে ইতিমধ্যে ৰাহুল গান্ধীয়ে জামিন লাভ কৰিছে (Himanta Biswa Sarma on Rahul Gandhi) ।

লগতে পঢ়ক: Electricity Tariff in Assam: ২০২৩-২৪ বৰ্ষৰ বাবে কি নিৰিখ ধাৰ্য কৰিলে বিদ্যুৎ নিয়ামক আয়োগে ?

2019 চনত লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপাধিক লৈ এক বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছিল । কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে ‘‘মোদী উপাধি’’ক লৈ বিকৃত মন্তব্য কৰিছিল ৷ এই সন্দৰ্ভত গুজৰাটৰ চূৰাটৰ আদালতত এক গোচৰ ৰুজু হৈছিল । এই গোচৰৰ চূড়ান্ত শুনানি প্ৰদান কৰিছিল চূৰাটৰ আদালতে । তাৰ‌ পিচত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিছ কৰা‌ হৈছিল (Assam CM remarks to Rahul Gandhi)।

ইপিনে কংগ্ৰেছৰ ভিতৰৰ‌ খবৰ গম পোৱা‌ বুলি‌ এদিন পূৰ্বে এক কথা‌ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিধানসভাত ব্যক্ত কৰা কথাষাৰৰ‌ সম্পৰ্কত সাংবাদিকৰ আগত কয়, ‘22 বছৰ কংগ্ৰেছত আছিলোঁ, সেয়ে দুজনে কথা পাতিলে কংগ্ৰেছত কি হৈছে মই গম পাই যাওঁ ৷’’ মনকৰিবলগীয়া যে, ইয়াকে লৈ সদনৰ মজিয়া‌ উত্তাল‌ হৈছিল । পিচত মুখ্যমন্ত্ৰীয়ে বিধানসভাত এই কথাষাৰ‌ উঠাই লয় যদিও কংগ্ৰেছৰ বিধায়নী‌ দলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই‌ মন্তব্যৰ বাবে বিশেষ অধিকাৰ ভংগৰ অভিযোগ দিছে (Rahul Gandhi disqualification) ।

লগতে পঢ়ক: Spy in APCC: কংগ্ৰেছৰ ভিতৰৰ খবৰ পায় মুখ্যমন্ত্ৰীয়ে; ড৹ শৰ্মাৰ অভিযোগকলৈ সৰব কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.