ETV Bharat / state

Protest Against Liquor Shop : প্ৰতীকি ৰূপত মুখ্যমন্ত্রীক পিন্ধালে সুৰাৰ বটলৰ মালা; মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jul 7, 2023, 5:39 PM IST

Protest Against Liquor Shop
Protest Against Liquor Shop

নতুনকৈ সুৰাৰ বিপণীৰ অনুজ্ঞা-পত্ৰ দিয়াৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ । ২০০০ চৰকাৰী বিদ্যালয় বন্ধ কৰি নতুনকৈ ২০০০ সুৰাৰ বিপণীৰ অনুজ্ঞা-পত্ৰ দিয়াৰ তীব্ৰ বিৰোধিতা । শীঘ্ৰেই সুৰাৰ অনুজ্ঞা-পত্ৰ দিয়াৰ সিদ্ধান্ত বাতিলৰ দাবী । ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ ।

সুৰাৰ বিপণী বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ মহিলা কংগ্ৰেছৰ

গুৱাহাটী, ৭ জুলাই : কোনো কাৰণতে অসমত মদৰ দোকানৰ সংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ'ব । এই হুংকাৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ । ৰাজ্যত নতুনকৈ দুই হাজাৰ সুৰাৰ বিপণী খোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছ । শুকুৰবাৰে প্ৰদেশ মহিলা কংগ্ৰেছে মদৰ দোকানৰ অনুজ্ঞা-পত্ৰ পুনৰ বৃদ্ধি কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সদস্যাসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক 'শকুনি মামা' আখ্যা দি প্ৰতিবাদকাৰীসকলে চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে । আনহাতে, প্ৰদেশ মহিলা কংগ্ৰেছে প্ৰতীকী ৰূপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সুৰাৰ বটলৰ মালা পিন্ধাই ব্যংগাত্মকভাৱে সমালোচনা কৰে । সংবাদ মাধ্যমৰ আগত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় যে যুৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব । চৰকাৰে ৰাহজ লাভৰ বাবে ৰাজ্যজুৰি সুৰাৰ বন্যা বোৱাব বিচাৰিছে ।

ইতিমধ্যে অসম আবকাৰী বিধি, ২০১৬-ৰ সংশোধনী ঘটাই ৩০ জুনত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰা হৈছে । সেই অনুসৰি গাওঁ পঞ্চায়ত, টাউন কমিটী, পৌৰসভা এলেকাসমূহত সুৰাৰ দোকানৰ বাবে নিবিদা জাননী জাৰি কৰিব জিলা উপায়ুক্তসকলে । বাছনি প্ৰক্ৰিয়াৰ দায়িত্ব জিলা উপায়ুক্তৰ হাততে ন্যস্ত কৰা হৈছে । তাৰ ভিত্তিত অনুজ্ঞা-পত্ৰ দিব আবকাৰী আয়ুক্তই । ৰাজ্যত নতুনকৈ আৰু দুই হাজাৰ মদৰ দোকান খোলাৰ অনুমতি দিয়া হ'ব । মুঠতে নৱপ্ৰজন্মক ধবংসৰ মুখলৈ ঠেলি দি হ'লেও চৰকাৰক ৰাজহ লাগে ।

চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ চৰকাৰক মদৰ দোকানৰ অনুজ্ঞা-পত্র দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈও দাবী জনায় । তেওঁ কয় যে চৰকাৰে দুই হাজাৰখন বিদ্যালয় বন্ধ কৰি দুই হাজাৰ মদৰ দোকান খুলিব বিচাৰিছে । ইফালে প্ৰতিবাদকাৰীসকল ৰাজীৱ ভৱনৰ পৰা ৰাজপথলৈ ওলাই অহাত কিছু সময়ৰ বাবে জি এছ ৰোডত ব্যাপক যান-জঁটৰ সৃষ্টি হয় ।

লগতে পঢ়ক :Assam govt liquor policy : ৰাজ্যক সুৰা মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.