ETV Bharat / state

Protest at Chachal: উচ্ছেদ স্বত্বেও কিয় বানমুক্ত নহ’ল গুৱাহাটী: প্ৰশ্ন ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 4:53 PM IST

শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ প্ৰতিবাদ ৷ উচ্ছেদিত পৰিয়ালসমূহক শীঘ্ৰে পুনৰ সংস্থাপনৰ দাবীত আজি চচলত প্ৰতিবাদ সাব্যস্ত কৰে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ ৷ অন্যথা পুনৰ বেদখলমুক্ত অঞ্চলত বসবাস কৰাৰ হুংকাৰ ৰাইজৰ ৷

Protest at Chachal
উচ্ছেদ কৰা হ’ল তথাপিও গুৱাহাটী কিয় বানমুক্ত নহ’ল

উচ্ছেদ কৰা হ’ল তথাপিও গুৱাহাটী কিয় বানমুক্ত নহ’ল

গুৱাহাটী, 19 অক্টোবৰ : গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থতে শিলসাঁকোত উচ্ছেদ কৰিছিল প্ৰশাসনে ৷ উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদানৰ কথাও ঘোষণা কৰিছিল চৰকাৰে ৷ কিন্তু উচ্ছেদিত লোকক ক্ষতিপূৰণ প্ৰদানতো অনিয়মৰ অভিযোগ তুলি বৃহস্পতিবাৰে শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজ আৰু উচ্ছেদিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক পুনৰসংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উচ্ছেদিত ৰাইজে । আজি পর্যন্ত চৰকাৰৰ ফালৰ পৰা উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা প্ৰদান নকৰাৰ অভিযোগ তুলিলে প্ৰতিবাদকাৰীসকলে ৷

শিলসাঁকোৰ পাৰত উচ্ছেদ কৰা প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰে পুনৰসংস্থাপনৰ ব্যৱস্থা কৰা আৰু যথোপযুক্ত ক্ষতিপূৰ্ণ প্ৰদান কৰা, শিলসাঁকোৰ উচ্ছেদিত লোকৰ বাবে চৰকাৰে ধাৰ্য কৰা ক্ষতিপূৰণ বৃদ্ধি কৰা, উচ্ছেদ কৰা কিমান পৰিয়ালক বৰ্তমান সময়লৈকে বিভাগীয় কর্তৃপক্ষৰ জৰিয়তে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়া হ'ল সেই তথ্য ৰাজহুৱা কৰা আদিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

উচ্ছেদিত প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক অতি শীঘ্ৰে শিলসাঁকোৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নাইবা গুৱাহাটী চহৰৰ ভিতৰত এক কঠা পাঁচ লেচা ভূমি প্ৰদান কৰি পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে কৰে প্ৰতিবাদকাৰীয়ে । উল্লেখ্য যে, অতি শীঘ্ৰে উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে শিলসাঁকোৰ উচ্ছেদিত ভূমিত থলুৱা খিলঞ্জীয়া উচ্ছেদিতসকলে পুনৰ ঘৰ নিৰ্মাণ কৰিব বুলি প্ৰতিবাদী ৰাইজে হুংকাৰ প্ৰদান কৰে ৷

‘‘শেহতীয়াকৈ এজাক বৰষুণতে গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ পাচত মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিলে সেয়া গৰিহণাৰ যোগ্য ৷ উচ্ছেদৰ পাচতো যদি গুৱাহাটী বানমুক্ত হোৱাই নাই তেন্তে শিলসাঁকোত উচ্ছেদ কৰি কি লাভ হ’ল ৷’’ এই প্ৰশ্ন প্ৰতিবাদকাৰীৰ ৷

লগতে পঢ়ক:Drugs seized: খানাপাৰাত পুনৰ STF ৰ অভিযান, চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.