ETV Bharat / state

কৃষকৰ সমস্যা পূৰণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Sep 3, 2022, 12:17 PM IST

Updated : Sep 3, 2022, 3:25 PM IST

অসমক খৰাংপীড়িত ৰাজ্য হিচাবে ঘোষণা কৰা, ক্ষতিগ্ৰস্ত কৃষকক উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু প্ৰতিডৰা খেতিপথাৰত জলসিঞ্চন ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদী বিক্ষোভ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (protest by Krishak Mukti Sangram Samiti) ।

KMSS
KMSS

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : অসমক খৰাংপীড়িত ৰাজ্য হিচাবে ঘোষণা কৰা (Declaring Assam as a drought hit state),ক্ষতিগ্ৰস্ত কৃষকক উপযুক্ত ক্ষতিপূৰণ দিয়া (suitable compensation to affected farmers) আৰু প্ৰতিডৰা খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত (Demand for irrigation facilities in fields) প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (protest by Krishak Mukti Sangram Samiti) ।

কৃষকৰ সমস্যা পূৰণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ৰাজ্যৰ খৰাংপীড়িত কৃষকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীৰে কৰা হয় এই প্ৰতিবাদ । জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত এই দাবীসমূহক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (protest at irrigation office by KMSS) । বিজেপি চৰকাৰ হায় হায় , অসম পুলিচ হায় হায়, জলসিঞ্চনৰ কেলেংকাৰী বন্ধ কৰক, জলসিঞ্চনৰ বৃহত কেলেংকাৰীৰ চি বি আই তদন্ত কৰক, জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰক তদন্তৰ আওতালৈ আনক আদি শ্লোগান দি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মুখ্য অভিযন্তাৰ কাৰ্যালয়লৈ আগবাঢ়ে ।

কিন্তু কাৰ্যালয়ৰ দুৱাৰমুখ আহি নৌপাওঁতেই আৰক্ষীয়ে আগভেটি ধৰে প্ৰতিবাদকাৰীসকলক । ফলত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ । আনহাতে, প্ৰতিবাদকাৰীক চোঁচৰাই-বগৰাই বাছত তোলে আৰক্ষীয়ে । উল্লেখ্য, প্ৰতিবাদকাৰীসকলৰ মাজত আছিল মহিলা প্ৰতিবাদকাৰীও । কিন্তু মহিলা প্ৰতিবাদকাৰীকো চোঁচৰাই-বগৰাই বাছত তোলে ।

কিন্তু বাছত তুলি লৈ যোৱাৰ পিছতো দমন কৰিব নোৱাৰে প্ৰতিবাদকাৰীক । আদবাটতে বাছৰ পৰা নামি পুনৰ ৰাজপথৰ মাজত বাগৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে । পুৰুষ-মহিলা উভয়ে ৰাজপথ অৱৰোধ কৰি মাটিত বাগৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :Jonai mob lynching case: জোনাই গণহত্যা কাণ্ডৰ প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ

Last Updated :Sep 3, 2022, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.