KAAC and BTC election 2022 : ৮ জুনত চৰকাৰী বন্ধ ঘোষণা

author img

By

Published : Jun 2, 2022, 11:32 AM IST

৮ জুনত চৰকাৰী বন্ধ ঘোষণা

৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু বিটিচিৰ ককলাবাৰী সমষ্টিৰ উপ নিৰ্বাচন (KAAC and BTC election 2022) অনুষ্ঠিত হ’ব । সাধাৰণ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনা মতে, উক্ত দিনা অঞ্চল কেইটাৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান তথা বেংক, চাহ বাগিছা, আৰু উদ্যোগিক আদিকে কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ।

গুৱাহাটী, ২ জুন : ৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । লগতে অনুষ্ঠিত হ'ব বিটিচিৰ অন্তৰ্গত ২২ নং ককলাবাৰী সমষ্টিৰ উপ নিৰ্বাচন । ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ আৰু বিটিচিৰ এটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৮ জুনত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে (Public holiday declared due to KAAC and BTC election)।

প্ৰশাসনে জাৰি কৰা জাননী অনুসৰি, উক্ত দিনত কাৰ্বি আংলং আৰু বিটিচিৰ অন্তৰ্গত ২২ নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত বন্ধ ঘোষণা কৰা হৈছে । সাধাৰণ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনা মতে, উক্ত দিনা অঞ্চল কেইটাৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান তথা বেংক, চাহ বাগিছা, আৰু উদ্যোগিক আদিকে কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ।

৮ জুনত চৰকাৰী বন্ধ ঘোষণা
৮ জুনত চৰকাৰী বন্ধ ঘোষণা

উল্লেখ্য যে, ৮ জুনৰ পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ৭,০৩,২৯৮ গৰাকী । ইয়াৰে ৩,৫৫,৫০৩ জন পুৰুষ, ৩,৪৭,৭৯০ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । আনহাতে, মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯০৬ টা । ১২ জুনত অনুষ্ঠিত হ'ব ভোট গণনা ।

ইফালে উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ বাক্সা জিলাৰ ককলাবাৰী সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ৭২,৪১৬ গৰাকী । ইয়াৰে ৩৫,৭৫৬ জন পুৰুষ, ৩৬,৬৬০ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ । মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯৭ টা ।

লগতে পঢ়ক : ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি 11 টাকৈ বহিঃবিভাগ‌ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.