ETV Bharat / state

Assam govt liquor policy : ৰাজ্যক সুৰা মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দাবী ৰাইজৰ দলৰ

author img

By

Published : Jul 7, 2023, 12:28 PM IST

New liquor policy in Assam
সুৰা নীতিক লৈ সৰৱ ৰাইজৰ দল

ৰাজ্য চৰকাৰ নতুন সুৰা নীতিক লৈ সৰৱ ৰাইজৰ দল ৷ ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা প্ৰবীন কুমাৰ দাসৰ ৷

ৰাজ্য চৰকাৰক সমালোচনা ৰাইজৰ দলৰ প্ৰবীন কুমাৰ দাসৰ

যোৰহাট, 7 জুলাই : ৰাজ্য চৰকাৰৰ সুৰা নীতিৰ বিৰুদ্ধে এইবাৰ সোচ্চাৰ হ’ল ৰাইজৰ দল ৷ নতুন সুৰা নীতিয়ে অসমৰ সমাজ ব্যৱস্থা আৰু কলা-সংস্কৃতি নিঃশেষ কৰিব বুলি আশংকা প্ৰকাশ কৰে দলটোৱে । ৰাজ্যত সুৰাৰ দাম বৃদ্ধি আৰু সুৰা নীতিৰ বিৰুদ্ধে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা প্ৰবীন কুমাৰ দাসে ।

বিদেশৰ শ্বপিং মলবোৰত নিশাৰ ভাগলৈ মদ উপলব্ধ হোৱাৰ বাবেই ৰাজ্যতো তেনে ব্যৱস্থা আৰম্ভ কৰিবলৈ বিচৰা সন্দৰ্ভত ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ৷ ৰাজকোষৰ ধন খৰচ কৰি বিদেশ ভ্ৰমণলৈ গৈ ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলে কৰ্ম-সংস্কৃতিৰ পৰিিৱৰ্তে সুৰা-সংস্কৃতিহে প্ৰত্যক্ষ কৰে নেকি বুলিও চৰকাৰখনক কটাক্ষ কৰে প্ৰবীন কুমাৰ দাসে । কেৱল অৰ্থৰ বাবে ৰাজ্যত মদৰ পয়োভৰ বৃদ্ধিৰ বাবে বিভিন্ন আঁচনিৰ সমান্তৰালভাৱে এলক’হ’লযুক্ত চকলেটৰ প্ৰচলন বৃদ্ধিত গুৰুত্ব চৰকাখনক ধিক্কাৰ জনায় দলটোৱে ৷ চৰকাৰৰ সুৰা নীতিৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিবলৈ ৰাইজলৈ আহ্বান জনালে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা প্ৰবিন কুমাৰ দাসে ।

ৰাইজ চৰকাৰে সুৰা নীতিৰে ৰাজ্য চলোৱাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰি ৰাজ্যখনক পৃথিৱীৰ ভিতৰতে এক নম্বৰ সুৰা ৰাজ্য হিচাপে প্ৰতিষ্ঠিিত কৰিব বিচাৰিছে বুলি কয় দলটোৱে । আনহাতে শিক্ষা বিভাগৰ দৰে পৱিত্ৰ বৃত্তিৰ বিভাগীয় মন্ত্ৰীৰ দায়িত্বত থাকি সুৰা সন্দৰ্ভত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি কয় শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি, শিক্ষকৰ মগজুত মাল নাই বুলি শিক্ষক সমাজৰ প্ৰতি কৰা তুচ্ছ তাচ্ছিল্যকো সমালোচনা কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ।

ৰাজ্য চৰকাৰৰ সুৰা নীতিয়ে সমগ্ৰ ৰাজ্যৰ যুৱ প্ৰজন্মক ধবংসৰ গৰাহলৈ লৈ যাব বুলি আশংকা প্ৰকাশ কৰাৰ লগতে সুৰা মুক্ত ৰাজ্য হিচাপে আঁচনি গ্ৰহণ কৰিবলৈ চৰকাৰলৈ উত্থাপন কৰে ৷

লগতে পঢ়ক : Arms laying down ceremony : অন্ত পৰিল 18 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.